বিশ্বগুৰু হ’বলৈ গৈ মুখঠেকেচা প্ৰধানমন্ত্ৰী মোডীৰ !

Share This Article

এইবাৰৰ আমেৰিকা যাত্ৰা সুখকৰ নহ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিয়নো আমেৰিকা ভ্ৰমণৰ পূৰ্বে মাৰ্কিন সাংবাদিকে মোডীক উভতি ধৰিবলৈ সাজু হৈ উঠিছে।মোডীৰ ভ্ৰমণ সুখকৰ হ’বলৈ নিদিব আমেৰিকাৰ সাংবাদিকে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনক মোডীক হেঁচা দিবলৈ দাবী আমেৰিকাৰ সাংবাদিক সংস্থাৰ। আৰু ইয়াৰ পৰাই এটা কথা স্পষ্ট হৈ পৰিছে যে আমেৰিকাৰ সাংবাদিকৰ ক্ষোভৰ বলি হ’ব এইবাৰ মোডী। নিজকে বিশ্বগুৰু বুলি জহাবলৈ বিচৰা প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত সাংবাদিকৰ ক্ষোভৰ যে বলি হ’ব সেয়া ধুৰূপ। মাৰ্কিন সাংবাদিক সংস্থা তৎপৰ হৈ পৰিছে ভাৰতত সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা বিঘ্নিত হোৱা ঘটনাক কেন্দ্ৰ কৰি। আৰু এই বিষয়ক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৱে।সংস্থাটোৰ দাবী যে-২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছৰে পৰা ভাৰতত ক্ৰমাৎ অৱনমিত হৈছে সংবাদ মাধ্যমৰ বাক-স্বাধীনতা।।উল্লেখযোগ্য যে অহা ২১-২৪ জুনলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা। কিন্ত তাৰ পূৰ্বে গৰজি উঠিছে মাৰ্কিন সাংবাদিক সংস্থা। মার্কিন সাংবাদিক সংস্থাটোৱে এক বিবৃতিযোগে ৰাষ্ট্ৰপতি জ’ বাইডেনক ভাৰতত সংবাদ মাধ্যমৰ বিৰুদ্ধে মোডী চৰকাৰে গ্ৰহণ কৰা স্থিতি উঠাই ল’বলৈ আলোচনা কৰিবলৈ আহ্বান জনায়। লগতে মার্কিন সাংবাদিক সংস্থাটোৰ দাবী ভাৰতত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰি ৰখা সাংবাদিক সকলক মুক্তি দিবলৈও আলোচনা কৰিবলৈ আহ্বান জনায়। কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৰ সভাপতি জদি জিনছবাৰ্গে কয় যে ভাৰতত ক্ৰমাগত হাৰত মোডী চৰকাৰে সংবাদ মাধ্যমক দিছে কেঁকোৰাচেপা। চৰকাৰৰ বিৰুদ্ধে সমালোচনা কৰিলেই ভাৰতত সাংবাদিকক নিক্ষেপ কৰা হয় পোতাশাললৈ। মাৰ্কিন সাংবাদিক সংস্থাটোৰ অভিযোগ যে বিশ্বৰ বৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত সংবাদ মাধ্যম আজি বিপন্ন মুক্ত আৰু স্বতন্ত্ৰ সংবাদ মাধ্যম অবিহনে বিশ্বৰ বৃহৎ গণতন্ত্ৰ সুৰক্ষিত নহয় বুলিও মত প্ৰকাশ কমিটি টু প্ৰটেক্ট জাৰ্নেলিষ্ট নামৰ মাৰ্কিন সাংবাদিক সংস্থাটোৰ। আৰু এই ঘটনাৰ দ্বাৰাই এইটোৱেই প্ৰমাণ হৈ পৰিছে যে মোডীৰ আগন্তুক আমেৰিকা যাত্ৰা মুঠেও সুখকৰ নহ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.