মাটি দখল কৰি বিপদত ন’বেল বিজয়ী !

Share This Article

১.২৫ একৰ ভূমি বেদখল কৰি বিপদত পৰিছে দেশৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ।বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে পঠিয়াইছে উচ্ছেদৰ জাননী। বৃহস্পতিবাৰে দেশৰ এগৰাকী বিখ্যাত অৰ্থনীতিবিদ তথা ন’বেল বিজয়ী আমত্য সেনলৈ এই জাননী পঠিয়ায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।শতাব্দীপ্ৰাচীন এই বিশ্ববিদ্যালয় খনে বেদখল হৈ থকা ভূমিৰ ক্ষেত্ৰত এক বিশেষ নিৰ্দেশনা উলিয়াইছে। সেই জাননীত কোৱা হৈছে ‘ আমত্য কুমাৰ সেনকে ধৰি আন সকলো সংশ্লিষ্ট লোকক বিশ্ববিদ্যালয়ৰ ভূমি এৰি দিবলৈ অনুৰোধ জনোৱা হ’ল।যদি তেওঁলোকে নিজেই এৰি নিদিয়ে তেন্তে বলপূৰ্বকভাৱে উচ্ছেদ কৰা হ’ব।’উল্লেখ্য যে বিশ্ববিদ্যালয় চৌহদৰ ৫০ ফুট বহল আৰু ১১১ফুট দীঘল ভূমি নবেল বিজয়ী আমত্য সেনৰ দখলত আছে।বিগত মাহত বিশ্ববিদ্যালয় খনে ১৯ এপ্ৰিলৰ ভিতৰত তেওঁৰ দখলত থকা ভূমি সংক্ৰান্তত জাননী পঠিয়াইছিল।আমত্য সেনৰ ককাকৰ আবাসগৃহ ‘প্ৰতীচী’ বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত আছে।সেনে শান্তিনিকেতনত থকাৰ সময়ত এই প্ৰতীচীতেই সময় কটায়৷সেই বেদখলীকৃত ভূমি উচ্ছেদৰ বাবে অন্তিম সময় দিয়া হৈছে ৬ মে’।৬ মে’ৰ ভিতৰত ন’বেল বটা প্ৰাপকগৰাকীয়ে এই ভূমি স্বইচ্ছাই এৰি নিদিলে উচ্ছেদ চলাব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.