ভাৰত জোড়োৱে জোৰা লগালেনে ভাৰতীয়ক ?

Share This Article

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল কি হ’ব?পাৰিবনে INDIA ই ভাল ফলাফল দেখুৱাবলৈ ?ইণ্ডিয়া টুডে মুড অব দ্যা নেশ্যনে সমগ্ৰ ভাৰতত চলাইছিল সমীক্ষা।২০২৩ চনৰ ১৫ জুলাইৰ পৰা ২০২৩ চনৰ ১৪ আগষ্টলৈ এই সমীক্ষা চলিছিল।সমীক্ষা অনুসৰি লোকসভা নিৰ্বাচন যদি আজি অনুষ্ঠিত হয় ,বিজেপিয়ে ২৮৭ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৪ খন আসন লাভ কৰিব।৫২% লোকে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে আৰু ১৬% ই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে।
সমীক্ষাৰ প্ৰশ্ন আছিল –
গান্ধী পৰিয়ালৰ বাহিৰে কংগ্ৰেছৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত আন কাক তেওঁলোকে উপযুক্ত বুলি ভাবে?
২৬% লোকে ভাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ইয়াৰ বাবে উপযুক্ত,২০% ই ভাবে শচীন পাইলট উপযুক্ত আৰু আন ৭% ই ভাবে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে উপযুক্ত।

সমীক্ষাৰ দ্বিতীয় প্ৰশ্ন আছিল-
‘ভাৰত জোড়ো’ যাত্ৰাই কেনেধৰণৰ প্ৰভাৱ পেলাইছে বুলি আপোনালোকৰ ধাৰণা?

৪৪% লোকৰ মতে যাত্ৰাই কংগ্ৰেছৰ ভাৱমূৰ্ত্তি উজ্জ্বল কৰিছে৷৩৩% লোকৰ মতে যাত্ৰাই কোনো বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে৷ঠিক একে সময়তে ১৩% লোকৰ মতে কংগ্ৰেছৰ ভাবমূৰ্তি ভাৰত জোড়ো যাত্ৰাই তললৈহে নিলে।

তৃতীয় প্ৰশ্নটো আছিল বিৰোধী নেতৃত্ব কোনজন নেতাই লোৱাটো আপোনালোকে বিচাৰে?

২৪% লোকে ৰাহুল গান্ধীক বিৰোধী ঐক্যৰ মূৰব্বী হিচাপে বিচাৰে৷১৫% লোকে মমতা বেনাৰ্জীক মূৰব্বী হিচাপে বিচাৰে।আন ১৫% আকৌ অৰবিন্দ কেজৰিৱালক মূৰব্বী হিচাপে বিচাৰে৷আনহাতে ৫% লোকে অখিলেশ যাদৱক মূৰব্বী হিচাপে বিচাৰে।

চতুৰ্থ প্ৰশ্নটো আছিল

বিৰোধীয়ে যেতিয়া প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণাত্মক ৰূপত সমালোচনা কৰে তেতিয়া তেওঁলোকৰ কেনে অনুভৱ হয় ?

৩৮% লোকৰ মতে তেওঁলোকৰ বেয়া লাগে৷৩৩% লোকৰ মতে তেওঁলোকে সুখী অনুভৱ কৰে৷১৫% লোকে আকৌ ভাৱে প্ৰধানমন্ত্ৰীয়েই এই সকলোৰে বাবে দায়ী।

পঞ্চম প্ৰশ্নটো আছিল-
ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্য পদ হেৰুওৱাৰ পিছত তেওঁলোকে কেনে অনুভৱ কৰিছিল?

৩১% লোকে এইটো ঠিক সিদ্ধান্ত বুলি ক’ব বিচাৰে আৰু ২১%লোকৰ মতে সিদ্ধান্তটো যথেষ্ট কঠোৰ হৈছে।
অৱশ্যে ইণ্ডিয়া টুডেৰ সমীক্ষা কিমান সঁচা সেয়া প্ৰমাণ হ’ব ২০২৪ চনৰ এপ্ৰিলতহে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.