Investigative reporting with dedication.

‘ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে ইছলাম ধৰ্মী লোক’ বিশ্ব হিন্দু পৰিষদ নেতা প্ৰবীণ টোগাৰীয়াৰ বিস্ফোৰক মন্তব্য এয়া।ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে মুছলমান ধৰ্মী লোক বুলি দাবী কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।তেওঁ কয় ‘পৰিসংখ্যা অনুসৰি হিন্দুৰ ১.৮% ৰ পৰিৱৰ্তে মুছলমানৰ জন্মৰ হাৰ ২.৪%’অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন শক্তিশালী কৰাৰ দাবী তুলিছে হিন্দুত্ববাদী নেতাজনে।DNA পৰীক্ষাৰ জড়িয়তে বাংলাদেশীক চিনাক্ত কৰাৰো দাবী জনাই প্ৰবীণ টোগাৰীয়াই।DNA পৰীক্ষা কৰি বাংলাদেশী বহিস্কাৰ কৰিলে ২০২৪ ত ধুবুৰীত হিন্দু সাংসদ জয়ী হৈ আহিব বুলিও বিস্ফোৰক মন্তব্য কৰে প্ৰবীন ভাই টোগাৰীয়াই।টোগাৰীয়াৰ দাবী মুছলমানে ভাবুকি কঢ়িয়াই আনিছে হিন্দু লোকৰ জীৱনলৈ !




