পৰিৱেশ দিৱসৰ দিনা কেন্দ্ৰৰ নতুন কাৰ্যক্ৰমঃ ‘হ্ৰাস কৰিব লাগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ’

Share This Article

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ২০০টাকৈ কৰ্প’ৰেশ্যন আৰু নগৰত ‘নগৰ ভান’ বা ‘নগৰ অৰণ্য’ উন্মোচন কাৰ্যসূচী গ্ৰহণ কৰে। নগৰ সমূহত বৰ্তমানে যথেষ্ট পৰিমাণে পৰিৱেশ বিনষ্ট হৈ আহিছে। তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নগৰাঞ্চলত পৰিৱেশ সুৰক্ষা দিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। ক’ৰোনা মহামাৰীৰ এনে পৰিস্থিতিত ‘প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্য’ থিম শীৰ্ষক নামেৰে এই নগৰ অৰণ্যৰ শুভাৰম্ভ কৰে। লগতে তেওঁ জনসাধাৰণক অংশগ্ৰহণ কৰি নিজৰ নিজৰ নগৰসমূহত বন সংৰক্ষণ কাৰ্যৰ সৈতে জৰিত হ’বলৈ আহ্বান জনাইছে। তেওঁ কয়- “আমাৰ জীৱনশৈলী প্ৰকৃতিৰ সৈতে জৰিত। গ্ৰামাঞ্চলত বনাঞ্চল আছে যদিও নগৰাঞ্চলত ইয়াৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে নাই। সেয়ে আমি আজি ২০০ কৰ্পৰেশ্যনৰ সৈতে নগৰ ভেন প্ৰগ্ৰেম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। নগৰৰ বনাঞ্চল নগৰৰ বাবে হাঁওফাঁও স্বৰূপ। মই অনুৰোধ জনাইছো যে সকলোৱে মিলিত হৈ কাম কৰিব লাগে আৰু এটা বিপ্লৱৰ সূচনা কৰিব লাগে। এই যাত্ৰাত অংশগ্ৰহণ কৰি সফল হোৱাসকলক আমি পুৰস্কৃত কৰিম। বৃক্ষৰোপন আৰু ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব লাগে যিহেতু অক্সজেনৰ টেংকৰ দৰে কাম কৰে।”
অনুষ্ঠানত মন্ত্ৰী বাবুল সুপ্ৰিয় উপস্থিত থাকি জনায় যে এইবছৰত কেন্দ্ৰীয় চৰকাৰে ১৪৫ কোটি বৃক্ষৰোপন কৰাৰ পৰিকল্পনা কৰিছে।তেওঁ কয়- “বন ৰক্ষা তথা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগে। ধৰিত্ৰী আৰু প্ৰকৃতিয়ে এনে সংকেত দিছে, যাক আমি উপেক্ষা কৰিব নালাগে।” লগতে তেওঁ ইয়াকো কয় যে প্ৰকৃতিৰ প্ৰতি সকলোৱে যদি দায়িত্বশীল হওঁ তেন্তে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা যাব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.