প্ৰস্ৰাৱে জ্বলাইছে বিজেপি নেতাক !

Share This Article

বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ অৱস্থা দেশৰ প্ৰায়বোৰ ৰাজ্যতে তথৈবচ।এফালে যদি ক’ৰবাত বিসম্বাদৰ জুয়ে দহিছে, আনফালে কোনোবা জ্যেষ্ঠ কৰ্মীয়ে এৰিছে দল।তাৰমাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি আন কিছুমান সমস্যা।শেহতীয়াকৈ মধ্য প্ৰদেশত ঘটিল এক অভাৱনীয় ঘটনা।সকলো ফালৰ পৰা হতাশাত ভোগা দলটোক দলৰ কৰ্মীৰ এক কাণ্ডই অনাহুত বিতৰ্কৰ মাজলৈ ঠেলি দিলে।মধ্য প্ৰদেশৰ বিজেপি কৰ্মী প্ৰভেশ শুক্লাই সংঘটিত কৰিলে এক ভয়ানক কাণ্ড।প্ৰভেশ শুক্লাই এগৰাকী জনজাতীয় শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰাৰ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছিল।এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিজেপিত লাগিছিল হাহাকাৰ।বিজেপিৰ জনজাতি বিৰোধী স্থিতি শক্তিশালী ৰূপত ধৰা পৰিছিল।উচ্চ বৰ্ণক লৈহে যে বিজেপিয়ে ৰাজনীতি কৰে সেয়া স্পষ্ট হৈ পৰিছিল।ইফালে ৰাজ্যখনত অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে।ইতিমধ্যে শাসক দলটোৰ বিৰুদ্ধে দুৰ্নীতি,স্বজনপ্ৰীতিৰ অভিযোগ আছে৷তাতে আকৌ গেলাত টেঙা দিয়া দি ওপৰতে পৰিলহি এই প্ৰস্ৰাৱ বিতৰ্ক ।প্ৰস্ৰাৱ কাণ্ড সংঘটিত কৰা বিজেপি কৰ্মীজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।তেওঁৰ ঘৰো ইতিমধ্যে বুলডজাৰ লগাই ভাঙি পেলাইছে প্ৰশাসনে।এই প্ৰস্ৰাৱৰ জ্বলনৰ পৰা মুুক্তি পাবলৈ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনজাতীয় শ্ৰমিক জনক নিজৰ বাসগৃহত ভৰি ধুৱাই দিয়ে।মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টত সেই ফুটেজ শ্বেয়াৰ কৰি দাসমত ৰাৱট নামৰ ব্যক্তিজনৰ ওচৰত ক্ষমাও বিচাৰে।তেওঁ লগতে কয় ‘ দৰিদ্ৰৰ গাত ভগৱান আছে আৰু মানুহ মাত্ৰেই ভগৱান।মই বিশ্বাস কৰোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ গাত ভগৱান থাকে।দাসমত ৰাৱটৰ ক্ষেত্ৰত সংঘটিত এই কাণ্ডক লৈ মই বৰ দুঃখিত।দৰিদ্ৰ সকলে সদায় সন্মান আৰু নিৰাপত্তা লাভ কৰা উচিত।প্ৰভেজ শুক্লাৰ বিৰুদ্ধে ২৯৪, ৫০৪ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে।তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো গোচৰ ৰুজু হৈছে।বিজেপিৰ সদস্য হ’লে সাত খুন মাফ কৰাৰ পৰম্পৰা ৰক্ষা কৰিব নোৱাৰিলে প্ৰভেজৰ ক্ষেত্ৰত।কিয়নো মধ্যপ্ৰদেশ নিৰ্বাচনৰ আগত জনজাতীয় লোকক হেয় প্ৰতিপন্ন কৰি নিজৰ ভোট হেৰুৱাব খোজা নাই বিজেপিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.