ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

Share This Article

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ।

শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি চিডাম্বৰমৰ দেহতো ধৰা পৰিছে কৰোনা ভাইৰাছ। যোৱা কালি টুইটাৰ যোগে সাংসদ জনে নিজেই এই কথা জনাইছে।

ইয়াৰ লগতে যোৱা দেওবাৰে কৰোনা ধৰা পৰিছে কৰ্ণাটকৰ বিজেপিৰ মুখ্য মন্ত্ৰী বি এছ য়াদুৰাপ্পা, তামিলনাডুৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত, উত্তৰ প্ৰদেশৰ বিজেপি সভাপতি স্বতন্ত্ৰ দেৱ সিঙৰ লগতে ৰাজ্যখনৰ জল শক্তি মন্ত্ৰী মহেন্দ্ৰ সিঙৰ। ইয়াৰ উপৰিও ৰাজ্যখনৰ আন ৫ জন মন্ত্ৰী কৰোঁতে আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

অন্যহাতেদি উত্তৰ প্ৰদেশৰ কাৰিকৰী শিক্ষা মন্ত্ৰী কামলা ৰাণী ভৰুণৰ যোৱা দেওবাৰে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়।

যোৱা জুলাই মাহত মধ্য প্ৰদেশৰ বিজেপিৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্য খনৰ ৯ জন বিধায়কৰ ক’ভিড-১৯ পজিটিভ আহিছিল।

যোৱা জুন মাহত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধীৰো কৰোনা ভাইৰাছ পজিটিভ আহিছিল।

মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ নেতৃত্বৰ সন্মিলিত চৰকাৰৰ ৫ জন মন্ত্ৰী এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে।

একেদৰে, তামিলনাডু চৰকাৰৰ ৪ জন মন্ত্ৰী, উত্তৰাখণ্ড চৰকাৰৰ এজন, বিহাৰ চৰকাৰৰ এজন মন্ত্ৰী কৰোনাত আক্ৰান্ত হৈছে।

তেলেংগানাতো এই পৰ্যন্ত দুজন বিধায়ক কৰোনা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

তামিলনাডুৰ বহুকেইজন বিধায়ক কৰোনাত আক্ৰান্ত হোৱাৰ লগতে DMK ৰ বিধায়ক জে আনবাঝাগান কোভিড আক্ৰান্ত হৈ যোৱা জুন মাহত মৃত্যু হৈছে।

পশ্চিম বংগটো ৬০ বছৰীয়া তোমানাশ ঘোষ কৰোনাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.