প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Share This Article

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি স্থায়ী চাকৰি হেৰুৱাইছে। কোনোবাই বছৰ বছৰ ধৰি খাটি থকা অস্থায়ী চাকৰি হেৰুৱাই অৰ্থনৈতিক সংকট ত ভুগিছে।এতিয়া এই সংকটৰ সময়তেই গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই লৈছে এক সিদ্ধান্ত। বিশ্ববিদ্যালয় কতৃপক্ষই অৰ্থ সংকট সৃষ্টি কৰাৰ অজুহাতত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত বছৰ বছৰ ধৰি কাম কৰা দুই শতাধিক কৰ্মচাৰী ক কামৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে এই কৰ্মী সকলে ১৮/১৯ বছৰ ধৰি বিশ্ববিদ্যালয়ত কাম কৰি আছিল। সাধাৰণতে এই কৰ্মচাৰীসকলে দৈনিক হাজিৰা ভিত্তিত নিয়োজিত হয় আৰু ২/৩ বছৰ পাছত তেওঁলোক স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্ত হয়। কিন্তু এই কৰ্মচাৰীসকলে ১৮ বছৰ ধৰি চাকৰি স্থায়ী হোৱাৰ আশাত বিশ্ববিদ্যালয়ত খাটি থকাৰ পাছতো তেওঁলোকৰ চাকৰি স্থায়ী নহল। ওলোটাই বিশ্ববিদ্যালয় কতৃপক্ষই কামৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত ই সকলো কৰ্মচাৰী কে মৰ্মাহত কৰি তুলিছে। এই সংকটৰ সময়ত কি কৰি নিজৰ পৰিয়াল পোহ পাল দিব এই দুই শতাধিক কৰ্মচাৰীয়ে? অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈ একো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau