মই এনডি টিভিৰ পৰা পদত্যাগ কৰিলোঁ..

Share This Article

ৰবীশ কুমাৰ

নমস্কাৰ, মই ৰবীশ কুমাৰ। মই কি ক’ব খুজিছোঁ, সেই সম্পৰ্কে আপোনালোকে ইতিমধ্যেই অনুমান কৰিব পাৰিছে। মোৰ অনুৰোধ এটাই যে, মই যিখিনি ক’ব বিচাৰিছোঁ সেইখিন ধৈৰ্যসহকাৰে শুনে যেন। ভাৰতীয় সাংবাদিকতাত স্বৰ্ণযুগ কেতিয়াও নাছিলেই কিন্তু আজিৰ সময়ৰ দৰে ভস্ম যুগো নাছিল। ‘ভস্ম যুগ’ শব্দ যুগলেৰে মই বুজাব খুজিছোঁ যে, এই পেচাটোৰ সৈতে জড়িত সকলো ভাল কথা, বা উপাদান অতি তীব্ৰ গতিত ভস্ম কৰি পেলোৱা হৈছে। এই দিনটো অহাটো অৱধাৰিত আছিল। দেশত এতিয়া বিভিন্ন নামেৰে অনেক চেনেল গঢ় দিয়া হৈছে। কিন্তু সকলোৱে ‘গোদী মিডিয়া’ৰ ভূমিকাকে পালন কৰি গৈ আছে। সাংবাদিকতাৰ পৰিৱেশ, সাংবাদিকতাৰ পৰিৱেশতন্ত্ৰ, ইয়াৰ সামগ্ৰিক পৰিস্থিতি সকলো নিঃশেষ কৰি পেলোৱা হৈছে। কিন্তু সাংবাদিকতা কৰা আৰু কৰোঁৱাৰ দাবী সকলোৱে কৰি আহিছে। আনকি সেইসকলেও এই দাবী কৰিছে যিসকলক ক্ষমতাসীনৰ অংশটোৰ অংশীদাৰ বুলি চিহ্নিত কৰা হৈ আহিছে, সেই অংশটোৰ ৰূপ হিচাপেই যাক গণ্য কৰা হৈ আহিছে। যিসকলৰ শক্তিৰে এই দেশত প্ৰতিদিনে সাংবাদিকতাক পদপিষ্ট কৰি থকা হৈছে। তেওঁলোকে যেতিয়া কয় যে, তেওঁলোকে উচ্চস্তৰীয় সাংবাদিকতা কৰিবলৈ বিচাৰে তেন্তে এনে দাবী কৰাসকলক অলপ সন্দেহৰ চকুৰে চাবলৈ শিকা উচিত। বহতীয়া সংবাদ মাধ্যম আৰু চৰকাৰেও আপোনালোকৰ ওপৰত সাংবাদিকতাৰ নিজা অৰ্থ আৰোপ কৰিব বিচাৰে। যি কোনো কাৰণত ইয়াৰ অৰ্থ সেইটোৱেই হয় তেন্তে আপোনালোক আকৌ এবাৰ ‘শালৰ চেপা’ত পৰাৰ আশংকা আছে।
এই মুহূৰ্তত নিজৰ প্ৰতিষ্ঠানটোৰ বিষয়ে বৰ বেছি একো ক’ব নিবিচাৰোঁ। কিয়নো আৱেগিক অৱস্থাত বস্তুনিষ্ঠ হোৱাটো সম্ভৱ নহয়। এনডি টিভিত ২৭ বছৰ পাৰ কৰিলোঁ। ইমান দীঘলীয়া এটা যাত্ৰাত বহু উত্থান-পতনো স্বাভাৱিকতে থাকে। কনিষ্ঠ, জ্যেষ্ঠ বহু সহযোগী, সতীৰ্থ সকলো এই যাত্ৰাৰ সহযাত্ৰী আছিল। অসংখ্য লোকে সহায় সমৰ্থন দিছিল। এই অনুভৱৰ বিষয়ে কেতিয়াও বস্তুনিষ্ঠভাৱে কোৱা সম্ভৱ নহয়, আৰু আজিৰ দিনটোতটো আৰু নোৱাৰি। কিয়নো কেতিয়াবা তথ্যৰ সৈতে আৱেগ মিহলি হৈ যায় আৰু আৱেগৰ ধুমুহাত পৰি বহু তথ্য ঢাক খাই যায়। এনডি টিভিৰ সৈতে মোৰ বহু স্মৰণীয় মধুৰ অভিজ্ঞতা জড়িত হৈ আছে। এতিয়া বন্ধুসকলক শুনোৱাবলৈ কামত আহিব। এই বৃহত প্ৰতিষ্ঠানটোৰ কোনো এজন ব্যক্তিৰ নাম লোৱা সহসসাধ্য নহয়। পেচাদাৰী জীৱনটোত যেতিয়া অনেক লোক জড়িত হৈ থাকে, তেনে ক্ষেত্ৰত কিদৰে এজন লোকৰ নাম লোৱাটো সম্ভৱ হ’ব! মই জানো যে, মোৰ বৰ্তমানৰ সহযোগী, পূৰ্বৰ সহযোগী সকলোৱে মোৰ মাজত নিজৰ নিজৰ অংশীদাৰিত্ব দেখা পায় আৰু সেয়া যুগুত কথাও। মই সকলোৰে পৰা কিবা নহয়, কিবা এটা পাইছোঁ। মই সকলোৰে ওচৰত কৃতজ্ঞ। এই মুহূৰ্তত মই সকলোৰে উজ্জ্বল চেহেৰাবোৰ দেখা পাই আছোঁ যিসকলে মোক সমৃদ্ধ কৰি তুলিছে। এগৰাকী জীয়ৰীয়ে যেতিয়া মাতৃগৃহ এৰি যায়, তেতিয়া তেওঁ বহু দূৰলৈকে এৰি অহা ঘৰখনলৈ ঘূৰি ঘূৰি চায় যায়। মই এতিয়া সেই স্থিতিত আছোঁ। এতিয়া মোক সেইটো কৰিবলৈ দিয়ক, পাছলৈ কেতিয়াবা বিস্তাৰিতভাৱে এনডি টিভিৰ কথা ক’ম। ডঃ ৰয়, ৰাধিকা ৰয়, এনডি টিভিৰ বিষয়ে মই এতিয়া বিভিন্ন কথা শুনিছোঁ। বিভিন্ন কথা লিখিছে, যিবোৰ কথা মই নিজেও প্ৰথমবাৰলৈ শুনিছোঁ বা জানিছোঁ। মই আচৰিত হৈছোঁ এইভাবি যে, সকলোৰে হাতত এনডি টিভি সম্পৰ্কত পৃথক পৃথক গুজৱ ভৰি আছে। এনে পৰিস্থিতিত মোৰ সেই ২৭ বছৰীয়া পৰিক্ৰমাৰ বিষয়ে ধৈৰ্যসহকাৰে, অলপ সুস্থিৰতাৰ কথা কোৱাৰ প্ৰয়োজন আছে।
এনডি টিভিয়ে এটা কথা শিকাইছে—সেয়া হ’ল টিভিৰ অৰ্থ এটাই—টীম। এংকৰক ষ্টাৰ সজোৱাৰ পৰম্পৰা আৰম্ভ হোৱাৰ পাছত এই ধাৰণা ক্ষতিগ্ৰস্ত হৈছে কিন্তু আজিও টিভিৰ বুনিয়াদ সেয়াই। যিমান ভাল টীম হ’ব সিমান ভাল কাম হ’ব। এই কথাখিনি এতিয়া ইয়াতেই সামৰিছোঁ। আৱেগৰহিত আন এটা সময়ত এই বিষয়ে আমি কথা পাতিব পাৰিম। এতিয়া এনডি টিভি এৰি অহাৰ কথাটোক লৈ স্বাভাৱিকতে মই নিজেও যথেষ্ট আৱেগিক হৈ আছোঁ, হয়তো আপুনিও।
১৯৯৬ চনৰ আগষ্টত মই এনডি টিভিৰ সৈতে আনুষ্ঠানিকভাৱে যুক্ত হৈছিলোঁ। অনুবাদৰ ৰূপত মোৰ এই প্ৰথম প্ৰত্যক্ষ সংযোগ হৈছিল। অৱশ্যে তাৰো আগেয়ে কেইবামাহো এই প্ৰতিষ্ঠানলৈ অহা চিঠিবোৰ সামৰি পঢ়া আৰু সেই বিষয়ে বিভিন্নজন এংকৰক, প্ৰযোজনক প্ৰতিবেদন দিয়াটো মোৰ দায়িত্ব আছিল। দেশৰ বিভিন্ন ঠাইৰ পৰা নিজ হাতে দৰ্শকে বিভিন্নজন এংকৰলৈ, অনুষ্ঠানৰ প্ৰযোজকলৈ লিখি পঠিওৱা চিঠিবোৰ পঢ়ি মই দেশত টিভিৰ দৰ্শক শ্ৰেণী এটা সৃষ্টিৰ প্ৰক্ৰিয়াটো দেখা পাইছিলোঁ। মোৰ কামটো দিন হাজিৰাৰ পৰ্যায়ৰ কাম আছিল আৰু সেই হিচাপতে মই মজুৰিও পাইছিলোঁ। মোৰ জীৱনত এই কাম আজিও অব্যাহত আছে। আজিও আপোনালোকে মোলৈ অসংখ্য মেছেজ লিখি পঠিয়ায়, হাতে লিখা চিঠিও আহে। আৰু মই সৰহসংখ্যক মেছেজ-চিঠি পঢ়োঁ আৰু কিছুসংখ্যকক উত্তৰ দিবলৈও চেষ্টা কৰোঁ। কেতিয়াবা মোৰ নিৰাশাৰ বিষয়েও আপোনালোকৰ সৈতে ভাগ-বতোৱাৰা কৰোঁ। মই আপোনালোকৰ ওচৰত মোৰ মনৰ ভাব লুকুৱাব নিবিচাৰোঁ কাৰণ মই আপোনালোকৰ ওচৰলৈ কথা কোৱাৰ বাবেই আহোঁ। আৰু যদিহে নিজকেই লুকুৱাবলৈ আৰম্ভ কৰোঁ তেন্তে সেয়া সম্পূৰ্ণৰূপে কোৱাটো নুবুজায়। এই চিঠিৰ মাধ্যমেৰে এনডি টিভিৰ সৈতে হোৱা মোৰ সম্পৰ্ক আজিলৈকে বৰ্তি আছিল, আগলৈও থাকিব। কিন্তু ইমানবোৰ পৰামৰ্শ, প্ৰশ্ন, উত্তৰ, প্ৰশংসা, অভিযোগ আৰু গৰিহনাৰ মাজত টোপনি যোৱা, সাৰ পোৱা আৰু জীয়াই থকাৰ প্ৰক্ৰিয়াটোৱে মোক আপোনালোকৰ জিম্মাত এৰি গ’ল। মই নিজৰ কাষত থকাই নাছিলোঁ। আপোনালোকৰ কাষলৈ গৈ আৰু ঘৰলৈ ঘূৰি অহাই নহ’ল। হয়তো নিজৰ কাষত ৰোৱাৰ বাবে এতিয়া অলপ সময় পাম। আজিৰ এই ক্ষণটো এনে এটা ক্ষণ, যিটো ক্ষণত এটা চৰাইয়ে তাৰ বাহটো বিচাৰি পোৱা নাই। কাৰণ আন কোনোবাই তাৰ বাহটো কাঢ়ি নিছে। কিন্তু চৰাইটো ভাগৰি নপৰালৈ উৰি থাকিবলৈ এখন মুকলি আকাশ প্ৰতিভাত হৈ উঠিছে।
