ভোটৰ আশাত গঠন কৰিছিল NEDA?

Share This Article

বিগত ৩ মে’ৰ পৰা একেৰাহে জ্বলিছে মণিপুৰ ।ঘৰ জ্বলিছে,মানুহ জ্বলিছে,মৃত্যু হৈছে নিৰীহ জনতাৰ !মণিপুৰ চৰকাৰ সম্পূৰ্ণভাৱে বিফল হৈছে৷ভয়ানকভাবে মুখথেকেঁচা খাইছে মণিপুৰৰ ডাবল ইঞ্জিন চৰকাৰ।বিগত প্ৰায় ডেৰ মাহৰো অধিক কাল কুকি-মেইতেৰ মাজৰ ভয়ানক সংঘৰ্ষত প্ৰাণ গৈছে প্ৰায় শতাধিক লোকৰ।উল্লেখ্য যে মণিপুৰ আৰু মিজোৰাম দুয়োখন প্ৰতিবেশী ৰাজ্য।দুয়োখন ৰাজ্যৰ জনতাৰ এখন ৰাজ্যৰ লগত আনখনৰ সম্পৰ্ক আছে৷জাতিগতভাৱেও ইটো জনগোষ্ঠীৰ আনটো জনগোষ্ঠীৰ লগত আছিল এক আত্মিক সম্পৰ্ক।বিগত ৩ মে’ৰ পৰা কুকিসকলৰ বাবে পৃথক প্ৰশাসন ব্যৱস্থাৰ দাবী তুলি আহিছিল কিছুসংখ্যক মিজো ৰাজনৈতিক নেতাই।তেওঁলোকৰ মতে কুকি লোকসকলে মেইতেই অধ্যুষিত মণিপুৰত যিমান গুৰুত্ব তথা সা-সুবিধা লাভ কৰিব লাগিছিল সিমান লাভ কৰা নাই।মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাই মণিপুৰত ৰাষ্ট্ৰপতি শাসন দাবী কৰিছে।উল্লেখ্য যে মিজো নেশ্যনেল ফ্ৰণ্টৰ প্ৰতিনিধি ভানলালভেনাৰ দলটো কেন্দ্ৰত NDA ৰ সহযোগী দল হিচাপে আছে।ভানলালভেনাৰ মতে মণিপুৰত শান্তি অনাৰ বৰ্তমান দুটাই পথ।এটা হ’ল মেইতে আৰু কুকিৰ বাবে পৃথক প্ৰশাসনৰ ব্যৱস্থা কৰা।কাৰণ দুয়োটা জনগোষ্ঠীকে দুয়ো ফালৰ পৰা সুৰক্ষাৰ প্ৰয়োজন।মেইতেৰ জনসংখ্যা যথেষ্ট বেছি আৰু স্বয়ং মুখ্যমন্ত্ৰী বীৰেন সিঙেও মেইতে জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।দ্বিতীয়তে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসন দাবী কৰিছে।মণিপুৰৰ এন বীৰেন সিং চৰকাৰ সম্পূৰ্ণভাবে বিফল হৈছে গতিকে তাত আৰু এই চৰকাৰ চলাই থকাৰ কোনো যুক্তি নাই।মণিপুৰৰ প্ৰায় ১০ হাজাৰ লোকে বৰ্তমান মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে।বাংলাদেশৰ প্ৰায় ২হাজাৰ আৰু ম্যানমাৰৰ প্ৰায় ৩০ হাজাৰ শৰণাৰ্থীয়ে ইতিমধ্যে আশ্ৰয় লৈ আছে।KIসবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল NEDA অৰ্থাৎ North East Democratic Alliance গঠন হৈছিল ২০১৬ চনৰ ২৪ মে’ত।ইয়াৰ গঠনৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ স্বাৰ্থ তথা অধিকাৰ সুৰক্ষিত কৰা আৰু অকংগ্ৰেছী দলবোৰক একত্ৰিত কৰা ।এই নেডাৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ ছিকিমকে ধৰি মুঠ ৮ খন ৰাজ্যত শাসনলৈ আহিবলৈ সক্ষম হৈছিল বিজেপি।শেহতীয়াকৈ মেঘালয়ত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে মাত্ৰ ২খন আসন লাভ কৰিয়েই চৰকাৰ গঠনৰ অংশীদাৰ হৈছিল।নাগালেণ্ডতো একে উপায়েৰেই ক্ষমতা দখল কৰিছিল বিজেপিয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপি সভাপতি জে পি নাড্ডায়ো ডাবল ইঞ্জিনৰ চৰকাৰেহে প্ৰকৃত উন্নয়ন আনিব বুলি দাবী কৰি আহিছিল।এখোপ আগুৱাই প্ৰধানমন্ত্ৰী মোডীয়ে অষ্টলক্ষ্মী আখ্যা দিছিল মণিপুৰক ।সেই মণিপুৰ আজি জ্বলিছে৷কিন্তু মণিপুৰবাসীক মাত এষাৰ দিবলৈ সময় ওলোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।আনহাতে,কুকি উগ্ৰপন্থীৰ লগত বুজাবুজি কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাট মুকলি কৰা বুলি অভিযোগ উত্থাপন হোৱা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোনোধৰণৰ গুৰুত্বই দিয়া নাই মণিপুৰ জ্বলি ছাৰখাৰ হোৱা বিষয়টোত।শেহতীয়া প্ৰধানমন্ত্ৰীৰ মন কী বাতটো গুৰুত্ব নাপালে মণিপুৰৰ সমস্যাই যাক লৈ অত্যন্ত ক্ষোভিত হৈছে মণিপুৰী জনতা !এইবাৰ প্ৰধানমন্ত্ৰীৰ কোনো কথাত,প্ৰতিশ্ৰুতিত ভোল নাযায় মণিপুৰী জনতা আৰু যদি যায়ো মণিপুৰত কেতিয়াও অন্ত নপৰিব গোষ্ঠী সংঘৰ্ষৰ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.