যোৱা ১০ মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত ভাৰতীয় ক্ৰিকেটৰ ষ্টাৰ খেলুৱৈ সকল

Share This Article

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাৰ (BCCI) শেহতীয়া কৰ্মকান্দই ক্ৰিকেট অনুগামী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিশ্বৰ সবাটোতকৈ ধনী ক্ৰিকেট বৰ্ড হোৱাৰ পিছতো, সংস্থাটোৱে যোৱা ১০ মাহ ধৰি খেলুৱৈ সকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে।

Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি বিচিচিআই এ ২৭ জন খেলুৱৈক যোৱা অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়া নাই। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় দলটোৱে যোৱা ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা খেলা দুখন টেষ্ট মেচ, ৯ খন এদিনীয়া আৰু ৮ খন T২০ ৰ মেচ ফীচ এতিয়াও ব’ৰ্ডে মুকলি কৰি দিয়া নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.