Investigative reporting with dedication.

কৰ্ণাটকত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপিৰ লক্ষ্য হৈ পৰিছে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য তেলেংগানা।তেলেংগানাৰ দুৱাৰেৰেই বিজেপিয়ে পুনৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ যোজা আৰম্ভ কৰিছে বিজেপিয়ে।কিন্তু কেচিআৰৰ দৰে প্ৰভাৱশালী নেতাক আঁতৰাই বিজেপিয়ে ক্ষমতা দখলৰ বাবে যি কৌশল ৰচনা কৰিছে,সেই কৌশলক লৈ তীব্ৰ মনোমালিন্য হৈছে বিজেপি নেতৃত্বৰ মাজত।এটা চামে বিচাৰি আছে হিন্দুত্বক ইছ্যু হিচাপে লৈ বিজেপি আগবাঢ়ক আৰু আন এটা চামে বিচাৰিছে মুখ্যমন্ত্ৰী কেচিআৰ আৰু তেওঁৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰা বিষয়টোক লৈ আক্ৰমণ কৰক বিজেপিয়ে।বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক সভাপতি বান্দী সঞ্জয় কুমাৰ আৰু তেওঁৰ সহযোগী সকলে হিন্দুত্বক মূল ইছ্যু হিচাপে লৈ আগবাঢ়িব বিচাৰিছে যাৰ দুৰ্ঘোৰ আপত্তি কৰিছে বিজেপিৰ আনটো ফৈদে।কৰিমনগৰৰ বিজেপি সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি বান্দী সঞ্জয়ে বিগত দেওবাৰে ৰাজ্যখনত হিন্দু একতা যাত্ৰাৰ আৰম্ভ কৰিছিল।এই যাত্ৰাত মুখ্য অতিথিৰূপে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।এই যাত্ৰাত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেলেংগানাত ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছিল।’কেৰালা ষ্টৰী’ নামৰ বিতৰ্কিত চিনেমাখন চাবলৈ তেলেংগানাৰ জনতাক আহ্বান জনাইছিল।তেলেংগানাক হিন্দু ৰাষ্ট্ৰৰ অংশ হিচাপে ঘোষণা কৰিব বুলিও উল্লেখ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।দ্বিতীয়টো গ্ৰুপে দক্ষিণৰ ৰাজ্যত আঞ্চলিক দলৰ প্ৰভুত্ব স্বীকাৰ কৰি স্থানীয় ইছ্যুক প্ৰধান্য দিয়াৰ আহ্বান জনাইছে।তেওঁলোকে কৰ্ণাটকৰ নিৰ্বাচনত নন্দিনী আৰু আমূলৰ ইছ্যুটোলৈ আঙুলিয়াই স্থানীয় নন্দিনীক প্ৰাধান্য দিয়াৰ বাবে কংগ্ৰেছ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কথাও দোহাৰে।দুফাল হোৱা বিজেপিক একত্ৰিত কৰাৰ বাবে কেন্দ্ৰীয় নেতৃত্বই বিচাৰিছে এটা মাহ সময়৷কিন্তু দুটা পৃথক বিষয়ক লৈ ৰাজনীতি কৰিব বিচৰা এটা দলে একেখন মঞ্চৰ জৰিয়তে যে আগন্তুক দিনত আগবাঢ়িব পাৰিব,তাত সন্দেহ আছে !বান্দী সঞ্জয়ৰ হিন্দুত্বৰ বিষয়টোক লৈ কৰিব খোজা ৰাজনীতিৰ লগত কোনো সম্পৰ্ক অথবা সমৰ্থন দিব খোজা নাই তেওঁৰ প্ৰতিন্দন্দ্বী বিজেপিৰ নেতাসকলে যাক লৈ দুটা ভাগত বিভক্ত হৈছে বিজেপি।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই মুছলমান সম্পৰ্কত কোনো বিতৰ্কিত মন্তব্য নিদিবলৈ নিৰ্দেশ দিছে বিজেপি নেতৃত্বক৷কৰ্ণাটকত বিজেপিয়ে ভয়ংকৰভাৱে মুখথেকেঁচা খোৱাৰ পিছত হিন্দুত্বক লৈ কৰা ৰাজনীতিৰ দিন উকলিল বুলি উপলব্ধি কৰিছে বিজেপি নেতৃত্বই৷গতিকে বান্দী সঞ্জয়ৰ হিন্দুত্বৰ ৰাজনীতিক কেন্দ্ৰীয় নেতৃত্বই কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়৷




