বংশ বৃদ্ধি দূৰৰে কথা,চিতা গৈ চিতাতহে উঠিল !

Share This Article

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত দ্বিতীয়টোৰ মৃত্যু হয় দেওবাৰে।চিতাটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।বিগত মাৰ্চ মাহতো এটা চিতাৰ মৃত্যু হৈছিল।ৱাইল্ড লাইফ ৱাৰ্ডেন জে এছ চৌহানে হিন্দুস্তান টাইমছক জনোৱা অনুসৰি ‘ ৱাইল্ড লাইফৰ চিকিৎসকৰ দলে চিতাটোৰ স্বাস্থ্য পৰীক্ষা কৰি জানিব পাৰিছিল যে চিতাটো ৰোগাক্ৰান্ত হৈ আছে।চিকিৎসক আৰু চিতা বিশেষজ্ঞ সকলে চিতাটোক অকলশৰীয়া কৈ ৰখাৰ যোজা চলাই থাকোতেই ইয়াৰ মৃত্যু হয়।দৈনিক স্বাস্থ্য পৰীক্ষাৰ সময়ত উদয়ক এক ভাগৰুৱা অৱস্থাত দেখা গৈছিল।যেতিয়া বন বিশেষজ্ঞৰ এটা দলে তাৰ কাষলৈ গৈ মাত দিছিল তেতিয়াহে সি অলপ গাটো লৰচৰ কৰিছিল৷দুঘণ্টাৰ পিছত বাঘটো সংজ্ঞাহীন হৈ পৰে আৰু তাক আন স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হয়।বাঘটোৰ নাম আছিল উদয়।চৌহানে কয় ‘উদয়ৰ চিকিৎসা চলি থকা অৱস্থাতে ৪ টা বজাত মৃত্যুক সাৱটি লয়’।

দক্ষিণ আফ্ৰিকাৰ চিতা বিশেষজ্ঞ ভিনচেণ্ট ভেন ডেৰ মেৰৱেৰ মতে উদয় যথেষ্ট চাপত আছিল।আন ১১ টা চিতা বাঘৰ দৰে উদয় আছিল বনৰীয়া চিতা।২০২২চনৰ জুলাই মাহলৈকে বাঘটো সুস্থ অৱস্থাত আছিল৷প্ৰায় ১০ মাহ বন্দীত্বৰ জীৱন কটোৱাৰ পিছত বাঘটোৱে ইয়াৰ সুস্থ অৱস্থা হেৰুৱালে।একেলেথাৰিয়ে বহুত দিন বন্দী হৈ থকা বাবে অসুস্থ হ’ল বাঘটো৷চিতা বাঘ কেইটা জংঘলত এৰি দিয়া উচিত৷কাৰণ পিঞ্জৰাৰ ভিতৰত ইহঁত অসুস্থ হৈছে।’

২০২২চনৰ ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ দিনা এক মহা আড়ম্বৰপূৰ্ণ পৰিৱেশত এই চিতা বাঘ কেইটা কন’ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হৈছিল।উল্লেখ্য যে এই চিতা বাঘ কেইটা নামিবিয়াৰ পৰা কুন’লৈ অনাৰ বাবদ মুঠ ৭৫ কোটি ধন ব্যয় হৈছিল। প্ৰায় ৭০ বছৰ পাছত প্ৰথম বাৰৰ বাবে চিতাৰ প্ৰৱেশ ঘটিছে ভাৰতত।ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে ইয়াৰ সামাজিক দায়বদ্ধতাৰ পুঁজিৰ পৰা এই চিতাৰ বাবে ৫০ কোটি ব্যয় বহন কৰিছে।নেশ্যনেল টাইগাৰ কনজাৰভেশ্বন অথৰিটি আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ মাজত চিতা সংৰক্ষণৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল।সেই চুক্তি অনুসৰি মুঠ ব্যয়ৰ তিনিটা অংশৰ দুটা অংশৰ ব্যয় অইল কৰপৰেশ্যনে আৰু বাকী ৰোৱা অংশ চৰকাৰে বহন কৰাৰ কথা আছিল।নামিবিয়াৰ পৰা চাৰ্টাড কাৰ্গো বয়িং 747 বিমানেৰে অনা হৈছিল এই চিতা বাঘ কেইটা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.