বেতনবিহীন পৰিয়ালৰ অনিশ্চিত ভৱিষ্যত

Share This Article

লক্ ডাউনৰ বাবে দুমাহ ধৰি বেতনবিহীনভাৱে চলিব লগা হৈছিল। নিশ্চিত হৈ পৰিছিল জীৱন-যাপন। পৰিয়ালসহ উপায়বিহীন হৈ ল’ ভয়ংকৰ সিদ্ধান্ত। একেলগে ৯জনে কৰিলে আত্মহত্যা। আত্মহত্যা কৰাসকলৰ ৬জন কলকতাৰ একেটা পৰিয়ালৰ, দুগৰাকী বিহাৰৰ আৰু এগৰাকী ত্ৰিপুৰাৰ। আটাইকেইগৰাকী উদ্ধাৰ হৈছে তেলেংগনাৰ গাঁও এখনৰ এটা কুঁৱাৰ ভিতৰৰ পৰা।
তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চি ৰাও-এ প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ট্ৰেইন, বাছৰ ব্যৱস্থা কৰা হৈছে বুলি বিবৃতি দিয়াৰ দিনাই হাইদৰাবাদৰ নিকৰ্টৱৰ্তী গোৰেকুণ্টা গাঁৱৰ এটা কুঁৱাৰ পৰা ৪জনৰ দেহ উদ্ধাৰ কৰা হৈছিল। যোৱাকালি আৰু উদ্ধাৰ হৈছে ৫জনৰ মৃতদেহ।
পুলিচৰ প্ৰাথমিক তদন্ত অনুসৰি এইটো এটা গণ আত্মহত্যাৰ ঘটনা। ঘৰলৈ ঘুৰি যাবলৈ নোপোৱাৰ মনোকষ্ট আৰু দুমাহ ধৰি কাম কৰা মৰাপাট উদ্যোগৰ পৰা বেতন নোপোৱাৰ বাবেই এই ঘটনা সংঘটিত হ’ল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.