সি যি কি নহওক, অনুবাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ সময়ৰ পৰা আজিলৈকে মই এটা দীঘল যাত্ৰা অতিক্ৰম কৰিলোঁ। ৰিপ’ৰ্টাৰ হিচাপে কাম আৰম্ভ কৰাৰ সময়ত ৰবীশ কী ৰিপ’ৰ্টৰ জৰিয়তে বহু কথা শিকিবলৈ সক্ষম হৈছিলোঁ। এনডি টিভিতেই এয়া সম্ভৱ হৈছিল যে, চিঠি বুটলি ফুৰা এজন লোক আহি ইয়াত গ্ৰুপ এডিটৰ হৈছিলহি আৰু আজি সেই পদ এৰিবলগীয়া হৈছে। বহু বৃহত শক্তি পিছফালে ঠিয় দি আছিল। গতিকে এনে এটা অৱস্থাৰ মুখামুখি হোৱাটো অৱধাৰিত আছিল। ইয়াৰ ধাৰণা মই আগতেই কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু সেই দিনটো আহি উপস্থিত হোৱাৰ পাছত নিসন্দেহে ভাল লগা অনুভৱ এটা নহয়। এইখিনিতে মই এটা অনুৰোধ কৰোঁ যে, যেতিয়াই মোৰ মূল্যায়ন কৰে তেন্তে এই সহানুভূতিৰে নকৰিব যে, মই এজন সাধাৰণ চিঠি গোটাওতা বা পঢ়োঁতাহে আছিলোঁ। মই তেওঁলোকৰ নিচিনা নহয় যে, হঠাতে চাহ বিক্ৰী কৰাৰ কথা ক’বলৈ আৰম্ভ কৰিম! মই নামিছোঁ উৰাজাহাজৰ পৰা আৰু কথা কৈছোঁ চাহ বিক্ৰীৰ। সহানুভূতিৰ বাবে বা নিজৰ সংঘৰ্ষক মহান বুলি প্ৰতিপন্ন কৰিবলৈ মই তেনে কৰিব নিবিচাৰোঁ। এই দেশত সকলো লোকৰে সংঘৰ্ষ পাহাৰ একোখন বগোৱাৰ সমান। আন নালাগে এইমছত ভৰ্তি হৈ থকা ৰোগগ্ৰস্তসকলৰ পৰিয়ালৰ লোকক সাক্ষাত কৰিলেই এইকথা অনুভৱ কৰিব পাৰিব যে, তেওঁলোকৰ জীৱন কিমান কঠিন আৰু আপোনাৰ দুখ কিমান কম, ক্ষুদ্ৰ। কিন্তু আজি মই আজিৰ দিনটোত আপোনালোকৰ আগত দৰ্শকৰ কথা ক’ব বিচাৰোঁ।
আজিৰ সময়ত বিভিন্ন পদ বা অৱস্থানত থকা লোকসকলক ভাঙি পৰা দেখিবলৈ পোৱা গৈছে—সকলোৱে দেখিছে। বিভিন্ন প্ৰতিষ্ঠান ভস্ম হোৱা সকলোৱে দেখিছে। ঘৃণাৰ ধুমুহাত মানুহক দিশহাৰা হৈ ঘূৰি ফুৰাও সকলোৱে দেখিছে। কিন্তু এইবোৰৰ মাজতে মই এটা নতুন প্ৰতিষ্ঠান বা সংস্থাটো গঢ় লৈ উঠাতো দেখা পাইছোঁ আৰু সেয়া হৈছে—জনতাৰ সংস্থা বা প্ৰতিষ্ঠান। দৰ্শকৰ প্ৰতিষ্ঠান। দৰ্শকেই নিজে নিজে এটা প্ৰতিষ্ঠানত পৰিণত হ’বলৈ গৈ আছে। এইসকল প্ৰতিষ্ঠানৰ সদস্য সংখ্যা বা এইসকল দৰ্শকৰ সংখ্যা হয়তো কম হ’ব পাৰে কিন্তু এই কম সংখ্যক দৰ্শক বা জনগণেই বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে গৈও গণতন্ত্ৰৰ জনতা নামৰ সংস্থাৰ গছজোপা শুকাই যোৱাৰ পৰা ৰক্ষা কৰিছে। এনডি টিভিত মই যেতিয়াই সুযোগ পাইছিলোঁ মই নিজৰ সৰ্বশক্তি উজাৰি দিছিলোঁ। মোৰ কাৰণে নহয়, মই পোৱা সুযোগবোৰ আপোনালোকৰ বাবে সদ্বব্যহাৰ কৰিব বিচাৰিছিলোঁ আৰু সেই সুযোগবোৰ দৰ্শকৰ কাহিনীৰে ভৰাই দিছিলোঁ। ঠিক সেইদৰেই মই দৰ্শকৰ হৈ গৈ আছিলোঁ। মই জানো মোৰ ওপৰত দৰ্শকৰ ডাঙৰ এটা অধিকাৰবোধ আছিল। আপোনালোকৰ বাবেই মোৰ আশে-পাশে এটা নিউজ ৰূম গঢ়ি উঠিছিল। পাব্লিক নিউজ ৰূম। সেয়া মোৰ কাৰ্যালয়ৰ ভিতৰত নাছিল, আপোনালোকৰ ঘৰত আছিল, আপোনালোডকৰ মন-মগজুত আছিল। দেশ-বিদেশৰ অসংখ্য দৰ্শকে বিনা প্ৰতিদানেৰে মোক সহায় কৰি গৈছিল। মোৰ প্ৰতিটো অনুষ্ঠানেই একো একোজন দৰ্শকৰ সহায়-সহযোগৰে উদাহৰণ। আপোনালোকেই মোৰ জ্ঞান আৰু অভিজ্ঞতাক শক্তিশালী কৰিছিল, মোক সমালোচনা কৰিছিল, মোক সমৃদ্ধও কৰিছিল। বিভিন্ন ঠাইৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিয়ে মোৰ সৈতে জড়িত হৈছিল মোক সহায় কৰিছিল আৰু তেওঁলোক নিজেও একো একোগৰাকী সাংবাদিকলৈ পৰিৱৰ্তিত হৈছিল আৰু সাংবাদিকতাৰ এই সৰু দ্বীপটো নিঃশেষ হোৱাৰ পৰা ৰক্ষা কৰি আছিল। দৰ্শক সৃষ্টিৰ এই প্ৰক্ৰিয়াটোৰ ক্ষয়িষ্ণু ৰূপটো দেখা আৰু সেয়া পুনৰ ঠন ধৰি উঠাৰ প্ৰক্ৰিয়াৰ মুখামুখি হোৱাটো বৰ সুখকৰ অভিজ্ঞতা আছিল। দৰ্শকেই মোক সমৃদ্ধি দিছিল, দৰ্শকেই মোৰ দুৰ্বলতা দূৰ কৰিছিল। দৰ্শকেই আছিল মোৰ সম্পাদক।
মই প্ৰায়েই কওঁ, এজোপা গছত অসংখ্যজাক বৰষুণৰৰ পানী জমা হৈ থাকে। আপোনালোকৰ দৰে দৰ্শক থকা বাবেই কোনোবা এজন ৰবীশ কুমাৰৰ অস্তিত্ব বৰ্তি থাকে। প্ৰতিটো ঋতুৰ ৰুক্ষতাতে আপোনালোক বৰষুণৰ ৰূপত আহে, শুকান গছ এজোপাক পুনৰ সজীৱতা দিবলৈ আপোনালোক আহে। যিসময়ত এটাও সংস্থা শক্তিশালীভাৱে বৰ্তি থকাৰ উমান পাবলৈ বিৰল হৈ পৰিছে, আদালত পৰ্যন্ত দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে, ইয়াৰ মাজতে দৰ্শকৰ ৰূপত আপোনালোক প্ৰতিভাত হৈ উঠিছিল। আজিৰ যুগ সাংবাদিকতাৰ ক্ষেত্ৰখনত আপোনালোকেই আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠান। সাংবাদিকতা এতিয়া কোনো প্ৰতিষ্ঠানতে বৰ্তি