সলনি হ’ব সোণৰ খনিৰ ৰাজ্য কৰ্ণাটক !

Share This Article

কৰ্ণাটকত শাসনৰ বাঘজৰী লোৱাৰ পিছৰে পৰা ছিদ্দাৰামায়া নেতৃত্বাাধীন কংগ্ৰেছ চৰকাৰখন বিভিন্ন ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ পৰিছে।বিজেপি চৰকাৰৰ দিনত গ্ৰহণ কৰা প্ৰায়বোৰ সিদ্ধান্তই সলনি কৰিছে কংগ্ৰেছে।বৃহস্পতিবাৰে ছিদ্দাৰামায়া কেবিনেটে বিজেপি চৰকাৰে গ্ৰহণ কৰা ধৰ্মান্তকৰণ বিৰোধী আইনখন বাতিল কৰে।তদুপৰি বিজেপি চৰকাৰে প্ৰবৰ্তন কৰা প্ৰায়বোৰ আইনেই পুনৰীক্ষণ কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।বুৰঞ্জীৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতো নতুন সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে।ৰাজ্যিক আইন মন্ত্ৰী এইছ কে পাটিলে কয় যে কৃষিজাত সামগ্ৰীৰ বজাৰৰ ক্ষেত্ৰত থকা আইনৰো সংশোধনী কৰিব বৰ্তমানৰ চৰকাৰে।

বিগত মে’ মাহত এক অধ্যাদেশৰ জৰিয়তে ধৰ্মান্তকৰণ সম্পৰ্কত এক নতুন নিয়ম বলবৎ কৰিছিল তেতিয়াৰ বিজেপি চৰকাৰে।অৱশ্যে কংগ্ৰেছে এই আইনৰ বিৰোধিতা কৰিছিল কাৰণ কংগ্ৰেছৰ মতে ই সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি চলোৱাত প্ৰত্যক্ষভাৱে সহযোগিতা কৰিব।তেতিয়াৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ছিদ্দাৰামায়াই কৈছিল ‘আমাৰ আইনত যিকোনো লোকক লোভনীয় অফাৰ দি ধৰ্মান্তৰিত কৰিব বিচাৰিলে তাক বাধা প্ৰদানৰ ব্যৱস্থা আছে।’আনকি বিগত বৰ্ষত বহুতবোৰ খ্ৰীষ্টান ধৰ্মীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ কাষ চাপিছিল।তেওঁলোকে যুক্তি দৰ্শাইছিল যে সংবিধানে প্ৰদান কৰা অধিকাৰ এই অধ্যাদেশৰ জৰিয়তে খৰ্ব হ’ব।
আইন মন্ত্ৰী পাটিলে লগতে কয় যে বিদ্যালয়ৰ ইতিহাসৰ পাঠ্যক্ৰমৰ পৰা ভি ডি চাভৰকাৰ,কে বি হেডগেৱাৰৰ সম্পৰ্কত থকা পাঠসমূহ আঁতৰ কৰা হ’ব।উল্লেখ্য যে এই পাঠ বিগত বৰ্ষত সংযোজন ঘটাইছিল বিজেপি চৰকাৰে।তদুপৰি সংবিধানৰ প্ৰস্তাৱনা বিদ্যালয়ৰ পাঠ্যক্ৰমত বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ছিদ্দাৰামায়া নেতৃত্বাাধীন চৰকাৰখনে।উল্লেখ্য যে ধৰ্মীয় গোড়ামি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ কঠীয়া সিঁচি কৰ্ণাটকত বিগত নিৰ্বাচনত ভয়ংকৰ পৰাজয়ৰ সন্মুখীন হ’ল বিজেপি।ৰাজ্যখনৰ মুঠ ২২৪ খন আসনৰ ৬৬ খনতেই মোডী নেতৃত্বাধীন বিজেপিৰ ৰথৰ চকা স্তব্ধ হৈ পৰিছিল।তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল অপ্ৰত্যাশিত আসনেৰে বৃহৎ জয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.