মধ্যপ্ৰদেশত ‘মহা প্ৰতাপ ’ !

Share This Article

কৰ্ণাটকত টিপু চুলতানক হেয় প্ৰতিপন্ন কৰি ডিঙি শুকাই যোৱাকৈ ভাষণ দিলে বিজেপিয়ে।কিন্তু ফলাফলে কেৱল ডিঙিয়েই নহয়,পেটলৈ ভাত নোযোৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে বিজেপিৰ !ফলাফল দেখি এক বিশেষ সম্প্ৰদায় সম্পৰ্কত মন্তব্য কৰাৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।ইফালে মধ্যপ্ৰদেশত অহা নবেম্বৰ মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ধৰ্মক লৈ ৰাজনীতি কৰাটো এক অভ্যাসত পৰিণত হ’ল বিজেপি নেতৃত্বৰ বাবে।গতিকে মধ্য প্ৰদেশতো ইযাৰ ব্যতিক্ৰম নহ’ল।তাৰ শেহতীয়া স্পষ্ট প্ৰমাণ পোৱা গ’ল মধ্য প্ৰদেশত !
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক লৈ আৰম্ভ কৰিছে ৰাণা প্ৰতাপৰ ৰাজনীতি !ৰাজপুত বীৰ ৰাণা প্ৰতাপৰ জীৱন,তেওঁৰ বীৰত্বৰ বিষয় বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে মধ্য প্ৰদেশ চৰকাৰে। মহাৰাণা জয়ন্তীৰ এক অনুষ্ঠানত অংশ লৈ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় ‘মহাৰাণা প্ৰতাপৰ জীৱন শৈলীৰ ওপৰত ছাত্ৰছাত্ৰীক অৱগত কৰা হ’ব৷তেওঁৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব।সেই স্মৃতিসৌধত আনকি মহাৰাণাই ব্যৱহাৰ কৰা ঘোঁৰা চেটকৰ স্মৃতিও মূৰ্তিৰ জৰিয়তে সজীৱ কৰা হ’ব।’উল্লেখ্য যে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে এইবাৰ ২২মে’ত বন্ধ দিন হিচাপে ঘোষণা কৰে।এটা কাৰ্যকাল চৰকাৰত থকা বিজেপিয়ে কাৰ্যকালৰ অন্তিম বৰ্ষ ,তাকো আকৌ নিৰ্বাচনলৈ ৫ মাহ থকা অৱস্থাত ৰাণা প্ৰতাপক লৈ ইমান ব্যস্ত হৈ পৰাটোৱে সকলোৰে মনত ৰহস্যৰ সৃষ্টি কৰিছে৷ইফালে কংগ্ৰেছে এয়া বিজেপিৰ নিৰ্বাচনী ৰাজনীতি বুলি সমালোচনা কৰিছে।তদুপৰি ৰাজপুত সম্প্ৰদায়ৰ সমস্যা সমূহ সমাধানৰ বাবে ৰাণা বৰ্ড স্থাপনৰ সিদ্ধান্ত লয় চৰকাৰে।মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় ‘ ৰাষ্ট্ৰবিৰোধী শক্তিয়ে ৰাজ্যত খোপনি পোতিব বিচাৰিছে।কিন্তু এই শক্তিক সবংশে নিৰ্মূল কৰা হ’ব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.