বিকানীৰ – গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্থ : নিহত ৯ , আহত ৩৬

Share This Article

পশ্চিমবংগৰ জলপাইগুৰিত সংঘটিত ভয়ানক ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুৰ্ঘটনাস্থলীত পুণৰ দুটা মৃতদেহ উদ্ধাৰ হয় ৷ ৩৬ গৰাকী আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি জলপাইগুৰিত বিকানীৰ – গুৱাহাটী এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্থ হৈছিল ৷ এই দুৰ্ঘটনাত কেবাটাও দবা লাইনচ্যুত হয় ৷ ফলত ৯ গৰাকী লোক নিহত হোৱাৰ উপৰি আন কেবাগৰাকীও আহত হয় ৷ আহতসকলক উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী আশ্বিনী বৈষ্ণৱ ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.