বাৰাণসীত বিজেপিৰ বিৰুদ্ধে বিজেপি !

Share This Article

প্ৰধানমন্ত্ৰীৰ প্ৰতিন্দন্দ্বী হ’ব সুব্ৰমণিয়াম স্বামী !শনিৰ ৰোষত পৰিছে নেকি নৰেন্দ্ৰ মোডী?সঁচাকৈয়ে বিকল হ’ল নেকি মোডীৰ ৰথৰ চকা?

কৰ্ণাটকৰ নিৰ্বাচনে ভালকৈয়ে এশিকনি দিলে বিজেপিক।কৰ্ণাটকৰ নিৰ্বাচনৰ পাছৰেপৰাই বিজেপিয়ে দলটোক পুনৰ ২০২৪ ত কেন্দ্ৰত ক্ষমতাত বহুৱাবলৈ প্ৰতিখন ৰাজ্যতেই তৎপৰতা আৰম্ভ কৰিছে।যিমানেই তৎপৰতা বাঢ়িছে বিজেপিৰ সিমানেই যেন বিপদে লগ নেৰা হৈছে যেন দলটোক।কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিয়ে প্ৰধানমন্ত্ৰীক সেনাপতি হিচাপে লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। ১৯ খন নিৰ্বাচনী ৰেলী, প্ৰায় ৪০ ৰো অধিক নিৰ্বাচনী সমাৱেশত ভাগ লৈয়ো এক তৃতীয়াংশ আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল বিজেপি ৷২২৪ খন আসনৰ মাত্ৰ ৬৬ খন আসনত ৰৈ গ’ল মোডীৰ বিজয় ৰথৰ চকা !বোকাত সোমাই লুতুৰিপুতুৰি হ’ল পদুম।কৰ্ণাটকৰ পৰাজয়ৰ পিছত সমগ্ৰ ভাৰততে ‘মোডী মেজিক’ বিফল হোৱা বুলি ধ্বনিত হ’ল, লগেলগেই বিজেপিয়ে সংসদ ভৱন উদ্বোধন কাৰ্যসূচীৰ জৰিয়তে মোডীক অতিমানৱ হিচাপে প্ৰতিষ্ঠা চলোৱা আৰম্ভ কৰিছে।পুৰোহিতৰ তন্ত্ৰমন্ত্ৰৰ মাজত প্ৰধানমন্ত্ৰীয়ে যেন ৰাজদণ্ডহে হাতত তুলি ল’লে -এনে এক ধাৰণাই বিয়পাব বিচাৰিছে বিজেপিয়ে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত দেশৰ বহু কেইটা সংসদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধেই প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াবলৈ সাজু হৈছে দলটোৰে একাংশ নেতা।এই নেতা সকলৰ আচাৰ-আচৰণে শেহতীয়াকৈ এই সম্ভাৱনা প্ৰকট কৰি তুলিছে ।প্ৰাক্তন সাংসদ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে এইবাৰ বাৰাণসীত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ হুংকাৰ দিছে।উল্লেখ্য যে বাৰাণসীৰ পৰা প্ৰতিন্দন্দ্বিতা
আগবঢ়ায়ে প্ৰধানমন্ত্ৰী মোডী সংসদলৈ নিৰ্বাচিত হৈছিল।কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিনিধিত্ব কৰা বাৰাণসী সমষ্টিতো এইবাৰ চকু পৰিছে প্ৰাক্তন বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ।

উল্লেখ্য যে ৰাজ্যসভা আৰু লোকসভাত মুঠ ৬ বাৰকৈ বিজেপি দলক প্ৰতিনিধিত্ব কৰিছে দলটোৰ নেতা সুব্ৰমণিয়াম স্বামীয়ে।
অৱশ্যে সুব্ৰমণিয়াম স্বামী প্ৰধানমন্ত্ৰী মোডীৰ তীক্ষ্ণ সমালোচক বুলি সকলোৱে জানে ,সেয়ে হয়তো বিষয়টো গুৰুত্ব সহকাৰে নল’ব।কিন্তু বিজেপিত যে বিসম্বাদ স্পষ্ট ৰূপত ধৰা দিছে দেশৰ বিভিন্ন প্ৰান্তত সেই কথা নিশ্চিত।মধ্যপ্ৰদেশ,মণিপুৰ,তেলেংগানা,ত্ৰিপুৰা -প্ৰায় প্ৰতিখন ৰাজ্যতেই ভয়ংকৰ বিসম্বাদৰ সন্মুখীন হৈছে বিজেপি।তাৰ মাজতে সুব্ৰমণিয়াম স্বামীৰ এই ঘোষণাই পুনৰবাৰ হতবাক কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক !২০২৪ চনতহে অৱশ্যে ক’ৰ পানী ক’লৈ যায় সেয়া স্পষ্ট হ’ব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.