সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভয়ংকৰ মন্দাৱস্থা,হেৰুৱাব পাৰে চাকৰি !

 

প্ৰণৱ ডেকা 🖋️
99570 83998

- Donation -

Recession অৰ্থাৎ মন্দাৱস্থা!
আমি কলেজত যেতিয়া অৰ্থনীতিৰ কথা পঢ়িছিলোঁ তেতিয়া প্ৰায় এই শব্দটো শুনিছিলোঁ। কেতিয়াবা ভাবিছিলোঁ সকলো ঠিকেই চলি থাকিলে হঠাতে এনেকুৱা অৰ্থনৈতিক সংকট কেনেকৈ হৈ যায়, ব্যৱসায়বোৰ বন্ধ, মূল্যবৃদ্ধিৰ প্ৰকোপ আনফালে বহুতৰ চাকৰি গুচি যায়।শুনিছিলোঁ ২০০৮ৰ বিশ্বত হোৱা মন্দাৱস্থাৰ কথা কেইবাখনো ধনী দেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ কথা, ডাঙৰ ডাঙৰ বেংক দেউলীয়া হোৱাৰ কথা। পিছে ভাৰতৰ বেংকিং ব্যৱস্থাটো শক্তিশালী বুলি ক’ব লাগিব বা সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতত সেই মন্দাৱস্থাই গুৰুতৰ সমস্যা সৃষ্টি কৰিব নোৱাৰিলে। তাৰ ঠিক ১৫ বছৰ পিছত আজি ৰাস্তা-ঘাট, দোকান বজাৰলৈ গ’লে অনুভৱ হয় কিবা যেন স্বাভাৱিক হৈ থকা নাই। আমি এতিয়া নিজেই কিবা এটা কৰি ঘৰ চলাও, বজাৰ কৰোঁ সেই বিপদ সংকেত অনুভৱ কৰিব পাৰোঁ। আমাৰ বন্ধুবৰ্গৰ লগত কথা পাতিলে কোনোৱে ব্যৱসায় কৰিছে কোনোৱে ব্যক্তিগত খণ্ডত জড়িত কিন্তু সকলোৱে যেন হতাশাগ্ৰস্ত তেনে অনুভৱ হয়।যোৱা কেইটামান দিনত দেখিলোঁ দুৰ্গাপূজা, বিহু একোৱেই যেন আগৰ দৰে নাই। বজাৰ-দোকানত আগৰ দৰে মানুহ নাই। কাপোৰ, জোতা-চেণ্ডেলৰ দোকান বাদ দিয়ক চাউল-দাইলৰ দোকানতো মানুহ নাই। আবেলি যিসকল খাটিখোৱা মানুহে ঘৰলৈ বজাৰ কৰি যায় তেওঁলোকেও যেন খোৱা-লোৱা কমাই দিছে। দোকানীসকলৰ মুখত হাঁহি নাই। সৰু সৰু দোকান প্ৰতিষ্ঠান, দোকান বাদ দিয়ক ডাঙৰ ডাঙৰ ব্ৰেণ্ড, শ্বপিং ম’ল-শ্ব’ ৰূম বা business chainৰ sales আৰু marketing departmentৰ মানুহৰ মুখ বোৰ শুকাই গৈছে। চিন্তা হৈছে চাকৰি থাকে বা নাথাকে। টাৰ্গেট বাদ দিয়ক দুই-এটাও বিক্ৰী হ’লে ক’ব পৰা যাব অফিচত। Banking Insurance একোৱেই sector এই অৱস্থাৰ পৰা সাৰি যোৱা নাই।সকলোৰে মুখত এটাই কথা বজাৰত বিশ্বাস নাই, পজিটিভিটি নাই।কোনোৱে নতুনকৈ বিনিয়োগ নকৰে কাৰণ পাছত যে কিনা বস্তুখিনি বিক্ৰী যে হ’ব নিশ্চিত নহয়।এই অৱস্থাৰ অনুমান দীঘলীয়া দিন ধৰি অৰ্থনীতিবিদ সকলে কৰি আছিল। প্ৰথমতে বিমূদ্ৰাকৰণ। তাৰ পাছত GST। শেষত হ’ল ক’ৰণাৰ লকডাউন। এই লকডাউনৰ ফলত গ্লোবেল চাপ্লাই চেইনত বেয়াকৈ প্ৰভাৱ পৰিল। পৃথিৱীৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সামগ্ৰী পঠিওৱাৰ সমস্যাৰ বাবে সকলো ওলটপালট হ’ল। ক’ৰবাত সামগ্ৰী বছৰ বছৰ ধৰি পৰি থাকিলে জাহাজ বন্দৰবোৰত। কৰ’বাত আকৌ চাহিদা পূৰণ কৰিব নোৱাৰি মূল্যবৃদ্ধি হ’ল। এই সংকটৰ পৰা উঠিবলৈ ধৰোতেই আকৌ আৰম্ভ হ’ল আন এক বিপৰ্যয় ‘ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ’। এই যুদ্ধই এবছৰ চাৰি মাহ অতিক্ৰম কৰিলেই। