সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্বকাপ ফুটবল: একনায়কত্ববাদী চৰকাৰ আৰু ফিফাৰ বিতৰ্কিত ইতিহাস।

জিতেন গগৈ

নক-আউট পৰ্যায়ত প্ৰৱেশৰ লগে লগে চলিত বিশ্ৱ কাপ ফুটবল প্ৰতিযোগিতাই নতুন গতি লাভ কৰিছে । সমান্তৰালভাৱে আন এখন যুঁজো ক্ৰমশঃ জমি উঠিবলৈ আগবাঢ়িছে । সেইয়া হৈছে সৰ্বাধিক গ’লদাতা হোৱাৰ যুঁজ । এইখন ক্ষেত্ৰত সদ্যহতে আগবাঢ়ি আছে ফ্ৰান্সৰ ফৰৱাৰ্ড কিলিয়ান এমবাপে ।  নিজ দেশৰে পি-এছ-জি ক্লাবত খেলা ২৩ বছৰীয়া  ষ্ট্ৰাইকাৰগৰাকীয়ে  এই পৰ্যন্ত ৪ খন খেলত নামি দিছে ৫ টা গ’ল ।  তেওঁক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে আন নগৰাকী খেলুৱৈ । খুউব সম্ভৱ,কেৰিয়াৰৰ অন্তিমখন বিশ্ৱ কাপ খেলা লায়নেল মেছিও আছে তাৰ ভিতৰত । চাৰিখন খেলত নমা মেছিৰ গ’লৰ সংখ্যা তিনিটা । ৩ টাকৈ গ’ল দি আছে তদুপৰি পৰ্টুগালৰ  গনচালো ৰেমছ, স্পেইনৰ আলভাৰো মোৰাটা, ইংলেন্ডৰ মাৰকাছ ৰাছফৰ্ড, বোকায়ো ছাকা, ইকুৱেডৰৰ ইনাৰ ভেলেন্সিয়া, ফ্ৰান্সৰ অলিভাৰ জিৰোদ, নেদাৰলেন্ডৰ কডী গাক্পো আৰু ব্ৰাজিলৰ ৰিচাৰ্লিছন ।  ইয়াৰ ভিতৰত মোৰাটা আৰু ভেলেন্সিয়াৰ আশা নিৰ্বাপিত হৈছে । কিয়নো তেওঁলোকৰ দলে  ইতিমধ্যে পৰাজিত হৈ স্ৱদেশলৈ টোপোলা বান্ধিছে ।

- Donation -

গ্ৰুপ লীগৰ প্ৰথম দুখন খেলত এমবাপেই আছিল জয়ৰ নায়ক । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ত জিকাৰ দিনা এগ’ল দিয়া এমবাপেৰ দুটা গ’ল আছিল ডেনমাৰ্কৰ বিৰুদ্ধে ।  ইউৰোপৰে প্ৰতিপক্ষ পোলেন্ডৰ বিৰুদ্ধে তেওঁ দিয়ে আনদুটা গ’ল  । প্ৰি ৱৰ্ল্ড কাপতো তেওঁ ৫ টা গ’ল দিছিল ছখন খেলত নামি । পৰ্টুগালৰ ৰেমছৰ কথা অলপ সুকীয়া । চুইজাৰলেন্ডৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰত  দলৰ প্ৰধান অস্ত্ৰস্ৱৰূপ ক্ৰিষ্টিয়ানো ৰণাল্ডোক বাহিৰত নামিয়েই নামিছিল পৰ্টুগাল । প্ৰশিক্ষকৰ সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি ৰেমছে তিনিটাকৈ গ’ল দি দলৰ জয়ত গুৰুত্ৱপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ২১ বছৰীয়া ৰেমছে এয়েই প্ৰথমবাৰলৈ পৰ্টুগীজ দলটোৰ প্ৰথম ১১ জনীয়াৰ তালিকাত স্থান পাইছিল ।
ইফালে মেছিৰ গ’ল আৰু আৰ্জেন্টিনাৰ অগ্ৰগতি যেন মুদ্ৰাটোৰ ইপিঠি-সিপিঠি । মেছিৰ প্ৰদৰ্শন আৰু গ’লৰ পিঠিত ভৰি দিয়েই আৰ্জেন্টিনা আহি এই পৰ্যায় পাইছেহি বুলিলেও নিশ্চয় বৰ ভুল নহব । বিশ্ৱ কাপত ৩৫ বছৰীয়া মেছিয়ে ২০০৬-ৰ পৰা এই পৰ্যন্ত ২৩ খন খেলত ভাগ লৈ ৯টা গ’ল দিছে । প্ৰতিযোগিতাৰ সৰ্বাধিক গ’লদাতালৈ সোণালী বুট, দ্ৱিতীয় স্থানৰগৰাকীক ৰূপৰ বুট আৰু তৃতীয় স্থানৰগৰাকীক ব্ৰন্জৰ বুটেৰে পুৰস্কৃত কৰা হয় ।

১৯৮২ বিশ্ৱ কাপৰ পৰা গ’ল্ডেন বুট বিজয়ীসকল–

১৯৮২– ৬টা গ’লেৰে ইটালীৰ পাওলো ৰোছী
১৯৮৬– ৬টা গ’লেৰে ইংলেন্ডৰ গেৰী লিনেকাৰ
১৯৯০— ৬টা গ’লেৰে ইটালীৰ ছিলাচী
১৯৯৪ …৬টাকৈ গ’লেৰে যুটীয়াভাৱে    —- ৰাছিয়াৰ ওলেগ ছালেংকো আৰু বুলগেৰিয়াৰ হৃষ্টো ষ্টইকভ

১৯৯৮ … ৬টা গ’লেৰে ক্ৰৱেচিয়াৰ ডেভৰ ছুকাৰ
২০০২ … ৮টা গ’লেৰে ব্ৰাজিলৰ ৰনাল্ডো
২০০৬ … ৫টা গ’লেৰে জাৰ্মানীৰ মিৰোশ্লাভ ক্লছে
২০১০ …৫টা গ’লেৰে জাৰ্মানীৰ থমাছ মূৱেলাৰ
২০১৪ … ৬টা গ’লেৰে কলম্বিয়াৰ ৰড্ৰিগুৱেজ
২০১৮… ৬টা গ’লেৰে ইংলেন্ডৰ হেৰী কেইন

Leave A Reply

Your email address will not be published.