বিদ্যালয়ত দিব পুৱাৰ আহাৰ :নতুন শিক্ষা নীতিত পৰামৰ্শ

Share This Article

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত পুৱাৰ আহাৰো লাভ কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়তে ব্ৰেকফাষ্ট দিয়াৰ পোষকতা কৰা হৈছে ৷ নতুন শিক্ষা নীতিত কোৱা হৈছে যে অপুষ্টিত ভোগা বা সুস্বাস্থ্যবান নোহোৱা ছাত্ৰ- ছাত্ৰীসকলে সঠিকভাৱে অধ্যয়ন আগবঢ়াই নিব নোৱাৰে ৷ তদুপৰি সুষম আহাৰ লাভ কৰাৰ পাছত পুৱাৰ সময়ছোৱা অধ্যয়নৰ বাবে উপযোগী হিচাপে বিবেচিত হৈছে ৷ সেইবাবে মধ্যাহ্ন ভোজন আঁচনিৰ বিস্তাৰ কৰি তাত পুৱাৰ আহাৰ সংযোজন কৰিবলৈও নতুন শিক্ষা নীতিত পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ একেদৰে য’ত ছাত্ৰ-ছাত্ৰীসকলক গৰম আহাৰৰ যোগান ধৰাটো সম্ভৱ নহয় , তাত মগু , বুট বা স্থানীয় ফল-মূল যোগান ধৰিবলৈ কোৱা হৈছে ৷ ছাত্ৰ- ছাত্ৰীসকলৰ নিয়মিত ৰূপত স্বাস্থ্য পৰীক্ষা কৰাবলৈও এই শিক্ষা নীতিত পৰামৰ্শ দিয়া হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.