মমতাহীন হৈ পৰিছে মমতা !

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়াকৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে। প্ৰতিদিনেই নিত্য নতুন অভিযোগত দোষী সাব্যস্ত কৰি তেওঁৰ দলৰ ইজনৰ পিছত সিজন নেতাক গ্ৰেপ্তাৰ কৰিছে ED,CBI ৰ দৰে কেন্দ্ৰীয় সংস্থাই৷বিৰোধী দলৰ নেতাসকলক এনেদৰে লক্ষ্য কৰি লোৱাটোক লৈ ক্ষোভিত হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ।ধৈৰ্যচ্যুতি ঘটিছে মুখ্যমন্ত্ৰী গৰাকীৰ। শুকুৰবাৰে নেতাজী ইনডৰ ষ্টেডিয়ামৰ এক অনুষ্ঠানত অংশ লৈ মমতা বেনাৰ্জীয়ে কয় যে চৰকাৰে ইতিমধ্যে তেওঁৰ ৪ গৰাকী নেতাক জে’লৰ ভাত খুৱাইছে। প্ৰাক্তন শিক্ষা মন্ত্ৰী পাৰ্থ চেট্টাৰ্জী বৰ্তমানেও জে’লত আছে। মমতা বেনাৰ্জীৰ সোঁহাতস্বৰূপ বীৰভূম জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি অনুব্ৰত মণ্ডলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছে।তদুপৰি মাণিক ভট্টাচাৰ্য,জ্যোতিপ্ৰিয় মালিককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ED এ৷ED ৰ এই ভূমিকাৰ পিছতো ক্ষুণ্ণ হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। নিজৰ দলৰ সদস্যক এনেদৰে যিকোনো গোচৰত গ্ৰেপ্তাৰ কৰাত ক্ৰোধান্বিত হৈ মমতা বেনাৰ্জীয়ে কয় যে তৃণমূল কংগ্ৰেছৰ ৪ গৰাকী সদস্যৰ গ্ৰেপ্তাৰৰ তেওঁ প্ৰতিশোধ ল’ব বিজেপিৰ ৮ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰি৷মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ আমাৰ চাৰিগৰাকী নেতাক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে৷গতিকে এতিয়াৰ পৰা আমাৰ ৪ গৰাকীক গ্ৰেপ্তাৰ কৰিলে আমি তেওঁলোকৰ ৮ গৰাকীক গ্ৰেপ্তাৰ কৰিম।’মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই হুংকাৰৰ পিছত বিজেপিৰ নেতাসকল শংকিত হৈ পৰিছে। বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে কয় ‘মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে নেতাজী ষ্টেডিয়ামত কৰা মন্তব্যৰ পিছতে মই ইমেইলৰ জৰিয়তে হৰে ষ্ট্ৰীট আৰক্ষী নিৱেশত অভিযোগ উত্থাপন কৰিছোঁ।কিন্তু আৰক্ষীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে অভিযোগ লোৱা নাই।তেওঁ নিজৰ দলৰ নামত শপত খাই কয় যে তেওঁ বিভিন্ন অভিযোগত বিজেপিৰ ৮ গৰাকী নেতাক গ্ৰেপ্তাৰ কৰিব।’বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে লগতে কয় যে তেওঁ আৰু তেওঁৰ দলৰ সদস্যসকল সদায় মমতা বেনাৰ্জীয়ে আক্ৰমণৰ লক্ষ্য হিচাপে লৈ আহিছে।উল্লেখ্য যে সেই একেখন সভাতেই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে যিবোৰ এজেন্সিয়ে এতিয়া বিৰোধীক লক্ষ্য কৰি লৈছে সেই এজেন্সিয়ে ২০২৪ চনত অৰ্থাৎ তিনি মাহ পিছত এতিয়াৰ শাসক দলক লক্ষ্য কৰি ল’ব।’পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে ইতিমধ্যে মমতা বেনাৰ্জীৰ এই হুংকাৰত অলপো সহজভাৱে গ্ৰহণ কৰা নাই আৰু ৭২ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে এই অভিযোগ নল’লে তেওঁ ন্যায়ালয়ত গোচৰ তৰিব বুলিও উল্লেখ কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296