সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো

Share This Article

দেশব্যাপী চলা দুমাহযোৰা লকডাউনৰ মাজত দেশৰ প্ৰবজিত শ্ৰমিকৰ অৱস্থা খুবেই সংকটজনক। প্ৰতিদিনেই শ্ৰমিকৰ দুৰাৱস্থাৰ নিত্য নতুন খবৰ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ আপোন ঘৰলৈ খোজকাঢ়ি অহা বহু শ্ৰমিকৰ প্ৰাণ গৈছে ৰাস্তােতই। দৰমহা অনিশ্চিত, খাদ্য অনিশ্চিত, অনিশ্চিত বাসস্থানৰ নিৰাপত্তা। তাৰ মাজতেই প্ৰব্ৰজিত শ্ৰমিকৰ দুৰাৱস্থাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে একহাত ললে শিৱসেনাৰ নেতা ৰাজ্য়সভাৰ সাংসদ সঞ্জয় ৰাউতে।
শিৱসেনাৰ মুখপাত্ৰ সামনাৰ সম্পাদকীয়ত যোগী আদিত্য়নাথৰ বিৰুদ্ধে এই কঠোৰ বাক্যবাণ সাংসদ সঞ্জয় ৰাউতৰ।সঞ্জয় ৰাউতে লিখিছে- এসময়ত এড্লফ হিটলাৰে ইহু়দীসকলৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰৰ কথা পৃথিৱীৰ সকলো মানুহে জানে। কৰোনা মহামাৰীৰ সময়ত সেই একেধৰণৰ নিৰ্দয়তা দেখুৱাইছে যোগী আদিত্য়নাথ চৰকাৰে। লকডাউনৰ ফলত দেশৰ বিভিন্ন স্থানৰ পৰা উত্তৰপ্ৰদেশলৈ ঘুৰি অহা শ্ৰমিকসকলক নিজৰ স্থানলৈ নিৰাপদে স্থানান্তৰিত কৰিব পৰা নাই । চৰম ব্যংগ কৰি সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.