পুনৰ চক্ৰবেহুত ৰাহুল,কি হ’ব ৰাহুল গান্ধীৰ ?

Share This Article

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা মাহ।এই চাৰিটা মাহ শাসক দল বিজেপি আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময় । এইখিনি সময়তেই জনতাৰ কাষ চাপিব লাগিব শাসক -বিৰোধী৷৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনকলৈ বিজেপি আত্মবিশ্বাসী নহয়।ৰাজস্থানক বাদ দি কোনো ৰাজ্যতেই নিৰ্বাচন জয়ৰ আশা দেখা নাই বিজেপিয়ে।ইফালে বিজেপিৰ বাবে শেহতীয়াকৈ মূৰৰ কামোৰণি হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী।বিজেপিয়ে এটা কথা উপলব্ধি কৰিছে অনাগত ৪ টা মাহ এনেদৰেই যদি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে জনতাৰ মাজত মত বিনিময় কৰি জনতাৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে বিজেপিয়ে ২০২৪ চনত দেশৰ শাসনৰ বাঘজৰী হেৰুওৱাটো নিশ্চিত। সেয়ে বিজেপিয়ে ৰাজনীতিৰ যুদ্ধক্ষেত্ৰ খনৰ পৰা ৰাহুল গান্ধীক একাষৰীয়া কৰাৰ চেলু বিচাৰি আছিল।শেহতীয়াকৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে জাননী প্ৰেৰণ কৰিছে৷ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ হ’ল তেওঁ নিৰ্বাচনী জনসভাত প্ৰধানমন্ত্ৰী মোডীক উদ্দেশ্যি পন’টী শব্দটো ব্যৱহাৰ কৰিলে।এই পন’টী শব্দৰ জৰিয়তে ৰাহুল গান্ধীয়ে ৱৰ্ল্ডকাপত কোনো কুলক্ষণীয়া লোক উপস্থিত থকা বুলি বুজাব খুজিছিল।এই কথাতেই ৰাহুল গান্ধীৰ ওপৰত নিৰ্বাচন আয়োগ খড়গহস্ত হ’ল।কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল প’নটী শব্দটো ৰাহুল গান্ধীয়েই প্ৰথম বাৰ ব্যৱহাৰ কৰা নাছিল।সেই শব্দটো ২৪ ঘণ্টাতেই ফাইনেল খেলৰ আগদিনা ১ কোটি ৯০ লাখ বাৰ টুইটাৰ,ইনষ্টাগ্ৰামত টাইপ কৰা হৈছিল।চূড়ান্ত খেলত প্ৰধানমন্ত্ৰী মোডী উপস্থিত থাকিব বুলি বাতৰি ওলোৱাৰ পিছৰ পৰাই সামাজিক মাধ্যমত পন’টী নগ’লেই ভাল হ’ব,পন’টীৰ উপস্থিতিয়ে হৰুৱাব আদি মন্তব্য কৰিছিল।কিন্তু পন’টী শব্দটো যিহেতু মুখে মুখে চলি অহা শব্দ ই অসাংবিধানিক শব্দ নহয়৷ই অশ্লীল শব্দও নহয়।সেয়ে ইয়াৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি৷কিন্তু নিৰ্বাচন আয়োগে নিৰ্বাচনী জনসভাত দেশৰ প্ৰধানমন্ত্ৰীক হেয় কৰাৰ অভিযোগত ৰাহুল গান্ধীলৈ জাননী জাৰি কৰিছিল।কিন্তু সেই একে নিৰ্বাচন আয়োগেই আকৌ প্ৰধানমন্ত্ৰীয়ে পদুমত টিপি বিৰোধীক ফাঁচী দিয়া,মুৰ্খৰ চৰ্দাৰ বুলি কোৱা মন্তব্যত কোনো আপত্তি দৰ্শোৱা নাই।আনকি নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে আঁচনি ঘোষণা কৰা বিষয়টোতো আপত্তি নাই নিৰ্বাচন আয়োগৰ।ইয়াৰ পৰাই নিৰ্বাচন আয়োগ যে নিৰপেক্ষ নহয়,তাৰ অনুমান কৰিব পাৰি।আনহাতে,ৰাহুল গান্ধীৰ ওপৰত এইবাৰেই প্ৰথম এনে কৌশলী পন্থা বিজেপিয়ে গ্ৰহণ কৰা নাই।ইয়াৰ আগতেও ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত ৰাহুল গান্ধীয়ে সকলো মোডীয়েই চোৰ কিয় হয় বুলি কৰা প্ৰশ্ন কৰিছিল ।ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰোধিতাৰে পূৰ্ণেশ মোডী নামৰ গুজৰাটৰ এগৰাকী বিধায়কে চুৰাট আদালতত গোচৰ তৰিছিল।সেই গোচৰৰ ৰায় ওলাল বিগত ২৩ মাৰ্চত৷লগে লগে ৰাহুল গান্ধীয়ে হেৰুৱালে নিজৰ সাংসদ পদ আৰু চৰকাৰী বাসভৱন।যিটো সময়ত ৰাহুল গান্ধীয়ে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ তথ্যৰ আধাৰত প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কৰ বিষয়ে স্পষ্টীীকৰণ বিচাৰি সংসদ তোলপাৰ লগাই আছিল সেই সময়তে চুৰাট আদালতৰ ৰায়ে ৰাহুল গান্ধীৰ সক্ৰিয়তা স্তিমিত কৰি পেলাইছিল।এইবাৰো ৰাহুল গান্ধীক অভিমণ্যুক চক্ৰবেহুত ঘেৰাৰ দৰেই ঘেৰিব খুজিছে।ইফালে নেশ্যনেল হেৰাল্ড গোচৰত EDএ ৰাহুল গান্ধীহঁতৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.