বসুন্ধৰাই যদি এৰে দল,বিজেপি ৰাজস্থানত ৰসাতলে গ’ল !

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক লৈ ভয়ংকৰ সংকটত পৰিছে বিজেপি ।যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে ।  দলটোৱে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ  । ৰাজস্থান বিধানসভাৰ বাবে বিজেপিয়ে সোমবাৰে ৪১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে যদিও সেই তালিকাত নাম নাই প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ । তাৰ বিপৰীতে পুনৰ ৭ গৰাকী সাংসদক আনি বিধায়ক পাতিব খুজিছে বিজেপিয়ে৷। ৰাজস্থানত বসুন্ধৰা ৰাজেৰ নাম এতিয়ালৈকে ঘোষণা নোহোৱাৰ বিপৰীতে বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ সকলৰো নাম ইয়াত সন্নিবিষ্ট হোৱা নাই । বসুন্ধৰা ৰাজেৰ অত্যন্ত ঘনিষ্ঠ ৰাজপাল সিং শেখাৱটৰ পৰিবৰ্তে তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টিটোত প্ৰধানমন্ত্ৰী মোডীৰ ঘনিষ্ঠ ৰাজ্যবৰ্ধন সিং ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদান কৰে বিজেপিয়ে । প্ৰাৰ্থিত্ব হেৰুৱাই মানসিকভাৱে ভাঙি পৰা শেখাৱটে আনকি সামাজিক মাধ্যমত ৰাজ্যবৰ্ধন সিং ৰাথোড় কোনো কামৰ মানুহ নহয় বুলিও উল্লেখ কৰিছিল । অৱশ্যে পিছত তেওঁ সেই প’ষ্টটো ডিলিট কৰে । জয়পুৰ ঝুটপাৰা সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰাজপাল সিং শেখাৱটে কয় ‘ জয়পুৰ ঝুটপাৰা সমষ্টিত বিজেপিৰ অবস্থা একেবাৰে শোচনীয় আছিল । বিগত ১৫ বছৰ মই এই সমষ্টিটোত কষ্ট কৰি বিজেপিৰ ভেটি শক্তিশালী কৰিছিলোঁ । কিন্তু মোৰেই টিকট কাটি দিলে ।’
ঠিক সেইদৰে আজমীৰ কিষানগঞ্জত প্ৰাৰ্থিত্ব লাভ নকৰিলে বিকাশ চৌধুৰীয়ে । বিকাশ চৌধুৰীৰ পৰিবৰ্তে প্ৰাৰ্থিত্ব লাভ কৰে ভাগীধৰ চৌধুৰীয়ে । প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ বিকাশ চৌধুৰীয়ে কান্দি কান্দি কয় ‘ দলৰ কাৰণে ইমান কাম কৰাৰ পিছতো মোক দলে ৰাজনৈতিক ভাৱে হত্যা কৰিলে । ’আন এগৰাকী বসুন্ধৰা ৰাজেৰ সমৰ্থক নৰপট সিং ৰাজভীৰ পৰিবৰ্তে প্ৰাৰ্থিত্ব লাভ কৰিলে সাংসদ দিয়া কুমাৰীয়ে ।জয়পুৰ বিদ্যাঘৰ সমষ্টিৰ ২ বাৰৰ বিধায়ক অনিতা সিং গুজ্জৰে কয় যে কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ ঘনিষ্ঠ হোৱাৰ বাবেই তেওঁক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ’ল।তেওঁ কয় ‘ মই এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিন্দন্দ্বিতা কৰিম । ‘বসুন্ধৰা ৰাজেই ইতিমধ্যে তেওঁৰ এগৰাকীও ঘনিষ্ঠই প্ৰাৰ্থিত্ব লাভ নকৰা স্বত্বেও কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । বসুন্ধৰা ৰাজেৰ নীৰৱতাই অধিক চিন্তিত কৰি তুলিছে বিজেপিক । ইপিনে বসুন্ধৰা ৰাজেই তেওঁৰ সামাজিক মাধ্যমৰ প্ৰফাইলৰ বেকগ্ৰাউণ্ড সলনি কৰিছে। আগৰ পদুম ফুল আৰু গেৰুৱা ৰঙৰ ফটো সলাই তাৰ ঠাইত নীলা ৰঙৰ বেকগ্ৰাউণ্ডত নীলা শাড়ী পিন্ধি প্ৰফাইল পিক্সাৰ লগাইছে বসুন্ধৰা ৰাজেই ।বসুন্ধৰা ৰাজে সিন্ধিয়াৰ এক ঘনিষ্ঠ সূত্ৰৰ মতে তেওঁ ৰাজস্থানৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকালৈ ৰৈ আছে । ইতিমধ্যে বসুন্ধৰা ৰাজেৰ সমৰ্থকসকলে সমগ্ৰ ৰাজ্যতে বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়া আৰম্ভ কৰিছে । বসুন্ধৰা ৰাজেই ৰাজপুত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বাবে ঘাইকৈ জাঠ আৰু ৰাজপুতসকল তেওঁৰ সমৰ্থনত ওলাই আহিছে । আনহাতে,ৰাজ্যখনৰ মুঠ ৭০ টা সমষ্টিত আছে ৰাজপুত সম্প্ৰদায়ৰ প্ৰভুত্ব ।সেয়ে বিজেপিয়ে বুজি উঠিছে যে বসুন্ধৰা ৰাজেক বিমুখ কৰা মানে এই ৭০ টা সমষ্টিত বিজেপিৰ ভেটি উচন হোৱা ।এবিপি নিউজৰ ফালৰ পৰা চলোৱা চি ভোটাৰ চাৰ্ভেত ৰাজস্থানৰ মুখ্যমন্ত্ৰী সম্পৰ্কতো প্ৰকাশ পাইছে তথ্য৷চি ভোটাৰ চা ৰ্ভে অনুসৰি বসুন্ধৰা ৰাজেক ২২% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে গেহলটক ৩৪% লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে । আনহাতে,শচীন পাইলটক ১৮% ই আৰু গজেন্দ্ৰ সিং শেখাৱটক ১০% ই বিচাৰে মুখ্যমন্ত্ৰী হিচাপে । প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় ৰাজ্যবৰ্ধন সিং ৰাথোৰক মাত্ৰ ৭% লোকেহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে । চি ভোটাৰ চাৰ্ভেত এটা কথা স্পষ্ট যে যিকোনো কাৰণতে বিজেপি জয়ী হ’লে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বসুন্ধৰা ৰাজে সিন্ধিয়াকহে বিচাৰে ৰাজস্থানৰ জনতাই ।  কিন্তু বসুন্ধৰা ৰাজেৰ শেহতীয়া মৌনতা বিজেপি নেতৃত্বৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে । দ্বিতীয় প্ৰাৰ্থী তালিকা ওলালেই বসুন্ধৰা ৰাজে সিন্ধিয়াৰ ক্ষোভে কি ৰূপ লয় তাৰ কোনো ধাৰণাই কৰিব পৰা নাই বিজেপিয়ে । কিন্তু বসুন্ধৰাৰ মৌনতা ,সামাজিক মাধ্যমৰ শেহতীয়া স্থিতিৰ পৰা এটা কথা স্পষ্ট যে মনে মনে নাথাকে বসুন্ধৰা ৰাজে !

Leave a Reply

Your email address will not be published. Required fields are marked *