মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

Share This Article

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক’ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য। এটা পণ্ডিত পৰিয়ালৰ এগৰাকী বৃদ্ধাৰ শেষকৃত্য সম্পন্ন কৰিলে প্ৰতিবেশী মুছলমান লোকে।
প্ৰকাশিত বাতৰি অনুসৰি, ৭৫ বছৰীয়া বৃদ্ধা গৰাকীৰ নাম ৰাণী ভাট। উত্তৰ কাশ্মীৰৰ বান্দিপুৰা জিলাৰ কালোছা গাঁৱৰ এটা পণ্ডিত পৰিয়ালৰ সদস্যা আছিল ৰাণী ভাট। বুধবাৰে ৰাতি নিদ্ৰাৰত অৱস্থাতেই মৃত্যু ঘটে বৃদ্ধা মহিলাগৰাকীৰ। কিছু দূৰত থকা আত্মীয়ক খবৰ দিয়ে যদিও কৰোনাতংকৰ পৰিস্থিতিৰ বাবে যাবলৈ অসমৰ্থ হয়। এই খবৰ লাভ কৰি প্ৰতিবেশী মুছলমান কেইজনমান স্বইচ্ছাই আগবাঢ়ি গৈ একেলগে বাস কৰা বয়সস্থ স্বামী মোহিত লাল ভাটক সহায় কৰাৰ আশ্বাস দিয়ে। তাৰপিছত সেই মুছলমান লোক কেইজনে ওচৰত থকা শ্মশানলৈ নি মৃত বৃদ্ধাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.