পুনৰ কংগ্ৰেছলৈ সিন্ধিয়া ?

Share This Article

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই এক আলোচনাত অংশ লৈ কয় যে তেওঁৰ কংগ্ৰেছ নেতা কমল নাথ অথবা দ্বিগবিজয় সিঙৰ ওপৰত অলপো ক্ষোভ নাই।তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰো সপোন দেখা নাই।তেওঁ মাত্ৰ মধ্য প্ৰদেশৰ উন্নতি বিচাৰে।পঞ্চায়ত আজটক নামৰ এক অনুষ্ঠানত অংশ লৈ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।তেওঁ কেতিয়াও নিজকে মুখ্যমন্ত্ৰিত্বৰ প্ৰাৰ্থী হিচাপে ভৱা নাই বুলি উল্লেখ কৰি কয় ‘ মই কেতিয়াও মুখ্যমন্ত্ৰীৰ দৌৰত নায়েই।মই আগতেও নাছিলোঁ আৰু এতিয়াও মই মুখ্যমন্ত্ৰীৰ দৌৰত নাই।’তেওঁ লগতে কয় ‘ মই ২০১৮ চনৰ নিৰ্বাচনত যথেষ্ট কষ্ট কৰিছিলোঁ৷ফলাফল ঘোষণা হোৱাৰ পিছত ,কংগ্ৰেছ হাইকামাণ্ডে জনাইছিল যে কমল নাথক তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব বিচাৰিছে ।ময়ো সেই সিদ্ধান্তত সন্মতি জনাইছিলোঁ।কিন্তু মই কেতিয়াও মুখ্যমন্ত্ৰী হ’ম বুলি আশা কৰা নাছিলোঁ আৰু এতিয়াও আশা কৰা নাই।’ তেওঁ কংগ্ৰেছ কিয় ত্যাগ কৰিলে তাৰো কাৰণ জনালে৷২০২০ চনৰ মাৰ্চত তেওঁ আন ২২ গৰাকী সতীৰ্থ বিধায়কক লৈ কংগ্ৰেছ ত্যাগ কৰিছিল।তেওঁৰ মতে ‘মিছা আৰু লুটপাত’ৰ বাবে তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল।তেওঁ কয় ‘ সকলো সপোন আৰু আশা ভাঙি চূৰমাৰ হৈছিল।যিবোৰ প্ৰতিশ্ৰুতি দিছিল,সেইবোৰ ৰক্ষা কৰাত ব্যৰ্থ হৈছিল কংগ্ৰেছ।মই প্ৰতিবাদ কৰিবলৈ ৰাস্তাত নামিবলগীয়া হোৱাৰ দৰে পৰিস্থিতি হৈছিল।’ইয়াৰ পিছতেই তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।লগে লগে কমল নাথৰ চৰকাৰ ভংগ হৈছিল আৰু শিৱৰাজ সিঙৰ নেতৃত্বত গঠন হৈছিল বিজেপিৰ চৰকাৰ।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সিন্ধিয়াৰ বিজেপিত কোনো গুৰুত্ব নাই বুলি কৰা দাবী সম্পৰ্কত সোধাত তেওঁ কয় ‘ মই মন্তব্য নিদিওঁ।কিন্তু কংগ্ৰেছ নেতাগৰাকীক তেওঁৰ মন্তব্যৰ বাবে ধন্যবাদ দিছোঁ।’তেওঁ লগতে কয় ‘ মই বিৰাট কোহলী আৰু বীৰেন্দ্ৰ সেহৱাগৰ দৰে খেলি ভাল পাওঁ।মই যদি কোহলী আৰু সেহৱাগৰ দৰে নেখেলিলোঁহেতেন,২০২০ চনত বিজেপিয়ে মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন !’বিজেপিত যোগ্যজনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।কাৰো অনুৰোধ ৰক্ষা কৰি বিজেপিত টিকেট দিয়া নহয়।কিন্তু কংগ্ৰেছে খাটিৰত প্ৰাৰ্থিত্ব দিয়া হয়।উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ পুত্ৰ জ্যোতিৰাদিত্য সিন্ধিয়া ৰাহুল গান্ধীৰ অত্যন্ত ঘনিষ্ঠ আছিল।বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পিছতো জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।মধ্য প্ৰদেশত অহা নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।মুঠ ২৩০ খন আসন আছে মধ্য প্ৰদেশ বিধানসভাত।মধ্য প্ৰদেশত মুঠ ২৯ খন লোকসভাৰ আসন আছে আৰু তাৰে ২৮ খনেই আছে বিজেপিৰ দখলতএইবাৰ মধ্য প্ৰদেশৰ পৰিস্থিতি ওলোটা।সকলো ঠিক চলা নাই মধ্য প্ৰদেশত।কংগ্ৰেছে বৰ্তমান শিৱৰাজ সিং চৌহানে দিয়া ১০০০ টকীয়া চিলিণ্ডাৰ পুনৰ শাসনলৈ আহিলে ৪৫০ টকাত দিব বুলি প্ৰতিশ্ৰুতি দিছে।কংগ্ৰেছে আকৌ নিৰ্বাচনত জয়ী হ’লে চিলিণ্ডাৰ ৫০০ টকাত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপিৰ প্ৰতিশ্ৰুতিক কটাক্ষ কৰি কংগ্ৰেছে কয় যে বিজেপিৰ যদি জনতাক সকাহ দিয়াৰ উদ্দেশ্য থাকিলেহেঁতেন তেন্তে শিৱৰাজ সিঙে এতিয়াই সেই দাম হ্ৰাস কৰিব পাৰিলেহেঁতেন !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.