মিছা কোৱা,মিছা কোৱা,বাৰে বাৰে মিছা কোৱা ..

Share This Article

পুলৱামা কাণ্ডক লৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে দ্যা ৱায়াৰত দিয়া সাক্ষাৎকাৰে সমগ্ৰ দেশতেই খলকনি তুলিছে।২০১৯ চনত পুলৱামাত দেশৰ ৪০ গৰাকী সেনা জোৱান শ্বহীদ হৈছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাৰ বিষয়ে জনোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কোনো পদক্ষেপ লোৱা নাছিল বুলি মন্তব্য কৰিছিল প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে।মালিকৰ এই সাক্ষাৎকাৰৰ পিছত বিৰোধী দলবোৰে কঠোৰ সমালোচনা কৰিছে মোডী চৰকাৰক !কিন্তু সমালোচনাৰে থকাসৰকা কৰাৰ পিছতো প্ৰধানমন্ত্ৰী মোডীকে ধৰি কোনো এগৰাকী দায়িত্বশীল ব্যক্তিয়ে এই প্ৰশ্ন কোনো মন্তব্য কৰা নাই।কিন্তু কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতাৰ বিপৰীতে গৰজি উঠিছে পুলৱামা শ্বহীদৰ পৰিয়াল।
‘মোৰ সন্দেহ সঁচা হ’ল’ !’ক্ষমতাত থকাৰ ফন্দি আছিল এই আক্ৰমণ’ !’২০০ কেজি RDX লৈ ফুৰোঁতে মোডী শুই আছিল নেকি?’ এগৰাকী শ্বহীদৰ পিতৃৰ প্ৰশ্ন এয়া।

ভগীৰথ নামৰ পুলৱামা শ্বহীদ CRPF জোৱান জনৰ পিতৃয়ে প্ৰাক্তন ৰাজ্যপাল গৰাকীৰ সাক্ষাৎকাৰৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ”২০১৯ চনৰ ঘটনাটোৰ পৰাই মোৰ মনত এক সন্দেহ ভাৱ আছিল।মালিকৰ সাক্ষাৎকাৰটোৰ পিছত আমাৰ সন্দেহ দূৰ হ’ল৷মই ১০০% নিশ্চিত আছিলোঁ যে ৰাজনৈতিক চমকৰ লগতে ক্ষমতাত থকাৰ বাবে চৰকাৰে এই কামটো কৰিছিল৷জোৱানৰ গাড়ীত ২০০ কেজি RDX কঢ়িয়াই লৈ ফুৰোঁতে প্ৰধানমন্ত্ৰী শুই আছিল নেকি?’আন এগৰাকী শ্বহীদ জিতৰামৰ ভাতৃ বিক্ৰমে এই ঘটনাৰ তদন্ত দাবী কৰিছে।তেওঁ কয় যে তেওঁলোকৰ পৰিয়ালে এতিয়াও জিতৰামৰ কথা মনত পেলাই কান্দে।যিসকলে পৰিয়ালৰ সদস্য হেৰুৱায় তেওঁলোকেহে দুখবোৰ উপলব্ধি কৰে।একেটা সময়তে তেওঁ সত্যপাল মালিকে কিয় আগতে এই কথা কোৱা নাছিল বুলিও প্ৰশ্ন কৰে।টেলিগ্ৰাফত দিয়া এক সাক্ষাৎকাৰত পশ্চিম বংগৰ শ্বহীদ সুদীপ বিশ্বাসৰ পিতৃ সন্ন্যাসী বিশ্বাসে কয় যে বিগত চাৰিটা বছৰত পুলৱামা আক্ৰমণ সম্পৰ্কত তেওঁ বহুত কাহিনী শুনিছে।নিৰাপত্তাৰ ত্ৰুটিৰ কথাও বহুতবাৰ আলোচনা হৈছে৷কিন্তু কোনো সঠিক তথ্য পোৱা হোৱা নাছিল।তেওঁৰ ল’ৰাটো মাত্ৰ ২৮ বছৰ বয়সতে শ্বহীদ হ’ল।এতিয়া চৰকাৰে এই অভিযোগ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰা উচিত।সেইটো তেওঁলোকক বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ।আশ্চৰ্যজনকভাৱে মালিকৰ এই সাক্ষাৎকাৰৰ পিছত ,সেনাবাহিনীৰ প্ৰাক্তন মূৰব্বী জেনেৰেল শংকৰ ৰয় চৌধুৰীয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰকেই দায়ী কৰিছে।তেওঁ এই ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে দায়িত্ব লোৱা উচিত বুলিও দোহাৰে।পুলৱামা কাণ্ডক লৈ মৌনব্ৰত ধৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কিন্তু ইউপিএৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক এটা সময়ত মৌনমোহন বুলি তাচ্ছিল্য কৰিছিল।কিন্তু সেইজন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এগৰাকী ৰাজ্যপালে তোলা গুৰুতৰ অভিযোগ সম্পৰ্কত তেওঁ কিয় নীৰৱতা অৱলম্বন কৰিছে সেইটোহে বীচাৰ্যৰ বিষয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.