লাডাখ সীমান্তত ‘বিকাশ বেটেলিনৰ’ এজন শ্বহীদ

Share This Article

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধ কৰোঁতে ভাৰতৰ বিশেষ ‘বিকাশ বেটেলিয়নৰ’ এজন সেনাৰ মৃত্যু হোৱা বুলি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্য্যন্ত অহা নাই। কিন্তু তিব্বতৰ নিৰ্বাসিত সাংসদৰ সদস্য Dolkar Lhagyari য়ে AFP নিউজক এজন তিব্বতীয় মূলৰ সেনা শ্বহীদ হোৱা বুলি জনাইছে। তেখেতে AFP নিউজক আন এজন তিব্বতীয় মূলৰ সেনায়ো লাডাখ সীমান্তৰ উক্ত সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব দিছে।

বিভিন্ন সূত্ৰৰ পৰা জানিব পোৱা মতে শ্বহীদ সেনা জনৰ নাম Nyima Tenzin। দুয়োজন সেনা ভাৰতীয় সেনাৰ বিশেষ গোট SFF যাক ‘বিকাশ বেটেলিয়ন’ বুলি জনা যায় তাৰ সেনা আছিল।

অৱশ্যে সামৰিক বাহিনীৰ সূত্ৰই সেনা জোৱান জনৰ মৃত্যু চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত নহয় বৰঞ্চ আন দুৰ্ঘটনাত হোৱা বুলি হে জানিব দিছে। গতিকে এই পৰ্যন্ত বিষয়টোৰ সন্দৰ্ভত কোনো স্পষ্টতাৰ এতিয়াও অভাৱ।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau