বিশ্বকাপ ফুটবল: একনায়কত্ববাদী চৰকাৰ আৰু ফিফাৰ বিতৰ্কিত ইতিহাস।

Share This Article

নক-আউট পৰ্যায়ত প্ৰৱেশৰ লগে লগে চলিত বিশ্ৱ কাপ ফুটবল প্ৰতিযোগিতাই নতুন গতি লাভ কৰিছে । সমান্তৰালভাৱে আন এখন যুঁজো ক্ৰমশঃ জমি উঠিবলৈ আগবাঢ়িছে । সেইয়া হৈছে সৰ্বাধিক গ’লদাতা হোৱাৰ যুঁজ । এইখন ক্ষেত্ৰত সদ্যহতে আগবাঢ়ি আছে ফ্ৰান্সৰ ফৰৱাৰ্ড কিলিয়ান এমবাপে ।  নিজ দেশৰে পি-এছ-জি ক্লাবত খেলা ২৩ বছৰীয়া  ষ্ট্ৰাইকাৰগৰাকীয়ে  এই পৰ্যন্ত ৪ খন খেলত নামি দিছে ৫ টা গ’ল ।  তেওঁক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে আন নগৰাকী খেলুৱৈ । খুউব সম্ভৱ,কেৰিয়াৰৰ অন্তিমখন বিশ্ৱ কাপ খেলা লায়নেল মেছিও আছে তাৰ ভিতৰত । চাৰিখন খেলত নমা মেছিৰ গ’লৰ সংখ্যা তিনিটা । ৩ টাকৈ গ’ল দি আছে তদুপৰি পৰ্টুগালৰ  গনচালো ৰেমছ, স্পেইনৰ আলভাৰো মোৰাটা, ইংলেন্ডৰ মাৰকাছ ৰাছফৰ্ড, বোকায়ো ছাকা, ইকুৱেডৰৰ ইনাৰ ভেলেন্সিয়া, ফ্ৰান্সৰ অলিভাৰ জিৰোদ, নেদাৰলেন্ডৰ কডী গাক্পো আৰু ব্ৰাজিলৰ ৰিচাৰ্লিছন ।  ইয়াৰ ভিতৰত মোৰাটা আৰু ভেলেন্সিয়াৰ আশা নিৰ্বাপিত হৈছে । কিয়নো তেওঁলোকৰ দলে  ইতিমধ্যে পৰাজিত হৈ স্ৱদেশলৈ টোপোলা বান্ধিছে ।

গ্ৰুপ লীগৰ প্ৰথম দুখন খেলত এমবাপেই আছিল জয়ৰ নায়ক । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪-১ত জিকাৰ দিনা এগ’ল দিয়া এমবাপেৰ দুটা গ’ল আছিল ডেনমাৰ্কৰ বিৰুদ্ধে ।  ইউৰোপৰে প্ৰতিপক্ষ পোলেন্ডৰ বিৰুদ্ধে তেওঁ দিয়ে আনদুটা গ’ল  । প্ৰি ৱৰ্ল্ড কাপতো তেওঁ ৫ টা গ’ল দিছিল ছখন খেলত নামি । পৰ্টুগালৰ ৰেমছৰ কথা অলপ সুকীয়া । চুইজাৰলেন্ডৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰত  দলৰ প্ৰধান অস্ত্ৰস্ৱৰূপ ক্ৰিষ্টিয়ানো ৰণাল্ডোক বাহিৰত নামিয়েই নামিছিল পৰ্টুগাল । প্ৰশিক্ষকৰ সিদ্ধান্তক সঠিক প্ৰমাণিত কৰি ৰেমছে তিনিটাকৈ গ’ল দি দলৰ জয়ত গুৰুত্ৱপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । ২১ বছৰীয়া ৰেমছে এয়েই প্ৰথমবাৰলৈ পৰ্টুগীজ দলটোৰ প্ৰথম ১১ জনীয়াৰ তালিকাত স্থান পাইছিল ।
ইফালে মেছিৰ গ’ল আৰু আৰ্জেন্টিনাৰ অগ্ৰগতি যেন মুদ্ৰাটোৰ ইপিঠি-সিপিঠি । মেছিৰ প্ৰদৰ্শন আৰু গ’লৰ পিঠিত ভৰি দিয়েই আৰ্জেন্টিনা আহি এই পৰ্যায় পাইছেহি বুলিলেও নিশ্চয় বৰ ভুল নহব । বিশ্ৱ কাপত ৩৫ বছৰীয়া মেছিয়ে ২০০৬-ৰ পৰা এই পৰ্যন্ত ২৩ খন খেলত ভাগ লৈ ৯টা গ’ল দিছে । প্ৰতিযোগিতাৰ সৰ্বাধিক গ’লদাতালৈ সোণালী বুট, দ্ৱিতীয় স্থানৰগৰাকীক ৰূপৰ বুট আৰু তৃতীয় স্থানৰগৰাকীক ব্ৰন্জৰ বুটেৰে পুৰস্কৃত কৰা হয় ।

১৯৮২ বিশ্ৱ কাপৰ পৰা গ’ল্ডেন বুট বিজয়ীসকল–

১৯৮২– ৬টা গ’লেৰে ইটালীৰ পাওলো ৰোছী
১৯৮৬– ৬টা গ’লেৰে ইংলেন্ডৰ গেৰী লিনেকাৰ
১৯৯০— ৬টা গ’লেৰে ইটালীৰ ছিলাচী
১৯৯৪ …৬টাকৈ গ’লেৰে যুটীয়াভাৱে    —- ৰাছিয়াৰ ওলেগ ছালেংকো আৰু বুলগেৰিয়াৰ হৃষ্টো ষ্টইকভ

১৯৯৮ … ৬টা গ’লেৰে ক্ৰৱেচিয়াৰ ডেভৰ ছুকাৰ
২০০২ … ৮টা গ’লেৰে ব্ৰাজিলৰ ৰনাল্ডো
২০০৬ … ৫টা গ’লেৰে জাৰ্মানীৰ মিৰোশ্লাভ ক্লছে
২০১০ …৫টা গ’লেৰে জাৰ্মানীৰ থমাছ মূৱেলাৰ
২০১৪ … ৬টা গ’লেৰে কলম্বিয়াৰ ৰড্ৰিগুৱেজ
২০১৮… ৬টা গ’লেৰে ইংলেন্ডৰ হেৰী কেইন

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.