লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে ক’ৰোণা ভাইৰাছ, প্ৰাকৃতিক নহয়ঃ গাডকাৰী

Share This Article

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত হোৱা এক সাক্ষাতকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী নিতিন গাডকাৰীয়ে ক’ৰোণা ভাইৰাছৰ সৈতে সহৱস্থান কৰিবলৈ শিকাৰ কথা প্ৰকাশ কৰে। সাক্ষাত্কাৰত তেওঁ ইয়াকো কয় যে ক’ৰোণা ভাইৰাছ প্ৰাকৃতিক ভাইৰাছ নহয়। ইয়াক তৈয়াৰ কৰা গৈছে। এই ভাইৰাছ লেবৰেটৰীৰ পৰা সৃষ্টি হৈছে। বিশ্বৰ বহু দেশে ইয়াৰ প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে। অতি সোনকালেই এই ভেকচিন প্ৰস্তুত হোৱাৰ আশা আছে। ইয়াৰ পিছত আৰু
কোনোধৰণৰ চিন্তাৰ কাৰণ নাথাকিব বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ শেহতীয়াকৈ বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে জনায় যে এই সময়ত ইতিবাচক পৰিৱেশ তৈয়াৰ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সৈতে হোৱা কথোপকথনত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে কয় যে প্ৰবাসী শ্ৰমিকসকলে ভয় খাই মহানগৰৰ পৰা গুছি গৈছে। তেওঁ আশাব্যক্ত কৰিছে যে যেতিয়া কাম-কাজ পুনৰাই আৰম্ভ হব, তেতিয়া শ্ৰমিকসকল উভতি আহিব। তেওঁ কয়- আমি কৰোণা ভাইৰাছৰ সৈতে যুঁজিব লাগিব, কিন্তু একে সময়তে অৰ্থনৈতিক যুদ্ধখনো আগুৱাই নিব লাগিব। আমি এখন দুখীয়া দেশ, যত মাহেকে-মাহেকে লক্ ডাউন বৃদ্ধি বৃ্দ্ধি কৰিব নোৱাৰি।

সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ই প্ৰাকৃতিক নে কৃত্ৰিমভাৱে সৃষ্ট, সেই লৈ ব্যাপক চৰ্চা দেখা পোৱা গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ডনাল্ড ট্ৰাম্পেও এই ভাইৰাছ চীনত সৃষ্টি হোৱা বুলি মন্তব্য কৰি আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.