বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ আজিৰ সংবাদমেলৰ ৫ টা বিশেষ ঘোষণা

Share This Article

‘আত্মনিৰ্ভৰ ভাৰত’ ২০ লাখ কোটি টকাৰ পেকেজৰ আজি পঞ্চম পৰ্যায়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে ব্যাপক হাৰত কমিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আয়। থোৰতে জানি লওঁ আহক আজিৰ বিত্তমন্ত্ৰীৰ সংবোাদমেলৰ ৫ টা বিশেষ ঘোষণা-
১) আজি স্বা্স্থ্য, শিক্ষা আৰু বাণিজ্য ক্ষেত্ৰৰ পেকেজ ঘোষণা কৰা হয়।
২)১০০ দিনৰ কামৰ বাবে বাজেট নিৰ্দ্ধাৰিত পুঁজিক বাদ দিও অতিৰিক্তভাবে ৪০ হাজাৰ কোটি টকা দিয়া হ’ব।
৩)প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাৰ অধীনত প্ৰতিমাহে ২,০০০ টকাকৈ দিয়া হ’ব।
৪) স্কুল শিক্ষাৰ বাবে গ্ৰহন কৰা হব প্ৰকল্প। প্ৰযুক্তিৰ জৰিয়তে শিক্ষা ব্যৱস্থা আগুৱাই নিয়া হ’ব
৫)আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণা-চৰকাৰী সংস্থাসমূহৰ বেচৰকাৰীকৰণৰ পথ সম্পূৰ্ণৰূপে মুকলিৰূপে কৰি দিয়া হ’ল। বিত্তমন্ত্ৰীয়ে কয়-পৰিবৰ্তিত পৰিস্থিতিত চৰকাৰী সংস্থাসমূহৰো পৰিবৰ্তনৰ প্ৰয়োজন হৈছে। সেই সংস্থাসমূহৰ এক তালিকা প্ৰস্তুত কৰা হ’ব আৰু সেই তালিকা অনুযায়ী বেচৰকাৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau