সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ বাতিল ৰে’লৰ চলাচল

দেশত ক’ৰোনাৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল পুণৰ বাতিল কৰিছে ৰে’ল বিভাগে৷ অহা ৩০ জুনলৈকে কোনো যাত্ৰীবাহী ৰে’ল নচলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য যে ,যোৱা ১২ মে’ৰ পৰা আৰম্ভ হৈছিল ১৫ খন বিশেষ ৰে’লৰ চলাচল৷ কিন্তু এই ৰে’লকেইখন বাদ দি অন্য ৰে’ল চলাচল কৰাৰ ক্ষেত্ৰত বহুকেইখন ৰাজ্যই ইয়াৰ তীব্ৰ বিৰোধিতা কৰাত ৰে’ল চলাচল বাতিল কৰে কেন্দ্ৰীয় চৰকাৰে৷ চলিবলগীয়া ৰে’লত যিসমূহ যাত্ৰীয়ে টিকট বুক কৰিছিল তেওঁলোকৰ টিকটৰ ধন ঘূৰাই দিয়া হ’ব বুলি বিভাগটোৰ ফালৰ পৰা জনোৱা হৈছে৷ অৱশ্যে বিশেষ আৰু শ্ৰমিক স্পেচিয়েল ৰে’লৰ চলাচল অব্যাহত থাকিব৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.