লকডাউন : বঞ্চিত ৫০% শিশু

Share This Article

ক’ৰোনাৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ সময়ত ভয়ানক চিকিৎসাজনিত সমস্যাৰ সন্মুখীন হৈছে শিশু আৰু অভিভাৱকসকল৷ লকডাউনৰ সময়ছোৱাত প্ৰায় ৫০ % শিশু টীকাকৰণৰ পৰা বঞ্চিত হ’ল৷ মাক -দেউতাকে শিশুসকলক টীকা প্ৰদানৰ বাবে সময়মতে স্বাস্থ্যকেন্দ্ৰলৈ নিব নোৱাৰিলে৷ বেচৰকাৰী সংস্থা Child Rights and You চমুকৈ ক্ৰায়ে চলোৱা এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে৷ দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়ত এই সংস্থাটোৱে এক অনলাইন সমীক্ষা চলাইছিল৷ অনলাইন সমীক্ষাত ভাগ লোৱা ৫১ শতাংশ অভিভাৱকেহে তেওঁলোকৰ ৫ বছৰৰ তলৰ সন্তানক টীকা প্ৰদান সময়মতে কৰোৱা বুলি উল্লেখ কৰে৷ আনহাতে, দেশৰ উত্তৰ দিশৰ ৰাজ্যসমূহত ৬৩% লোকেই সন্তানক এই সময়ছোৱাত টীকা প্ৰদান কৰিব নোৱাৰিলে৷ ক্ৰায়ৰ সমীক্ষাত পোহৰলৈ অহা মতে ২৭ শতাংশ অভিভাৱকে লকডাউনৰ বাবে উপযুক্ত স্বাস্থ্য সুবিধা লাভ নকৰাৰ কথা অৱগত কৰে৷ ক্ৰায়ৰ কাৰ্যবাহী বিষয়া পূজা মাৰবাহে কয় যে ক’ৰোনা মহামাৰীৰ পৰা দেশৰ শিশুসকল কিছু পৰিমানে সুৰক্ষিত হৈ থাকিলেও অন্য শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হোৱা বিষয়টো সমীক্ষাত ওলাই পৰিছে৷ লকডাউনৰ বাবে দেশৰ টীকাকৰণ অভিযান ব্যাহত হৈ পৰাৰ তথ্যও প্ৰকাশ কৰিছে ক্ৰায়ৰ এই সমীক্ষাই৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.