স্থবিৰ হ’ব নেকি মিড্ ডে মিল, স্মাৰ্ট চিটী আঁচনিৰ লগতে বহু কেন্দ্ৰীয় আঁচনিৰ কাম!

Share This Article

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ অৰ্থব্যৱস্থাত যথেষ্ট পৰিমাণে নেতিবাচক প্ৰভাৱ পৰিছে। ফলত চৰকাৰী বহু আঁচনিত বাধা আৰোপৰ সম্ভাৱনা আহি পৰিছে। প্ৰকৃতপক্ষে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুদান দিয়া আঁচনিসমূহৰ খৰচ বহন ৬:৪ অনুপাতত নিৰ্ধাৰণ কৰা হৈছ । অৰ্থাত্ কেন্দ্ৰৰ আঁচনিসমূহত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শতাংশ খৰচ বহন কৰিব লাগিব। কিন্তু ৰাজ্যসমূহৰ অৰ্থনৈতিক পৰিকাঠামো অতি দুৰ্বল হৈ পৰিছে। লক্ ডাউনৰ ফলত প্ৰায় ৮০শতাংশ পৰ্যন্ত ৰাজহ সংগ্ৰহ হ্ৰাস পাইছে। কেইবাখনো ৰাজ্যই সেয়ে কেন্দ্ৰীয় আঁচনিসমূহৰ তহবিলৰ ক্ষেত্ৰত দিব পৰাকৈ ৰাজ্যসমূহৰ অৰ্থযোগানৰ সক্ষমতা নাই বুলিও কৈছে। ফলত নেশ্যনেল হেল্থ মিশ্যন, নেশ্যনেল এডুকেশ্যন মিশ্যন, স্বচ্ছ ভাৰত অভিযান, মিড ডে মিল যোজনা, স্মাৰ্ট চিটী যোজনা, PMGSY, আদি আঁচনিসমূহৰ কাম স্থবিৰ হোৱাৰ সম্ভাৱনা অধিক দেখা দিছে।
নিয়ম অনুসাৰে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে প্ৰযোজনা কৰা আঁচনিসমূহৰ ক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰে ধন দিলেও ৰাজ্য চৰকাৰৰ নিজা অংশ জমা নিদিয়ালৈকে ৰাজ্য চৰকাৰে খৰচ কৰিব নোৱাৰে । সেয়ে এনে তথৈবচ পৰিস্থিতিত কেইবাখনো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে যে কেন্দ্ৰই যোগান ধৰা ধনৰ পৰাই আঁচনিসমূহত খৰচ কৰিবলৈ অনুমতি যাতে দিয়ে।
কেন্দ্ৰীয় ব্যয় সচিব টি বি সোমনাথনে প্ৰকাশ কৰি কয় যে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ব্যয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যয়ৰ শিথিলতাৰ সন্দৰ্ভত কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।
আনহাতে প্ৰকাশিত খবৰ অনুসৰি এখন ৰাজ্যৰ অধিকাৰীয়ে কেন্দ্ৰলৈ জনাইছে অন্য এটা আহ্বান। কেন্দ্ৰৰ দ্বাৰা প্ৰযোজ্য আঁচনিসমূহত ১০০শতাংশ অনুদান দিবলৈ কেন্দ্ৰক জনাইছে অনুৰোধ। তেওঁ কয় যে বৰ্তমানে ৰাজ্যসমূহে নিজৰ ৰাজ্যত ক’ৰোনাৰ বিৰুদ্ধে অৰ্থনৈতিকভাৱে সংগ্ৰাম কৰিবলগীয়া হৈছে। সেয়ে কেন্দ্ৰই অন্য আঁচনি বা যোজনা সমূহত গুৰুত্ব প্ৰদান কৰি সহায় কৰক ৰাজ্য চৰকাৰক। অৱশ্যে ৯:১ অনুদানৰ অনুপাত থকা ৰাজ্যসমূহে এই দুৰ্ভোগ ভুগিব লগীয়া নহয়। কাৰণ, সেইসমূহ ৰাজ্যত কেন্দ্ৰই ৯০শতাংশ অৰ্থ নিজে যোগান ধৰে। ১০ শতাংশহে ৰাজ্য চৰকাৰে বহন কৰিবলগীয়া হয়। এনেবোৰ কথাই এতিয়া বিশেষ তাত্পৰ্য বহন কৰিছে দেশত।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.