সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো

আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল মন্ত্ৰী সদানন্দ গৌড়া। সদানন্দ গৌড়া বিজেপিৰ সাংসদ, দেশৰ ৰাসায়নিক আৰু সাৰমন্ত্ৰী। সাংবাদিকৰ আগত সদানন্দ গৌড়াই কয়- “মই মন্ত্ৰী, সেই কাৰণেই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে আমাক অনুমতি দিছে।”
কেৱল কেন্দ্ৰৰ নিৰ্দেশনা নহয়, কৰ্ণাটক চৰকাৰেও বিমান যাত্ৰীসকলৰ বাবে হোটেলত ৭দিনৰ বাধ্যতামূলক কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰিছে। অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণত ব্যৱেসায়ীসকলক এইক্ষেত্ৰত ৰেহাই দিয়াৰ কথা কোৱা হৈছিল। অৱশ্যে তাৰ বাবে লগত থাকি ICMR আৰু কোভিড-১৯ নিগেটিভ ৰিৰ্পট। কিন্তু নিৰ্দেশনাৰ মতে মন্ত্ৰী-নেতাক ৰেহাই দিয়াৰ কথা নাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.