সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিয়ে আমুৱালে মহাৰাষ্ট্ৰবাসীক !

মহাসৰ্বেক্ষণ সমীক্ষাত প্ৰকাশ পালে মহাৰাষ্ট্ৰবাসীৰ মনৰ কথা ! মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?মোডীক লৈ জনতা সুখী নে?
কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা?

কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ৯ টা বছৰ সম্পূৰ্ণ কৰিলে।এই সময়চোৱাত নৰেন্দ্ৰ মোডী চৰকাৰে দেশবাসীক কি দিলে?চকাল মেডিয়া গ্ৰুপ আৰু চাম টিভিয়ে মহাসৰ্বেক্ষণ নামৰ এক সমীক্ষা চলাইছিল৷তাত অংশগ্ৰহণকাৰী সকলক কেইটামান বিশেষ প্ৰশ্ন সোধা হৈছিল।
প্ৰশ্নবোৰ আছিল এনেধৰণৰ –
মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?
মোডীক লৈ জনতা সুখী নে?
কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা?
মহাসৰ্বেক্ষণৰ এই চাৰ্ভেটোত মুঠ ২৪ টা প্ৰশ্ন জনতাক সোধা হৈছিল৷এই প্ৰশ্নবোৰ ২৮৮ টা বিধান সভা আৰু ৪৮ টা লোকসভা সমষ্টিক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছিল৷এই সমীক্ষাত প্ৰায় ৪৯,২৩১ জন লোকে অংশ লৈছিল।

- Donation -

সমীক্ষাটোৰ প্ৰথম প্ৰশ্ন আছিল -বিগত ৯ বছৰত নৰেন্দ্ৰ মোডীৰ সবাতোকৈ বৃহৎ সফলতা কি আছিল বুলি ভাবে?
এই প্ৰশ্নৰ উত্তৰত ২৪.৮% লোকে ভেকচিনেশ্বন মোডীৰ সফলতা বুলি ক’ব খোজে।১০.৬ % ৰ মতে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী সফল হৈছে।পথ -ৰে’ল-বিমান-জল পৰিবহণ উন্নত হৈছে ৮.৩% ৰ মতে।৪.৩% ৰ মতে উদ্যোগিক বিকাশ হৈছে৷কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক উন্নত হৈছে ২% ৰ মতে৷৭% লোকৰ মতে প্ৰতিৰক্ষা বিভাগত আত্মনিৰ্ভৰশীল হৈছে দেশ ।১৩.৯% ৰ মতে এই সকলো দিশতে নৰেন্দ্ৰ মোডী সফল হৈছিল আৰু ২৪.৩ % ৰ মতে উল্লিখিত বিষয়টো সফল হোৱা নাই নৰেন্দ্ৰ মোডী।আনহাতে,আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ মান বৃদ্ধি হোৱা বুলি বিশ্বাস কৰে ২০.৬% লোকে৷কেন্দ্ৰীয় আঁচনিবোৰক ৪.৯% লোকে ভাল বুলি মানি লৈছে।ৰাম মন্দিৰক লৈ সুখী ১২.৯% ,বিমুদ্ৰাকৰণক লৈ সুখী ৪ ৬%,৩৭০ অনুচ্ছেদ উঠাই দিয়াক লৈ সুখী ১১%, মহাৰাষ্ট্ৰৰ জনতাই ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ বাবে কোনটো দলক নিৰ্বাচন কৰিব-এইটো আছিল আন এটা প্ৰশ্ন।বিজেপিয়ে এই সমীক্ষাত ৩৩. ৮% সমৰ্থন লাভ কৰাৰ বিপৰীতে একনাথ সিন্দেৰ শিৱসেনাই ৫.৫% !কংগ্ৰেছে ১৯.৯%,NCP এ ১৫.৩% উদ্ধৱ থাকৰে গোটে ১২.৫ সমৰ্থন লাভ কৰিছে।এক কথাত NDA এ লাভ কৰিছে ৩৯.৩% লোকৰ সমৰ্থন আৰু তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৪৭.৭% লোকৰ সমৰ্থন।
মুঠ কথাত মহাৰাষ্ট্ৰতো জনতাই বিচাৰিছে বিজেপি সমৰ্থিত চৰকাৰৰ বিপৰীতে কংগ্ৰেছৰ চৰকাৰ !

Leave A Reply

Your email address will not be published.