যন্তৰ মন্তৰত নিষিদ্ধ ধৰ্ণা!

Share This Article

মল্লযুঁজাৰুক ধৰ্ণাত বহিবলৈ অনুমতি নিদিয়ে দিল্লী আৰক্ষীয়ে।দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে অব্যাহত ৰখা প্ৰতিবাদ বন্ধ কৰি দিয়া হৈছে। দিল্লী আৰক্ষীয়ে সোমবাৰৰ পৰা বন্ধ কৰি দিছে যন্তৰ মন্তৰত মল্লযুঁজাৰুৰ প্ৰতিবাদ। এতিয়াৰ পৰা মল্লযুঁজাৰু সকলক যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবলৈ নিদিয়ে দিল্লী আৰক্ষীয়ে। মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ অভিযোগ-মল্লযুঁজাৰুসকলে আইন উলংঘা কৰিছে।উল্লেখ্য দেওবাৰে মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰৰ পৰা ওলাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদত বাধা দিছিল আৰক্ষীয়ে।কিন্তু প্ৰতিবাদী মল্লযুঁজাৰুক বাধা দিয়াৰ নামত দিল্লী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্যাতনৰ অভিযোগ। ইফালে দেওবাৰে নতুন সংসদ ভৱন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই কাৰ্যসূচীৰ বাবে মল্লযুঁজাৰুসকলক ৰাজপথত প্ৰতিবাদৰ অনুমতি দিয়া নাছিল আৰক্ষীয়ে। কিন্তু মল্লযুঁজাৰুসকলে নতুন সংসদ ভৱনৰ দিশে অগ্ৰসৰ হওঁতেই আৰক্ষীয়ে দিয়ে বাধা। দিল্লী আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া সুমন নলৱাৰ অভিযোগ-মল্লযুঁজাৰু সকলক বাধা দিয়াৰ পাছতো আইন উলংঘা কৰিছে।বেৰিকেড ভাঙিছে।আইন উলংঘা কৰাৰ বাবেই প্ৰতিবাদকাৰী সকলক আটক কৰা হৈছিল। আনহাতে দিল্লী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ প্ৰতিবাদী মল্লযুঁজাৰু তথা ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে কয়—”আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব বিচাৰিছিলোঁ।আমি আগলৈ যাব বিচাৰিছিলোঁ ।আমাক বাধা দিলে।বলপূৰ্বকভাৱে আটক কৰা হ’ল”উল্লেখ্য ভাৰতীয় ৰেচলিং ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰৰ দাবীত মল্লযুঁজাৰুসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। যোৱা ২৩ এপ্ৰিলৰ পৰা মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত অব্যাহত ৰাখিছে প্ৰতিবাদ। ইপিনে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰি দেশৰ গণতন্ত্ৰৰ কথা কৈ থকাৰ সময়ত ৰাজপথত প্ৰতিবাদী মল্লযুঁজাৰুৰ ওপৰত নিৰ্যাতন চলাইছিল আৰক্ষীয়ে। যি দৃশ্যই প্ৰমাণ কৰিছিল বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ দেশ ভাৰতত কি দৰে গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া হয়। কেনেদৰে প্ৰতিবাদক বাধা দিবলৈ চলোৱা হয় দমন।গণতন্ত্ৰৰ মন্দিৰ মুকলিৰ দিনাই যেন ৰজাঘৰে বিশ্ববাসীক দেখুৱাই দিলে এক কলংকিত দৃশ্য। যি কেইগৰাকী মল্লযুঁজাৰুৰ পদকেৰে ভাৰতে বিশ্বৰ বুকুত শিৰ উচ্চ কৰি আহিছে তেওঁলোকৰ ওপৰতেই ৰাজপথত চলোৱা হ’ল নিৰ্যাতন।ইয়াতকৈ পীড়াদায়ক কথা আৰু দেশবাসীৰ বাবে কি হ’ব পাৰে?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.