সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ সংবাদমেলৰ ৫ টা ডাঙৰ ঘোষণা

১) বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে ঘোষণা কৰে পৰৱর্তী দুমাহলৈ সকলো প্ৰবাসী শ্ৰমিকে লাভ কৰিব বিনামূলীয়া ৰেচন ৷ খাদ্য সুৰক্ষা আইনৰ অধীনৰ আওতাত নহা সকলেও লাভ কৰিব এই বিনামূলীয়া ৰেচন৷ ৰেচন কার্ড নাথাকিলেও নহ’ব কোনো সমস্যা৷ ইয়াৰ বাবে ৩,৫০০ কোটি টকাৰ বাজেট নির্ধাৰণ কৰা হৈছে৷ প্ৰতিটো প্ৰবাসী শ্ৰমিকৰ পৰিয়ালৰ প্ৰতিজন সদস্যই পাব ৫ কেজিকৈ চাউল বা আটা আৰু এক কেজিকৈ দাইল৷ এই যোজনা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷
২) দ্বিতীয়তে ফুটপাথৰ দোকানী, হকাৰসকলৰ প্ৰতিজনক আগবঢ়োৱা হ’ব দহ হাজাৰ টকাৰ সাহার্য৷ ইয়াৰ বাবে ধার্য কৰা হৈছে ৫ হাজাৰ কোটি টকাৰ বাজেট৷ উপকৃত হ’ব ৫০ লাখ লোক৷
৩) মধ্যবিত্তৰ বাবেও কৰা হৈছে বৃহৎ ঘোষণা ৷ ৬ লাকৰ পৰা ১৮ লাখ টকা উপার্জন কৰাসকলৰ বাবে ক্ৰেডিট লিংকড্ চাবচিডি স্কীম ২০২১ৰ মার্চলৈকে বৃদ্ধি কৰা হৈছে৷ বাজেট ৫ হাজাৰ কোটি টকা৷ উপকৃত হ’ব প্ৰায় ৩ লাখ ২০ হাজাৰ পৰিয়াল৷
৪)নাবার্ডৰ বাবে ঘোষণা কৰা হৈছে অতিৰিক্ত ৩,০০০ কোটি টকাৰ পুঁজি৷ বাজেটত নাবার্ডৰ বাবে ঘোষণা কৰা হৈছিল ৬০ হাজাৰ কোটি টকাৰ বাজেট৷ নাবার্ডৰ পৰা প্ৰায় ৩ কোটি কৃষক উপকৃত হ’ব বুলি কোৱা হৈছে৷
৫) এমএনৰেগাৰ মজুৰি ১৮২ টকাৰ পৰা ২০২ টকালৈ বৃদ্ধি কৰা হৈছে৷ প্ৰবাসী শ্ৰমিকসকলে যাতে ১০০ দিনৰ কাম পায় তাৰওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.