ভাৰত বন্দিত,নিউয়ৰ্ক টাইমচ নিন্দিত !

Share This Article

চন্দ্ৰযান থ্ৰী চন্দ্ৰপৃষ্ঠত প্ৰবেশ কৰিলে বুধবাৰে বিয়লি ৬ বাজি ৪ মিনিটত।সমগ্ৰ ভাৰতবাসী উৎফুল্লিত৷দক্ষিণ মেৰুত বুধবাৰে চন্দ্ৰযান প্ৰৱেশৰ লগে লগে মহাকাশ অভিযানত ইতিহাস ৰচে ভাৰতে।২০১৪ চনত ভাৰতে মংগলযান পঠিয়াইছিল মঙল গ্ৰহলৈ।মংগলযান পঠিওৱাত সফল হৈছিল ভাৰত।মঙলৰ কক্ষপথত এই যাত্ৰা সম্পূৰ্ণ কৰাৰ বাবদ ভাৰতৰ ব্যয় হৈছিল ৪৫০ কোটি টকা।যিকোনো গ্ৰহলৈ পঠিওৱা যানৰ ক্ষেত্ৰত সবাতোকৈ কম ব্যয় হৈছিল ভাৰতৰ মঙলযানত।ইয়াৰ আগতে আমেৰিকা,ৰাছিয়া আৰু ইউৰোপেও মঙল গ্ৰহলৈ যান পঠিয়াইছিল।ভাৰতৰ মঙলযান সফল হোৱাৰ পিছতে নিউয়ৰ্ক টাইমচে এটা কাৰ্টুন প্ৰকাশ কৰিছিল।কাৰ্টুনটোত এগৰাকী ভাৰতীয় গঞাই ‘ ইলাইট স্পেচ ক্লাব’ৰ দুৱাৰত টোকৰ দিয়া দেখুওৱা হৈছিল।আনহাতে কোঠাৰ ভিতৰত দুগৰাকী ব্যক্তিক পশ্চিমীয়া ড্ৰেছত দেখুওৱা হৈছিল।কাৰ্টুনটো প্ৰকাশৰ পিছতে সমগ্ৰ ভাৰতত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল।মহাকাশৰ সফলতাক বৰ্ণবাদী আচৰণেৰে কাৰ্টুন বনোৱাক কেন্দ্ৰ কৰি ভাৰতবাসীয়ে প্ৰতিবাদ কৰিছিল।এই প্ৰতিবাদত শিৰনত হৈ ক্ষমা খুজিবলৈ বাধ্য হৈছিল নিউয়ৰ্ক টাইমচৰ সম্পাদকীয় পৃষ্ঠাৰ সম্পাদক এন্দ্ৰিউ ৰজেনথালে।বিবিচিৰ তথ্য অনুসৰি এন্দ্ৰিউ ৰজেনথালে আনকি তেওঁৰ ফেচবুকত পষ্ট লিখিছিল এনেদৰে ‘ যথেষ্ট সংখ্যক পঢ়ুৱৈয়ে এই কাৰ্টুনটোৰ বিৰোধিতাৰে অভিযোগ উত্থাপন কৰিছিল।’’ কাৰ্টুনিষ্ট হেং কিম চঙে এই কাৰ্টুনৰ জৰিয়তে মহাকাশ অভিযান যে এতিয়া সহজসাধ্য তাকে বুজাব বিচাৰিছিল।ছিংগাপুৰৰ মিষ্টাৰ হেঙে প্ৰায়ে তেওঁৰ ছবি বা কাৰ্টুনত ব্যৱহৃত ভাষাবোৰত উচতনিমূলক শব্দ ব্যৱহাৰ কৰে।আন্তৰাষ্ট্ৰীয় বিষয়ত তেওঁ প্ৰায়ে এনে ধৰণৰ ভাষা ব্যৱহাৰ কৰে৷যিসকল পঢ়ুৱৈয়ে আমাৰ এই কাৰ্টুনৰ বাবে আঘাত পাইছে আমি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ।’ মিষ্টাৰ ৰজেনথালে লগতে কয় ‘ মিষ্টাৰ হেঙে কোনো কাৰণতে ভাৰত অথবা ইয়াৰ নাগৰিকক দুখ দিব বিচৰা নাছিল৷’চন্দ্ৰযানৰ সফলতাৰ পিছত এতিয়া চ’ছিয়েল মেডিয়াত নিউয়ৰ্ক টাইমচক টেগ কৰি প্ৰায়সংখ্যক ভাৰতীয়ই লিখিছে ‘এতিয়া আমাক নতুন কাৰ্টুন লাগে।’ ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা ওৱাই সতীশ ৰেড্ডীয়ে কয় ‘ তোমালোকে আমাৰ দক্ষতা তথা সক্ষমতাৰ ওপৰত সন্দেহ কৰিছিলা।আজি তোমালোকক আমাৰ বিজয়েৰে শব্দহীন কৰি পেলালোঁ।এতিয়া আগবাঢ়া আৰু এটা নতুন কাৰ্টুন আঁকা।কিছুসংখ্যক টুইটাৰ ব্যবহাৰকাৰীয়ে আকৌ টাইমচ অব ইণ্ডিয়াৰ এটা কাৰ্টুনেৰে নিউয়ৰ্ক টাইমচক প্ৰত্যুত্তৰ দিছে।টাইমচ অফ ইণ্ডিয়াৰ কাৰ্টুনটো ২০১৭ চনত প্ৰকাশ পাইছিল।এটা মাত্ৰ ৰকেটেৰে ১০৪ টা উপগ্ৰহ পঠিয়াই অভিলেখ গঢ়িছিল ভাৰতে।ইলাইট স্পেচ ক্লাবৰ ভিতৰত তেতিয়া পশ্চিমীয়া ড্ৰেছেৰে দুজন ব্যক্তি বহি আছিল আৰু তাতেই বহি আছিল এগৰাকী ভাৰতৰ গঞা লোক।নিউয়ৰ্ক টাইমচৰ কাৰ্টুনটোৰ লগতে এগৰাকী ভাৰতীয়ই ৰকেট লৈ ক্লাবটোৰ বাহিৰত ৰৈ থকা দেখা গৈছিল কাৰ্টুনটোত।বুধবাৰে চন্দ্ৰযানৰ সফলতাৰ পিছত টাইমচ অব ইণ্ডিয়াৰ কাৰ্টুনটো নিজৰ নিজৰ সামাজিক মাধ্যমত আপলোড কৰি কিছুসংখ্যকে লিখিছে যে এতিয়া উন্নত দেশে ভাৰতৰ পৰা মহাকাশলৈ মহাকাশযান পঠিওৱাৰ কৌশল শিকিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.