বিৰোধীৰ দুৱাৰে দুৱাৰে এইবাৰ কেজৰিৱাল !

Share This Article

এইবাৰ বিৰোধীক একজোঁট কৰাৰ অভিযানত কেজৰিৱাল।দেশজুৰি বিৰোধীৰ দুৱাৰত টোকৰ দিব কেজৰিৱালে।পশ্চিমবংগৰ পৰা আৰম্ভ হ’ল ভাৰত ভ্ৰমণ অভিযান।ভাৰত ভ্ৰমণ অভিযানত ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰোধীক ঐক্যবদ্ধ কৰাৰ অভিযান চলি থকাৰ মাজতেই এইবাৰ অভিযানত নামিছে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল ।অভিযান আৰম্ভ কৰাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালৰ টুইট –’ আজিৰ পৰা সমগ্ৰ দেশ ভ্ৰমণলৈ ওলাইছোঁ দিল্লীবাসীৰ অধিকাৰৰ বাবে । উচ্চতম ন্যায়ালয়ে দীঘলীয়া প্ৰতীক্ষাৰ পাছত নিৰ্দেশ প্ৰদান কৰি দিল্লীবাসীক ন্যায় দিলে । কিন্তু কেন্দ্ৰীয় চৰকাৰে অধ্যাদেশ জাৰি কৰি সকলো অধিকাৰ পুনৰ কাঢ়ি ল’লে ।যেতিয়া এই অধ্যাদেশ আইন হিচাপে ৰাজ্যসভালৈ আহিব , তাক কোনো কাৰণতে গৃহীত হ’বলৈ দিব নোৱাৰি ৷ সকলো ৰাজনৈতিক দলৰ অধ্যক্ষক সাক্ষাৎ কৰি তেওঁলোকৰ সহায় বিচাৰিম । তাৰ কিছু সময় পাছতেই কেজৰিৱালৰ পুনৰ টুইট –

‘এই যুঁজ কেৱল দিল্লীবাসীৰ যুঁজ নহয় ।এই যুঁজ ভাৰতীয় গণতন্ত্ৰক বচোৱাৰ যুঁজ । বাবা চাহেব আম্বেদকাৰে দি যোৱা সংবিধান বচোৱাৰ যুঁজ এয়া ।এয়া ন্যায়াপালিকাক বচোৱাৰ যুঁজ ।এই যুঁজত সকলোৰে সহযোগিতা আশা কৰোঁ ।’ইয়াৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দেখা গ’ল পশ্চিমবংগত ।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বৈঠকত মিলিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ।লগত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।ৰাজ্যসভাত মোদী চৰকাৰে ন্যায়ালয়ক অংগুষ্ঠ দেখুৱাই অনা বিধেয়কৰ যাতে সকলো বিৰোধী সাংসদে বিৰোধিতা কৰে , তাৰ বাবেই সহায় বিচাৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দুৱাৰত টোকৰ মাৰিছে অৰবিন্দ কেজৰিৱালে ।উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰক বিষয়া আমোলাৰ বদলি – নিযুক্তিৰ বাবে দিয়া ক্ষমতা কৰ্তন কৰি মোদী চৰকাৰে জাৰি কৰিছিল অধ্যাদেশ।ইয়াৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থিত হৈছিল বিৰোধী ঐক্যৰ ঘটক নীতিশ কুমাৰ।নীতিশ কুমাৰৰ লগত বৈঠকৰ পাছতেই কেজৰিৱালে ঘোষণা কৰিছিল যে দিল্লীৰ ক্ষমতা কৰ্তন কৰি জাৰি কৰা অধ্যাদেশৰ বিৰোধিতাৰ বাবে আবেদন লৈ প্ৰতিটো বিৰোধী দলৰ ওচৰ চাপিব তেওঁ ।আনকি কংগ্ৰেছ দলেও কেন্দ্ৰৰ গণতন্ত্ৰ নিধন অভিযানৰ সময়ত কেজৰিৱালৰ সমৰ্থনত থিয় হ’ল । তাৰ পাছতেই ৰাজ্যসভাৰ মজিয়াৰ এই যুঁজ হৈ পৰিব বিৰোধীৰ বাবে এক লিটমাছ টেষ্ট সদৃশ ।যদিহে বিৰোধীয়ে ৰাজ্যসভাত এই বিধেয়ক প্ৰতিহত কৰিবলৈ সক্ষম হয় , তেনেহ’লে বিজেপিৰ বাবে ই হৈ পৰিব অনাগত দিনৰ এক অশনি সংকেত ।আনহাতে যদি এইবাৰ বিৰোধী ঐক্যত বিভাজন দেখা যায় , তেনেহ’লে বিৰোধী শিবিৰত দেখা যাব এক অবিশ্বাসৰ পৰিৱেশ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.