বিজেপিৰ বাবে Lucky হ’ব নে ১৩ মে’?

Share This Article

সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ শাসক -বিৰোধী সকলো দলৰে নানান জল্পনা কল্পনা !২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰায় এটা বছৰ আগত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈছে প্ৰতিটো দলেই।শাসক দল বিজেপিৰ প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী প্ৰসংগক নিৰ্বাচনী ইছ্যু হিচাপে লৈছে কংগ্ৰেছ দলে।ৰাজ্যখনৰ ২২৪ টা সমষ্টিৰ বাবে অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।লিংগায়ট সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেট্টাৰে দল এৰি কংগ্ৰেছত যোগদান কৰাৰ পিছত কৰ্ণাটকত থৰথৰকৈ কঁপিছে বিজেপি নেতৃত্ব।ৰাজ্যখনৰ প্ৰায় ১৬% লোক লিংগায়ট সম্প্ৰদায়ৰ আৰু প্ৰায় ৬০ টা সমষ্টি আছে এই সম্প্ৰদায়টোৰ নিয়ন্ত্ৰণত ।১৯৯০ চনৰ পৰা কংগ্ৰেছক সমৰ্থন কৰা নাই এই লিংগায়ট সম্প্ৰদায়ৰ লোকসকলে।বিগত নিৰ্বাচনত লিংগায়টৰ দখলত থকা ৩৮ টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিল বিজেপি দল।বৰ্তমানলৈকে প্ৰায় এক ডজনৰো অধিক বিজেপি বিধায়কে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে।কৰ্ণাটক কংগ্ৰেছৰ বাবে সন্মান ৰক্ষাৰ যুঁজ !কোলাৰত ভাষণ দি সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে !কৰ্ণাটকত ৰাহুল গান্ধীৰ ‘হৃত গৌৰৱ’ উদ্ধাৰৰ পণ কংগ্ৰেছৰ!কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ গৃহৰাজ্য কৰ্ণাটক হোৱাৰ ওপৰিও কৰ্ণাটকৰ কোলাৰত ভাষণ দি সাংসদ পদ হেৰুওৱা ৰাহুল গান্ধীৰ সন্মুখত কৰ্ণাটকৰ নিৰ্বাচন এক বৃহৎ প্ৰত্যাহ্বান !কোনো কাৰণতে কংগ্ৰেছে কৰ্ণাটক হেৰুৱাব বিচৰা নাই।ইতিমধ্যে ABP নিউজ,লোকপল আদিৰ সমীক্ষাত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভৰ ইংগিত পোৱা গৈছে।কৰ্ণাটকৰ বাহিৰেও মধ্য প্ৰদেশ,ছত্তীশগড় আৰু ৰাজস্থানত চলিত বৰ্ষত নিৰ্বাচন অনুষ্ঠিত হ’ব।মধ্য প্ৰদেশৰ বাহিৰে বাকী দুখন ৰাজ্যত আছে কংগ্ৰেছ দলৰ চৰকাৰ।এই চাৰিখন ৰাজ্যৰ আছে মুঠ ৯৩ খন লোকসভা আসন৷গতিকে ৪ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনে আগন্তুক লোকসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।২০১৯ চনৰ মোডী উপাধি সম্পৰ্কীয় এক ভাষণৰ বাবে মানহানি গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক ২৪ ঘণ্টাৰ ভিতৰতে সাংসদ পদ হেৰুওৱাৰ পৰা চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দি কল্পনাতীতভাৱে শ’লঠেকত পৰিছে কেন্দ্ৰীয় চৰকাৰ তথা শাসক দল বিজেপি।বিৰোধী মিত্ৰজোঁটক ভাঙিবলৈ নানান কু অভিসন্ধিত লিপ্ত হৈ থকা বিজেপি দলে ৰাহুল গান্ধী সম্পৰ্কত কঠোৰ সিদ্ধান্ত লৈ নিজেই যেন খাল খান্দি ঘৰিয়াল চপাই ল’লে।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতে দেশৰ মুঠ ১৭ টা বিৰোধী দলে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজাৰ সংকল্প গ্ৰহণ কৰিছে।ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ,উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে,ৰাহুল গান্ধী,আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মিত্ৰতা সম্পৰ্কত সাক্ষাৎ কৰিছে।অৱশ্যে ক’ৰ পানী ক’লৈ যায় সেয়া ১৩ মে’ত হে স্পষ্ট হ’ব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.