শনিবাৰৰ শনিয়ে প্ৰাণ কাঢ়িলে মুঠ ১০ জনৰ

Share This Article

গুজৰাটৰ নবসাৰী জিলাত শনিবাৰে পুৱা সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা৷প্ৰমুখ স্বামী মহাৰাজ শতাব্দী মহোৎসৱৰ এক অনুষ্ঠানত অংশ লৈ উভতাৰ পথত যাত্ৰীবাহী বাছখন এখন টয়’টা ফৰচুনাৰৰ লগত মুখামুখি সংঘৰ্ষৰ সন্মুখীন হয়৷বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল।৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাটোত বাছ চালক জনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় এই ঘটনা। গাড়ীখন চলাই থাকোতেই চালকজন আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হয় আৰু গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱায়।হৃদৰোগত আক্ৰান্ত চালক জনক।চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰে।দুৰ্ঘটনাটোত টয়টা ফৰচুনাৰ খনৰ মুঠ ৯ জন যাত্ৰীৰ ৮ জনৰেই মৃত্যু হৈছে।গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনাক লৈ মৰ্মাহত হোৱা বুলি উল্লেখ কৰি টুইট কৰিছে এনেদৰে ‘ গুজৰাটৰ নৱসাৰীৰ ঘটনাটো অত্যন্ত বেদনাদায়ক৷ যিসকলে নিজৰ আত্মীয়ক হেৰুৱালে তেওঁলোকলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।তেওঁলোকক এই দুখৰ সময়খিনি পাৰ কৰিবলৈ নেদেখা জনে শক্তি দিয়ক। আহতসকলক স্থানীয় প্ৰশাসনে সকলোধৰণৰ সেৱা আগবঢ়াইছে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.