মোৰ কোনো বেমাৰ হোৱা নাই- অমিত শ্বাহ

Share This Article

আজি এক টুইট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনায় যে তেখেত সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেত কোনো ৰোগত আক্ৰান্ত নহয়। কিন্তু কিয় অমিত শ্বাহে এই টুইট কৰিবলগীয়া হ’ল?
বিগত দুদিনমান ধৰি অমিত শ্বাহৰ টুইটৰ এক স্ক্ৰীণশ্বট হোৱাটছ‌এপত ভাইৰেল হৈছে। সেই স্ক্ৰীণশ্বট অনুসৰি, অমিত শ্বাহে লিখিছিল-তেখেত বন কেন্সাৰত আক্ৰান্ত আৰু সুস্থ হৈ উঠিবলৈ মুছলমান সমাজৰ দোৱা বিচাৰিছিল।

কিন্তু আজি টুইট কৰি অমিত শ্বাহে কয় যে তেখেত সুস্থ আৰু কোনো ৰোগত আক্ৰান্ত নহয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় -“যোৱা কিছুদিন ধৰি কিছুসংখ্যক বন্ধুৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে মোৰ স্বাস্থ্য সম্পৰ্কীয় কিছুমান মনে সজা ভুৱা খবৰ প্ৰকাশ কৰিছে।” অমিত শ্বাহে লগতে কয় যে হিন্দু ৰীতি অনুসৰি এইধৰণৰ উৰাবাতৰিয়ে স্বাস্থ্য অধিক ভালহে কৰে। তেখেতৰ স্বাস্থ্যক লৈ চিন্তা কৰাসকল ধন্যবাদ জনাই অমিত শ্বাহে কয় যে উৰাবাতৰি উলিওৱা সকলৰ প্ৰতি তেখেতৰ মনত কোনো বেয়াভাব নাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.