সংগীহীন হ’ল ব্ৰীজভূষণ !

Share This Article

ইণ্ডিয়ান অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই বুধবাৰে দিল্লীৰ যন্তৰমন্তৰত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধা সকলক সাক্ষাৎ কৰে৷সাক্ষাতৰ সময়চোৱাত তেওঁ বজৰং পূৰ্ণিয়া,সাক্ষী মালিক,বিনেশ ফ’গ’ট কে ধৰি আন সকলো মল্লযোদ্ধাৰ লগত মতবিনিময় কৰে।উল্লেখ্য যে ৰেষ্টলিং ফেডাৰেশ্যনৰ মূৰব্বী ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে মহিলা মল্লযোদ্ধাই।বিগত ১১দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে মল্লযোদ্ধাসকলে।ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই বিগত ১১দিন মল্লযোদ্ধা সকলৰ ওচৰত ঠিয় হ’বলৈ সময় পোৱা নাছিল যাৰবাবে তেওঁ তীক্ষ্ণভাৱে সমালোচিত হৈছিল।১১দিনৰ পিছত যন্তৰমন্তৰত মল্লযোদ্ধাক সাক্ষাৎ কৰিবলৈ অহা পি টি উষাই কিন্তু সাংবাদিকৰ আগত মুখ নুখুলিলে।পি টি উষাৰ হৈ সংবাদ মাধ্যমত মন্তব্য কৰি বজৰং পূৰ্ণিয়াই কয় ‘ পি টি উষাই তেওঁৰ মন্তব্যৰ অপব্যাখ্যা হোৱা বুলি নিজেই কৈছে।তেওঁ আমাক সাক্ষাৎ কৰিছে আৰু তেওঁৰ পূৰ্ণ সমৰ্থন আগবঢ়াব বুলিও জনাইছে।তেওঁ কয় যে তেওঁ প্ৰথমতে এগৰাকী খেলুৱৈ আৰু তাৰ পিছতহে তেওঁ এগৰাকী প্ৰশাসক !তেওঁ আমাক ন্যায়ৰ ক্ষেত্ৰত সহায় কৰিব বুলিও জনায়।ইয়াৰ আগতে পি টি উষাই মল্লযোদ্ধাসকল ভাৰতীয় অলিম্পিক সন্থাৰ ওচৰলৈ কিয় অহা নাছিল বুলি প্ৰশ্ন কৰিছিল আৰু তদন্তৰ উত্তৰ নহাকৈয়ে প্ৰতিবাদ কৰি অনুশাসনহীন হোৱা বুলি সমালোচনা কৰিছিল।পি টি উষাৰ এই মন্তব্যই মল্লযোদ্ধা সকলক যথেষ্ট ক্ষোভিত কৰিছিল।বিৰোধী ৰাজনৈতিক দলবোৰেও পি টি উষাক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।কংগ্ৰেছৰ শশী থাৰুৰ, শিৱসেনাৰ প্ৰিয়ংকা চতুৰ্বেদী,তৃণমূলৰ মহুৱা মৈত্ৰই পি টি উষাৰ স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.