যুদ্ধ নহয়,বিদ্ৰোহ হ’ব কুৰুক্ষেত্ৰত !

Share This Article

দেশত পুনৰ এক বৃহৎ কৃষক আন্দোলনৰ উকমুকনি আৰম্ভ হৈছে। ইতিমধ্যে এনে আন্দোলনৰ কথা ঘোষণা কৰিছে দেশৰ অগ্ৰণী কৃষক নেতা ৰাকেশ টিকাইটে। সোমবাৰে কৃষকৰ আন্দোলনত উত্তপ্ত হৈ পৰিল হাৰিয়ানাৰ কুৰুক্ষেত্ৰ। বিগত মঙলবাৰ অৰ্থাৎ ৬ জুনত কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাৰ পাছতে পুনৰ বৃহৎ আন্দোলনৰ কথা ঘোষণা কৰিছিল কৃষক নেতা ৰাকেশ টিকাইটে। সোমবাৰে কুৰুক্ষেত্ৰত কৃষকে কৰা আন্দোলনত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ পাছত প্ৰতিবাদী কৃষকে চণ্ডীগড়-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এই সন্দৰ্ভত আন্দোলনৰ কাৰ্যসূচীত অংশ লোৱা ভাৰতীয় কৃষক ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটৰ দাবী—আমি ৰাজপথত যান-জঁট সৃষ্টি কৰা নাই।আমাৰ দুটাই দাবী ‘আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষকক মুকলি কৰি দিয়ক৷MSPত সূৰ্যমুখী ফুলৰ বীজ ক্ৰয় কৰক।’কৃষক নেতাগৰাকীৰ মন্তব্য—আমি চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আছো। আমাৰ দাবী পূৰণ নোহোৱালৈকে আন্দোলন চলি থাকিব।সকলো ৰাজ্যৰ কৃষকে কুৰুক্ষেত্ৰৰ প্ৰতি চকু ৰাখক আৰু পৰৱৰ্তী ঘোষণালৈ অপেক্ষা কৰক।চৰকাৰৰ দমনমূলক নীতিক দেশৰ অন্নদাতাই সহ্য নকৰে !আনহাতে কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীৰ পাছতে আৰক্ষীয়ে ভাৰতীয় কৃষক ইউনিয়নৰ অধ্যক্ষ গুৰনাম সিং চুঠানীসহ কেইবাগৰাকীও কৃষকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।এতিয়া এইসকল কৃষকক মুকলি কৰি দিয়াৰ দাবী ৰাকেশ টিকাইটৰ। ইপিনে কৃষকৰ আন্দোলনৰ কাৰ্যসূচীত অংশ লয় মল্লযুঁজাৰু বজৰং পুনিয়াই। উল্লেখ্য মল্লযুঁজাৰুসকলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল ৰাকেশ টিকাইটসহ দেশৰ কৃষকে। মহাপঞ্চায়তত অংশ লৈ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াৰ মন্তব্য আন্দোলনলৈ সমৰ্থন জনাইছোঁ ।”এয়া মহাভাৰতৰ কুৰুক্ষেত্ৰৰ মহাসমৰ নহয়, কুৰুক্ষেত্ৰৰ পৰা কৃষকে হুংকাৰ দিলে আন এক বৃহৎ কৃষক আন্দোলনৰ। চৰকাৰে কৃষকৰ দাবী মানি নল’লে যে কৃষকে আন্দোলনেৰে দেশ কঁপাব সেয়া নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.