সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিদ্যালয়ত দিব পুৱাৰ আহাৰ :নতুন শিক্ষা নীতিত পৰামৰ্শ

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত পুৱাৰ আহাৰো লাভ কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়তে ব্ৰেকফাষ্ট দিয়াৰ পোষকতা কৰা হৈছে ৷ নতুন শিক্ষা নীতিত কোৱা হৈছে যে অপুষ্টিত ভোগা বা সুস্বাস্থ্যবান নোহোৱা ছাত্ৰ- ছাত্ৰীসকলে সঠিকভাৱে অধ্যয়ন আগবঢ়াই নিব নোৱাৰে ৷ তদুপৰি সুষম আহাৰ লাভ কৰাৰ পাছত পুৱাৰ সময়ছোৱা অধ্যয়নৰ বাবে উপযোগী হিচাপে বিবেচিত হৈছে ৷ সেইবাবে মধ্যাহ্ন ভোজন আঁচনিৰ বিস্তাৰ কৰি তাত পুৱাৰ আহাৰ সংযোজন কৰিবলৈও নতুন শিক্ষা নীতিত পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ একেদৰে য’ত ছাত্ৰ-ছাত্ৰীসকলক গৰম আহাৰৰ যোগান ধৰাটো সম্ভৱ নহয় , তাত মগু , বুট বা স্থানীয় ফল-মূল যোগান ধৰিবলৈ কোৱা হৈছে ৷ ছাত্ৰ- ছাত্ৰীসকলৰ নিয়মিত ৰূপত স্বাস্থ্য পৰীক্ষা কৰাবলৈও এই শিক্ষা নীতিত পৰামৰ্শ দিয়া হৈছে ৷

Leave A Reply

Your email address will not be published.