থকা নাই, আপোনালোকৰ দৰে দৰ্শকৰ মাজতহে ই বৰ্তি আছে। যিসকলৰ সহযোগত আজিও কিছুসংখ্যক সাংবাদিকে প্ৰশ্ন কৰিবলৈ সক্ষম হৈছে। এয়াই আজিৰ সময়ত আটাইতকৈ ডাঙৰ বৰঙণি। হয়তো কোনোবাই জনতাৰ কণ্ঠক, অভিমতক সম্পূৰ্ণৰূপে পদপিষ্ট কৰি তুলিব, তেওঁলোকৰ কণ্ঠস্বৰত ধৰ্মীয় বিদ্বেষৰ কদৰ্যদতাক মিহলি কৰাৰ চেষ্টা কৰিব, গণতন্ত্ৰক নিঃশেষ কৰি পেলাব কিন্তু আপোনালোকৰ দৰে দৰ্শক থকা কথাটোৱে সদায়ে সাহস দিয়ে। গণতন্ত্ৰ যদি কোনোবাদিনা নিঃশেষো হৈ যায়, তথাপি তাৰ আকাংক্ষা কেতিয়াও নিঃশেষ নহয়। কিয়নো আপোনালোকে নিজৰ দায়িত্ববোধ আৰু জবাবদিহিক খুব ভালদৰে অনুধাৱন কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকৰ স্নেহ, প্ৰশ্ৰয় আৰু আন্তৰিকতাক মই এনডি টিভিতকৈ অধিক স্মৰণ কৰিব বিচাৰোঁ। আপোনালোক নাথাকিলে মই একো কৰিব নোৱাৰিলোঁহেঁতন। মাজে মাজে ভাব হয় মই মোৰ প্ৰতিষ্ঠানৰ কম, আপোনালোকৰ প্ৰতিনিধি অধিক আছিলোঁ।
এনডি টিভিত কাম কৰিবলৈ মোক স্বাধীনতা দিয়া হৈছিল। নিৰ্বিৰোধ স্বাধীনতা মই উপভোগ কৰিছিলোঁ। আৰু এই স্বাধীনতাক মই সদায় সযত্নে ৰাখিছিলোঁ কিয়নো আপোনালোকৰ তীক্ষ্ণদৃষ্টি মোৰ ওপৰত আছিল। সদায় নিজকে চম্ভালি গৈছিলোঁ যাতে মই ক’তো ভুল কৰি নেপেলাওঁ। মোৰ মাজত অহংকাৰৰ সৃষ্টি নহয়, আৰু তাৰ ফলত মোৰ স্বাধীনতা হৰণ নহয়। তাৰ মাজতে পৃথিৱীখন সলনি হৈ গৈ থাকিল তথাপি মই টেষ্ট মেচৰ খেলুৱৈৰ দৰে মই স্থিৰ হৈ ক্ৰিজত বৰ্তি থাকিলোঁ। কিন্তু এতিয়া কোনোৱে আহি মেচখনেই বন্ধ কৰি দিলে। ইয়াক টি-২০লৈ সলনি কৰি পেলালে। জনতাক চাৰিঅনা বুলি ভবা লোক সকলো দেশতে আছে, আমাৰ দেশতো আছে। তেওঁলোকে যদি দাবী কৰে যে, তেওঁলোকে আপোনালোকলৈ সঠিক তথ্য প্ৰেৰণ কৰিব বিচাৰে তেন্তে ইয়াৰ অৰ্থ হৈছে যে, তেওঁলোকে ডলাৰ নিজৰ জেপত ৰাখি আপোনালোকক চাৰিঅনা যাচিব খুজিছে। সাংবাদিকে এটা বাতৰি লিখা বাবে তেওঁলোকে গোচৰ ৰুজু কৰায় আৰু সতসংগলৈ আহি এইবুলি প্ৰবচনো দিয়ে যে, তেওঁলোকে সাংবাদিকতাৰ কল্যাণ কামনা কৰে। আপোনালোকৰ দৰে দৰ্শকে নিজৰ ভাল-বেয়াৰ সেইখিনি বোধ নিশ্চয় ৰাখে। সেইবাবেই মই আজি মোৰ এৰি অহা প্ৰতিষ্ঠানখনতকৈও আপোনালোকক অধিক স্মৰণ কৰিব বিচাৰোঁ।
