মানৱতাৰ জয়গান প্ৰতিধ্বনিত হ’ল ওড়িশাত !

Share This Article

কোনে কয়, যান্ত্ৰিকতাৰ মাজত মানৱীয়তা হেৰাই গৈছে?এতিয়াও মানুহৰ হৃদয়ত স্পন্দিত মানৱতাৰ জয়গান ! হত্যা-হিংসা-দুৰ্নীতি-ধৰ্ষণ আদি বাতৰিৰ পৰা আঁতৰি এটা ইতিবাচক খবৰ -ওড়িশাৰ পৰা শিক্ষা লওঁ আহক! ওড়িশাৰ ৰেল দুৰ্ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ দেশ। ২ জুন দিনটো দেশবাসীৰ বাবে হৈ ৰ’ব ক’লা দিন হিচাপে। ওড়িশাৰ বালাচোৰত দুৰ্ঘটনাত পতিত হয় তিনিখনকৈ ৰেল। এই মুহূৰ্তলৈকে নিহত হৈছে তিনি শতাধিক লোকৰ। আহতৰ সংখ্যা এতিয়ালৈ ৯ শতাধিক। বৰ্তমানেও দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। এনে শোকাৱহ দুৰ্ঘটনাৰ বিপৰীতে ওড়িশাত দেখা গ’ল আন এটা পৰিৱেশ।যাৰ পৰা শিক্ষা ল’ব পাৰে সমগ্ৰ মানৱ সমাজে।
ওড়িশাৰ ব্লাড বেংকৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী। ওৰে নিশা ব্লাড বেংকৰ সন্মুখত অগণন লোকৰ ভিৰ ! ভুল নুবুজিব, এই দীঘলীয়া শাৰী আঘাতপ্ৰাপ্তৰ বাবে তেজ নিবলৈ অহা মানুহৰ শাৰী নহয়। এয়া ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহতক তেজ দিবলৈ অহা মানুহৰ শাৰী।আঘাতপ্ৰাপ্ত লোকসকলে প্ৰয়োজনীয় তেজৰ বাবে যাতে হাহাকাৰ কৰিব নালাগে বা ব্লাড বেংকত তেজৰ অভাৱ নহয়, তাৰ বাবে নিজ মহানুভৱতাৰে এনেকৈয়ে ৰক্তদান কৰিবলৈ ওৰে নিশা শাৰী পাতিলে বালাচোৰৰ স্থানীয় লোকে।উল্লেখযোগ্য যে, শুক্ৰবাৰৰ নিশা হাওৰাৰ পৰা চেন্নাই অভিমুখে যাত্ৰা আৰম্ভ কৰা কৰমণ্ডল এক্সপ্ৰেছৰ কেইবাটাও দবা লাইনচ্যুত হৈ উৰিষ্যাৰ বালাচোৰত এখন মালগাড়ীৰ লগত সংঘৰ্ষত মিলিত হয়। আনহাতে লাইনচ্যুত হোৱা দবাকেইটাত আহি খুন্দা মাৰে যশৱন্তপুৰ-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছত। যাৰ ফলত চাৰিটাকৈ ট্ৰেকত বিচ্যুত হৈ পৰে তিনিখন ৰে’লগাড়ী। আৰু এনেকৈ সংঘটিত হয় বিগত দুটা দশকৰ সৰ্ববৃহৎ ৰে’ল দুৰ্ঘটনা।নিহত হয় প্ৰায় তিনি শতাধিক লোক। আহত হয় ৯ শতাধিক লোক। এই আহত সকলক সহায়ৰ হাত আগবঢ়াবলৈ নিশাই ব্লাড বেংকত উপস্থিত হোৱা ওড়িশাৰ বালাচোৰৰ স্থানীয় লোকসকলক উচ্চ প্ৰশংসা কৰিছে সমগ্ৰ দেশে। তেওঁলোকৰ এই মহানুভৱতা সঁচাই প্ৰশংসনীয় নহয়নে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.