বলেৰে নহয়,চলেৰে ইউক্ৰেইন দখল কৰিব নেকি ৰাছিয়াই?

Share This Article

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷মংগলবাৰে ইউক্ৰেইন সীমান্ত আগুৰি ধৰিছিল ৰাছিয়াই৷ৰাছিয়াৰ বিশাল সৈন্য বাহিনী,যুদ্ধ টেংকাৰ আৰু যুদ্ধ অস্ত্ৰ ইউক্ৰেইন সীমান্তত দেখা পোৱা গৈছিল চেটেলাইত ইমেজত৷
ৰাছিয়াৰ আক্ৰমণ নিশ্চিত হৈ পৰাত ইউক্ৰেইন ত্যাগ কৰিবলৈ নিজ দেশৰ নাগৰিকক আহ্বান জনাইছিল ভাৰতকে ধৰি বিশ্বৰ ২০ খনৰো অধিক ৰাষ্ট্র্ই৷তীব্ৰ আশংকা আৰু উত্তেজনাৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আৰম্ভ কৰিলে চাইবাৰ আক্ৰমণ৷ইতিমধ্যে হেক কৰা হৈছে ইউক্ৰেইন চৰকাৰৰ ১০ টা গুৰুত্বপূর্ণ ৱেবছাইট৷ইউক্ৰেইন চৰকাৰৰ ঘোষণা অনুসৰি,দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়,সৈন্য বাহিনী আৰু দুটাকৈ চৰকাৰী বেংকৰ ৱেবচাইত চলিছে চাইবাৰ আক্ৰমণ৷ইউক্ৰেইনৰ দাবী,এই আক্ৰমনৰ আৰত আছে ৰাছিয়া৷
ইউক্ৰেইনৰ ওপৰত চলা চাইবাৰ আক্ৰমণৰ পিছতেই ৰাছিয়াক সকিয়নি প্ৰদান কৰিছে আমেৰিকাই৷আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ হুংকাৰ,যদি আমাৰ বন্ধুৰ ওপৰত ৰাছিয়াই আক্ৰমণ সংঘটিত কৰিছে,তেন্তে প্ৰত্তুত্যৰৰ বাবে সাজু হওক ৰাছিয়া৷ইয়াৰ পূর্বেও ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত থাকিবলৈ ৰাছিয়াক সকিয়নি প্ৰদান কৰিছিল আমেৰিকাই৷
উল্লেখনীয় যে ৰাছিয়া আৰু ইউক্ৰেইন দুখন সীমান্তবর্তী ৰাষ্ট্ৰ৷ৰাছিয়াৰ পিছতেই ইউক্ৰেইন হৈছে পূব ইউৰোপৰ দ্বিতীয়খন সর্ববৃহৎ ৰাষ্ট্ৰ৷পুটিনে ইতিমধ্যে ইউৰোপিয়ান ইউনিয়ন আৰু নাটোৰ ৰাছিয়া সীমান্তলৈ সাংগঠনিক বিস্তাৰৰ বিৰোধিতা কৰি আহিছে৷ৰাছিয়াই ইউক্ৰেইনক যাতে নাটো আৰু ইউৰোপিয়ান ইউনিয়নৰ অন্তভুক্ত কৰা নহয়,তাৰ গেৰান্টি বিচাৰি আহিছে৷কিন্তু ৰাছিয়াৰ সেই দাবী প্ৰত্যাখ্যান কৰি আহিছে আমেৰিকাকে আদি কৰি অন্যান্য ইউৰোপীয় ৰাষ্ট্ৰ সমূহে৷আনহাতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে,ইউৰোপীয় ৰাষ্ট্ৰসমূহে তাৰ উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়নি প্ৰদান কৰিছে৷উল্লেখযোগ্য যে,শেহতীয়াকৈ ইউক্ৰেইন চৰকাৰে,২০২৪ চনত ইউৰোপিয়ান ইউনিয়নৰ সদস্যপদৰ বাবে আবেদন জনাম বুলি ঘোষনা কৰিছিল৷সমান্তাৰাভাবে নাটোৰ অংশীদাৰ হোৱাৰো ইচ্চ্যা ব্যক্ত কৰিছিল ইউক্ৰেইনে৷
উল্লেখনীয় যে ইয়াৰ পূর্বেও ইউক্ৰেইনৰ ৭০ টা ৱেবচাইটৰ ওপৰত চলিছিল চাইবাৰ আক্ৰমণ৷সেই আক্ৰমণৰ বাবে ইউক্ৰেইনে জগৰীয়া কৰিছিল ৰাছিয়াকেই৷কিন্তু ৰাছিয়াৰ আক্ৰমণ একপ্ৰকাৰে নিশ্চিত হৈ থকাৰ মাজতে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবচাইটৰ ওপৰত চলা চাইবাৰ আক্ৰমনে যুদ্ধৰ আশংকা অধিক বৃদ্ধি কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.