ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে

Share This Article

ভাৰতত হোৱা ক’ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক’ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে।

দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ক’ৰোনাত আক্ৰান্ত ৰোগীসমূহৰ নমুনা সংৰক্ষণ কৰি গৱেষণা চলাই আহিছে ভাৰতীয় বিজ্ঞানীসকলে। ভাইৰাছবিধৰ জিনৰ গঠন বিন্যাস সম্পৰ্কে গৱেষণা চলাইছিল সংগ্ৰহীত নমুনাসমূহৰ ওপৰত। তাৰপিছতেই পোহৰলৈ আহিছে এই নতুন তথ্য। অন্যান্য দেশৰ তুলনাত ভাৰতত সংক্ৰমিত হোৱা এই ভাইৰাছৰ জিনৰ শক্তি কম। সেয়ে সংক্ৰমণ হোৱাৰ ক্ষমতাও সীমিত। ইতিমধ্যেই  ছেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজী(CCMB) গৱেষণাগাৰত এই সম্বন্ধে গৱেষণা কৰা হৈছে।

আনহাতে গৱেষকসকলে কয় -“জিনৰ গঠন বিন্যাসৰ কিমান পৰিৱৰ্তন ঘটে, কি কি পৰিৱৰ্তন হয়-তাক বিশ্লেষণ কৰি এক নতুন ক্লাষ্টাৰ ছিকুৱেন্স লাভ কৰিছে। ৬৪টা ভাইৰেল ষ্ট্ৰেনৰ পূৰ্ণাংগ গঠন বিন্যাসৰ দ্বাৰা এই নতুন ক্লাষ্টাৰ লাভ কৰিছে। এই ফাইলোজেনেটিক ক্লাষ্টাৰৰ নাম Clade I/A3i।”

CCMBৰ গৱেষকে জানিবলৈ দিয়ে -“কোনো ৰোগৰ প্ৰতিৰোধৰ বাবে ভাইৰাছবিধৰ গঠন বিন্যাসৰ বিশ্লেষণৰ প্ৰয়োজন। ভাইৰাছ বিধৰ সকলোতকৈ কম শক্তিশালী অংশটোৰ বিচাৰিব লাগে। আৰু তাৰবাবেই বাৰে বাৰে গৱেষণা কৰাৰ প্ৰয়োজন। গঠন আৰু তাৰ পৰিৱৰ্তন সম্পৰ্কে গৱেষণা কৰি থকা হৈছে। তাৰপিছতেই সেই দুৰ্বল অংশত ভেকচীন প্ৰয়োগ কৰা হব। এতিয়া কেৱল সময় আৰু সুবিধালৈ অপেক্ষা কৰি আছো। তাৰপিছতেই বিজয়প্ৰাপ্তি হব।”

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.