মৃত্যু উপত্যকালৈ পৰ্যবসিত ২খন দেশ

Share This Article

বিগত সোমবাৰে পুৱতি নিশা সংঘটিত ভয়ংকৰ ভূমিকম্পত চকুৰ পলকতে তচনচ হৈ গ’ল তুৰস্ক আৰু ছিৰিয়া।৭.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্পই দেশখনৰ প্ৰায় ৫০% অঞ্চলৰ ক্ষতিসাধন কৰিছিল।তাৰপিছতো কমবেছি পৰিমাণে প্ৰায় শতাধিক জোকাৰণিৰ সন্মুখীন হৈছে দেশ দুখন।বিগত দুটা দিন ধৰি দেশ দুখনত অব্যাহত আছে উদ্ধাৰ অভিযান।বৃহৎ বৃহৎ অট্টালিকা,শ্বপিং মল আদি পলকতে হৈ পৰে একো একোটা ধ্বংসস্তুপ।ছিৰিয়াত বৰ্তমানলৈকে প্ৰায় ২৫০০ আৰু তুৰস্কত প্ৰায় ৬,৫০০ লোকে ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱাইছে।উদ্ধাৰকাৰ্য যিমানেই ক্ষীপ্ৰ গতিত সম্পন্ন হ’ব সিমানেই বাঢ়িব মৃতকৰ সংখ্যা।তুৰস্কৰ চৰকাৰী তথ্য অনুসৰি প্ৰায় ৩৭,০১১ লোক গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোৱা গৈছে৷প্ৰায় ৭৯ হাজাৰ লোক উদ্ধাৰ অভিযানত ব্যস্ত আছে৷ তুৰস্কৰ প্ৰায় ৩ লাখ ৮০ হাজাৰ লোকক ইতিমধ্যে সাহাৰ্য শিবিৰত ৰখা হৈছে।মঙলবাৰে তুৰস্কৰ মুঠ ১০ টা প্ৰভিন্সত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।তুৰস্কত প্ৰায় ১১,৩৪২ টা অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে।তুৰস্কত উদ্ধাৰ অভিযান লেহেমীয়া হোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে আক্ৰান্তই৷ইতিমধ্যে বহুবোৰ দেশে সাহাৰ্য সামগ্ৰী দেশ দুখনলৈ প্ৰেৰণ কৰিছে।বৃটেইনৰ বৈদেশিক সচিব গৰাকীৰ মতে ৩ গৰাকী ব্ৰিটিছ নাগৰিকৰ কোনো সম্ভেদ পোৱা নাই বৃটিছ দূতাবাসে।ইতিমধ্যে ইউৰোপীয়ান ইউনিয়নৰ মুঠ ১৯ খন সদস্য দেশে তুৰস্ক আৰু ছিৰিয়াক সাহাৰ্য আগবঢ়াইছে।তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰয়ো উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে।কেলিফৰ্ণিয়াৰ পৰা ইতিমধ্যে ১০০ খন লছ এঞ্জেলচৰ অগ্নিনিৰ্বাপক গাড়ীৰ লগতে ৬ টা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ আৰু অভিজ্ঞতাসম্পন্ন অভিযন্তা তুৰস্ক লৈ পঠিওৱা হৈছে।ৰাছিয়ায়ো ইতিমধ্যে উদ্ধাৰকাৰী দল পঠিয়াইছে ছিৰিয়া আৰু তুৰস্কলৈ।ইজৰাইল চৰকাৰৰ তৰফৰ পৰা মুঠ ১৫০ গৰাকী অভিযন্তা পঠিওৱা হৈছে।চীনেও ৮২ গৰাকী সদস্যৰ উদ্ধাৰকাৰী দল ইতিমধ্যে দেশ দুখনলৈ প্ৰেৰণ কৰিছে।আনহাতে,গ্ৰীচ,লেবানন,জাৰ্মানী,দক্ষিণ কোৰিয়া,আলজেৰিয়া,পাকিস্তান,জাপান,অষ্ট্ৰেলিয়া আদি দেশেও যথাসম্ভৱ সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.