বিজেপিয়ে আমুৱালে মহাৰাষ্ট্ৰবাসীক !

Share This Article

মহাসৰ্বেক্ষণ সমীক্ষাত প্ৰকাশ পালে মহাৰাষ্ট্ৰবাসীৰ মনৰ কথা ! মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?মোডীক লৈ জনতা সুখী নে?
কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা?

কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে ৯ টা বছৰ সম্পূৰ্ণ কৰিলে।এই সময়চোৱাত নৰেন্দ্ৰ মোডী চৰকাৰে দেশবাসীক কি দিলে?চকাল মেডিয়া গ্ৰুপ আৰু চাম টিভিয়ে মহাসৰ্বেক্ষণ নামৰ এক সমীক্ষা চলাইছিল৷তাত অংশগ্ৰহণকাৰী সকলক কেইটামান বিশেষ প্ৰশ্ন সোধা হৈছিল।
প্ৰশ্নবোৰ আছিল এনেধৰণৰ –
মোডীৰ ৯ বছৰীয়া শাসন কেনে আছিল?
মোডীক লৈ জনতা সুখী নে?
কোনবোৰ ইছ্যুৱে জনতাক অতিকৈ খড়্গহস্ত কৰিছিল?কোনবোৰ ইছ্যুক লৈ সুখী হৈছিল জনতা?
মহাসৰ্বেক্ষণৰ এই চাৰ্ভেটোত মুঠ ২৪ টা প্ৰশ্ন জনতাক সোধা হৈছিল৷এই প্ৰশ্নবোৰ ২৮৮ টা বিধান সভা আৰু ৪৮ টা লোকসভা সমষ্টিক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছিল৷এই সমীক্ষাত প্ৰায় ৪৯,২৩১ জন লোকে অংশ লৈছিল।

সমীক্ষাটোৰ প্ৰথম প্ৰশ্ন আছিল -বিগত ৯ বছৰত নৰেন্দ্ৰ মোডীৰ সবাতোকৈ বৃহৎ সফলতা কি আছিল বুলি ভাবে?
এই প্ৰশ্নৰ উত্তৰত ২৪.৮% লোকে ভেকচিনেশ্বন মোডীৰ সফলতা বুলি ক’ব খোজে।১০.৬ % ৰ মতে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী সফল হৈছে।পথ -ৰে’ল-বিমান-জল পৰিবহণ উন্নত হৈছে ৮.৩% ৰ মতে।৪.৩% ৰ মতে উদ্যোগিক বিকাশ হৈছে৷কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক উন্নত হৈছে ২% ৰ মতে৷৭% লোকৰ মতে প্ৰতিৰক্ষা বিভাগত আত্মনিৰ্ভৰশীল হৈছে দেশ ।১৩.৯% ৰ মতে এই সকলো দিশতে নৰেন্দ্ৰ মোডী সফল হৈছিল আৰু ২৪.৩ % ৰ মতে উল্লিখিত বিষয়টো সফল হোৱা নাই নৰেন্দ্ৰ মোডী।আনহাতে,আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ মান বৃদ্ধি হোৱা বুলি বিশ্বাস কৰে ২০.৬% লোকে৷কেন্দ্ৰীয় আঁচনিবোৰক ৪.৯% লোকে ভাল বুলি মানি লৈছে।ৰাম মন্দিৰক লৈ সুখী ১২.৯% ,বিমুদ্ৰাকৰণক লৈ সুখী ৪ ৬%,৩৭০ অনুচ্ছেদ উঠাই দিয়াক লৈ সুখী ১১%, মহাৰাষ্ট্ৰৰ জনতাই ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ বাবে কোনটো দলক নিৰ্বাচন কৰিব-এইটো আছিল আন এটা প্ৰশ্ন।বিজেপিয়ে এই সমীক্ষাত ৩৩. ৮% সমৰ্থন লাভ কৰাৰ বিপৰীতে একনাথ সিন্দেৰ শিৱসেনাই ৫.৫% !কংগ্ৰেছে ১৯.৯%,NCP এ ১৫.৩% উদ্ধৱ থাকৰে গোটে ১২.৫ সমৰ্থন লাভ কৰিছে।এক কথাত NDA এ লাভ কৰিছে ৩৯.৩% লোকৰ সমৰ্থন আৰু তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৪৭.৭% লোকৰ সমৰ্থন।
মুঠ কথাত মহাৰাষ্ট্ৰতো জনতাই বিচাৰিছে বিজেপি সমৰ্থিত চৰকাৰৰ বিপৰীতে কংগ্ৰেছৰ চৰকাৰ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.