পুনৰ ছুপ্ৰিম কৰ্টৰ ৰোষত মোডী চৰকাৰ !

Share This Article

ED ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰক পুনৰ একেটা পদবীতে ৰাখি থকা বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে।সঞ্জয় কুমাৰ মিশ্ৰক কেন্দ্ৰীয় চৰকাৰে ‘ অপৰিহাৰ্য’ বুলি কিয় বিবেচনা কৰি আহিছে বুলি প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।ন্যায়াধীশ বি আৰ গাভাই,ন্যায়াধীশ বিক্ৰম নাথ,ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠৰ সন্মুখত চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জনাই যে বৰ্তমানৰ সঞ্চালকগৰাকীৰ EDৰ কাৰ্যালয়ত প্ৰয়োজন আছে কিয়নো প্ৰিভেনশ্যন অব মানি লণ্ডাৰিং এক্টৰ অধীনত ভাৰতে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চে প্ৰশ্ন কৰিব।ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চৰ এটা গোটে শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰাৰ কথা।তুষাৰ মেহতাক কোনেও ‘মৰমত’ ৰখা নাই৷কিন্তু এইটো সময়ৰ আহ্বান৷তুষাৰ মেহতাই কয় ‘ পুনৰীক্ষণ সমিতি শীঘ্ৰেই ভাৰতলৈ অহাৰ কথা সেই সমিতিয়ে দিয়া ৰিপৰ্ট দেশৰ বাবে অত্যন্ত জৰুৰী।ইয়াৰ লগত দেশৰ ঋণৰ কথাটো জড়িত হৈ আছে।আমি নতুন কোনো মানুহক ফাইনেচঞ্চিয়েল টাস্ক ফৰ্চৰ লগত জড়িত কৰিব বিচৰা নাই।’

ন্যায়ালয়ে উভতি ধৰিছে চৰকাৰক !মিশ্ৰৰ বাহিৰে আন কোনো যোগ্য ব্যক্তি নাই নেকি দেশত?কিয় বাৰে বাৰে একেজন মানুহকে এই পদবীত ৰখা হয়?কোনো মানুহেই অপৰিহাৰ্য নহয় !উচ্চতম ন্যায়ালয়ক ইয়াৰ উত্তৰত তুষাৰ মেহতাই কয় যে মিশ্ৰ অপৰিহাৰ্য নহয়।তদানীন্তন প্ৰধানমন্ত্ৰীয়েই নহয়,মহাত্মা গান্ধীৰ দৰে লোকক হত্যা কৰাৰ পিছতো দেশ চলি আছিল।কিন্তু যিজন মানুহ এই বিশেষ কামটোৰ লগত জড়িত আছিল,তেওঁকেই দায়িত্ব দিয়া বাবেহে এনেদৰে তেওঁক একেটা পদবীত বাহাল ৰখাৰ সিদ্ধান্ত লৈছে।উল্লেখ্য যে ২০২১ চনৰ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ED ৰ সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি সম্পৰ্কত প্ৰশ্ন কৰিছিল।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে EDৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাবোৰ চৰকাৰে নিজৰ খেয়াল খুচিমতে বিৰোধীৰ ওপৰত প্ৰয়োগ কৰি আছে।তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে সমগ্ৰ দেশৰ প্ৰায় ৩০০০ ৰৰো অধিক বিজেপি বিধায়ক তথা বিজেপিৰ মুঠ দুয়োখন সদনৰ ৪০০ সাংসদৰ ওপৰত ED,CBI ৰ দৰে সংস্থাবোৰে কোনোধৰণৰ তদন্ত চলোৱা নাই৷কিন্তু তাৰ বিপৰীতে প্ৰতিটো বিৰোধী দলৰ বিধায়কেই ED,CBI ৰ ৰোষত পৰিছে।ইয়াৰ পৰাই চৰকাৰে এই সংস্থাবোৰক উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰি অহাটো স্পষ্ট হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.