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে এই যুদ্ধ কিমান দীঘলীয়া হয় কোনো ঠিক নাই। আনহাতে, খুউব সংবেদনশীল স্তৰত এই যুদ্ধ চলি আছে দুয়োখন দেশৰ সহযোগী দেশসমূহৰ হস্তক্ষেপ দিনক দিনে যিদৰে বাঢ়ি গৈ আছে বিশেষকৈ NATO গ্ৰুপৰ, এই যুদ্ধ যিকোনো মূহুৰ্তত বিশ্বযুদ্ধৰ ৰূপ লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই আটাইবোৰৰ সৈতে আমাৰ দেশৰ ভুল অৰ্থনৈতিক নীতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহংকাৰৰ বাবেই চাগে দেশৰ অৰ্থনীতিৰ আজি অৱস্থা অঘোষিতৰূপত অতি শোচনীয়। আগৰে পৰা ভাৰতীয় বেংকসমূহ আছিল দেশৰ চালিকাশক্তি, ৰাজহাড়। আপোনাৰ মোৰ বা দেশৰ কষ্ট উপাৰ্জিত ধন তাতেই জমা থাকে। কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ঘনিষ্ঠ ব্যৱসায়িক বন্ধুসকলৰ এজন এজনকৈ বেংকৰ ঋণ উভতাই নিদিয়াকৈ দেশ এৰি যোৱা ঘটনাই হওঁক বা দেশৰ দুই এজন ব্যৱসায়িক লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়াই হওঁক-এনেবোৰ ঘটনা প্ৰতি দিনেই ঘটি আছে। উল্লেখযোগ্য যে যোৱা পাঁচটা বছৰত মুঠ দহ লাখ কোটি টকা আৰু যোৱা কেৱল ৯ মাহতে ৯১ হাজাৰ কোটি টকা আমাৰ চৰকাৰী বেংকৰ ঋণ ৰেহাই দিয়া হৈছে এই পুঁজিপতি ব্যৱসায়িক সকলক। এইসমূহেই হ’ল এই মন্দাৱস্থাৰ মূল কাৰণ। দেশৰ সকলো সম্পদ হকে বিহকে নিজৰ এজন-দুজন ব্যৱসায়িক বন্ধুক গটাই দিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও অৰ্থনীতিবিদসকলে কয়।অলপতে পঢ়িবলৈ পাইছিলোঁ পৃথিৱীৰ বহুতো বিখ্যাত বেংক দেউলীয়া হোৱাৰ কথা। তাৰেই ভিতৰত চিলিকন ভেলী বেংক আছিল অন্যতম। তাত ভাৰতীয় কেইবাটাও কোম্পানীৰ ধন জমা হৈ আছিল। গতিকে ইয়াৰ প্ৰভাৱ ভাৰততো পৰিব।তদুপৰি কেইবাটাও ডাঙৰ বিখ্যাত ব্যৱসায়িক গোষ্ঠীৰ চাকৰিৰ পৰা চাটাইৰ খবৰ পঢ়িবলৈ পাইছোঁ। ভাৰততো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ দৰে প্ৰতিষ্ঠানে বহুতক চাকৰিৰ পৰা আঁতৰাই দিয়া বুলি গম পাইছোঁ যদিও এইবোৰ বাতৰি মেনেজ হৈ প্ৰকাশ হোৱা নাই। যোৱা সপ্তাহত পঢ়িছিলোঁ জাৰ্মানী হেনো এতিয়া অফিচিয়েলী এক recession hit country অৰ্থাৎ জাৰ্মানীত এতিয়া মন্দাৱস্থা ঘোষণা কৰা হ’ল। কিন্তু এই দেশবোৰ যিহেতু অৰ্থনৈতিকভাৱে শক্তিশালী সেয়ে এনেবোৰ পৰিস্থিতি ভালকৈ মোকাবিলা কৰিব পাৰিব। পিছে ভাৰতৰ অৱস্থাও বৰ এটা যে ভাল তেনে একদমেই নহয়। বহুত একক আৰু গণনা সলনি কৰাৰ পাছতো ভাৰতৰ GDP বৃদ্ধিৰ হাৰ ৭.২ দেখুৱাইছে যিটো একেবাৰে বেয়া বুলি ক’ব নোৱাৰি কিন্তু এইখিনি যদি সঁচা হয় তেন্তে মোৰ চিনাকি কেইবাজনেও যে যোৱা কেইদিনত চাকৰি হেৰুৱালে বা বজাৰত আমি যি দেখি আছোঁ বা অনুভৱ কৰি‌ আছোঁ, সেইয়া কি ?

Leave A Reply

Your email address will not be published.