আপোনালোকৰ মাজলৈ যোৱাৰ যিবোৰ সুযোগ মোলৈ আহিছিল সেই সুযোগবোৰৰ জৰিয়তে মই এটা কথা অনুভৱ কৰিছিলোঁ যে, আপোনালোকে চৰকাৰক কি দৃষ্টিৰে চায়। মই নিজেও সেই দৃষ্টিৰে চাবলৈ চেষ্টা কৰিছিলোঁ। সেইবাবেই মোৰ বিশ্বাস যে, আপোনালোকৰ সক্ৰিয়তাৰ মাজতে ভাৰতৰ গণতন্ত্ৰৰ প্ৰাণ স্পন্দন বৰ্তি আছে। শ্বাহীনবাদ বা কৃষক আন্দোলনৰ অবিচলতাৰ মাজতে মই সূৰ্যৰ কিৰণ দেখা পাওঁ। আপোনালোকক জনতা হৈ উঠা মই দেখিছোঁ। আপোনালোকৰ প্ৰতি মোৰ বিশ্বাস গাঢ় হৈ গৈ আছে। ‘তন্ত্ৰ’ শেষ হৈ গ’লেও জনতাৰ মাজত ’জন’ বৰ্তি আছে আৰু এই জনেই এদিন ইয়াতকৈ উন্নততৰ তন্ত্ৰ গঢ় দিব। এতিয়া একাংশ লোকে বিশ্বাস কৰিবলৈ লৈছে যে, সমস্ত তন্ত্ৰ তেওঁলোকৰ নিয়ন্ত্ৰনলৈ আহি গৈছে। জনতাৰ কোনো গুৰুত্ব নাই। সংবাদ মাধ্যমক নিঃশেষ কৰাৰ জৰিয়তে বিৰোধী আৰু জনতাক নিঃশেষ কৰি পেলোৱা হৈছে। এয়া হয়তো সঁচাও কিন্তু এয়াই শ্বাশ্বত নহয়। এদিন নহয় এদিন যেতিয়া জনগণে ঘৃণাৰ মনোভাবেৰে জৰ্জৰিত হৈ উঠিব তেতিয়া তেওঁলোকে নতুন ভূমিৰ সন্ধান কৰিব। তেতিয়াই তেওঁলোকক কোনো এগৰাকী সাংবাদিকৰ কথা মনলৈ আহিব। ঘৃণাৰ গোলামীৰ পৰা মুক্তিৰ পথ আপোনালোকেই নিৰ্মাণ কৰিব। আপোনালোকেই নিৰ্মাণ কৰিব লাগিব।
এতিয়া ভাৰতত সংবাদ মাধ্যমৰ স্থান সলনি হৈছে। নতুন প্ৰজন্মৰ যিসকলৰ প্ৰতিনিধিয়ে এতিয়া সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকৰ কথা মই ভাবোঁ। হাজাৰ হাজাৰ, লাখ লাখ টকা খৰচ কৰি শিক্ষা গ্ৰহণ কৰি আছে। কিন্তু তাৰ পৰা ওলাই আহি তেওঁলোকে দালালিৰ কামহে কৰিব লাগিব। কিয়নো সাংবাদিকতাৰ বাবে এতিয়া কোনো প্ৰাতিষ্ঠানিক স্থান বৰ্তি থকা নাই। এনে পৰিস্থিতিৰ মাজত এতিয়া যিসকল সাংবাদিকে কাম কৰি আছে, যিসকলে কাম কৰিবলৈ অগ্ৰসৰ হৈছে, তেওঁলোকে যুঁজ কৰিব লাগিব। বহুতেই এইকথা কয় যে, চাকৰিৰ দায়বদ্ধতা বা অবিকল্প প্ৰয়োজনীয়তাৰ বাহিৰে সাংবাদিকতাৰ কোনো চৰ্ত এতিয়া মনলৈ নাহে, কোনো উৎসাহ মনত নাই। আনকি এতিয়া দেশৰ ন্যায়াধীশেও ক’বলৈ আৰম্ভ কৰিছে যে, জামিন প্ৰদান কৰিলে ন্যায়াধীশক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ আশংকা হ’বলৈ ধৰিছে। য’ত ন্যায়াধীশেই শংকিত এনে এটা সময়ত এইবুলি কোৱাটো এটা পাপ যে, মোৰ ভয় নালাগে। এজন শংকিত, ভীতিগ্ৰস্ত সাংবাদিকে এজন মৃত নাগৰিকৰহে জন্ম দিয়ে। সেইবাবে এইবুলি ক’বলৈ শিকক যে, মোৰ ভয় নালাগে। মই শংকিত নহওঁ। আপুনি সেইখন দেশৰ নাগৰিক যিয়ে খালী ভৰিৰে ব্ৰিটিছ সাম্ৰাজ্যক মূৰ দোৱাবলৈ বাধ্য কৰি তুলিছিল। মই এইকথা বিশ্বাস নকৰোঁ যে, শাসকৰ শৰণাগত সংবাদ মাধ্যমৰ কৱলৰ পৰা আপোনালোক ওলাই আহিব নিবিচাৰিব। মোৰ বিশ্বাস আপোনালোক ওলাই আহিব। এই গোলামীৰ মাজত আপোনালোক সদায় থাকিব নোৱাৰে। এই গোলমীৰ পৰিসৰ ভাঙি ওলাই আহিবলৈ সকলোৱে সংগ্ৰাম কৰিব লাগিব। অন্যথা এই পৃথিৱীত কোনেও মূৰ তুলি ঘূৰি ফুৰিব নোৱাৰে। আপোনালোকৰ পৰিচয় হৈ পৰিব স্বাধীন দেশৰ শৰণাগত সাংবাদিকতাৰ গোলাম হিচাপেহে। এই সংকটৰ গভীৰতাক অনুধাৱন কৰক। এতিয়া আইনৰ দোহাই দি অধিকাৰ হৰণ কৰা হৈছে। মত প্ৰকাশৰ ইচ্ছা বা চেষ্টাক ভেটা দিয়া হৈছে যাতে সকলো অবৈধ কাম বৈধ যেন ধাৰণা হয়।
এইসময়ত মোৰ পথ নিশ্চিত নহয়। নিশ্চিত বুলি যদি কিবা আছে সেয়া হৈছে উছাহ। ইয়াকো বেছি ভৰসা কৰিব নোৱাৰি। কেতিয়াবা ই আকাশ চুব খোজে আৰু কেতিয়াবা পাতাললৈ পতিত হয়। এতিয়াৰ পৰা মোক হয়তো ইউটিউব বা ফেচবুকতে  দেখা পাব। ‘ৰবীশ কুমাৰ অফিচিয়েল’ নামেৰে এটা ইউটিউব চেনেল মই আৰম্ভ কৰিছোঁ। এনডি টিভিত মোক নেদেখিব। কোনো প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থাকিলে তাৰ মৰ্যাদা বেলেগ হয়, ব্যক্তিগত পৰ্যায়ত কাম কৰাৰ প্ৰত্যাহ্বান বহুত থাকে। মই এনডি টিভিৰ পৰা পদত্যাগ কৰিছোঁ। ‘নমস্কাৰ মই ৰবীশ কুমাৰ’ এই কথাষাৰ সেই চেনেলটোত আৰু আপোনালোকে শুনিবলৈ নাপাব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.